• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 4, 2022 1:20 pm
Flood in Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বছৰৰ দ্বিতীয়টো বানে ৰাজ্যত সৃষ্টি কৰিলে ভয়াৱহ পৰিস্থিতিৰ। প্ৰলয়ংকাৰী বানে জুৰুলা কৰি তুলিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বৰ্তমান বান পৰিস্থিতি কিছু শাম কাটিলেও কিছু কিছু স্থান এতিয়াও বানত ডুব গৈ আছে। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে এক হাজাৰ কোটি টকা ধাৰ লোৱা বুলি বাতৰি প্ৰকাশ পাইছিল।

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ কিছু দিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সাহায্যৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি অসম চৰকাৰৰ পুঁজি মজুত আছিল বুলি দাবী কৰিছিল।

Apply Now

কিন্তু পৰ্যাপ্ত ধন থকা বুলি দাবী কৰি এতিয়া চৰকাৰে পুনৰ হাজাৰ কোটি টকা ধাৰ লৈ বানপীড়িতক ক্ষতিপূৰণ দিবলৈ সাজু হোৱা চৰকাৰৰ এই মিথ্যাচাৰিতাৰ বাবে কঠোৰ সমালোচনাৰ সৃষ্টি হৈছে। বিজেপি চৰকাৰৰ এই মিথ্যাচাৰিতাৰ বাবে সমালোচনা কৰিছে আঞ্চলিক গণ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি চেতিয়া আৰু ইয়ং আছামৰ আহ্বায়ক সুব্ৰত তালুকদাৰে।

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে বুলি অভিযোগ কৰিছে চেতিয়াই। তেওঁ কয় সাংসদ অজিত ভূঞা সমন্বিতে ভবানীপুৰলৈ যোৱা সঁজাতি দলৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি বিজেপিয়ে এতিয়া সংগতিহীন কথা কৈ আছে।

যদি চৰকাৰৰ হাতত পৰ্যাপ্ত পইচা আছেই তেনেহ’লে পুনৰ ১০০০ কোটি টকা বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ কিয় ধাৰ লব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰণৱ জ্যোতি চেতিয়াই।

চেতিয়াই কয় যে সঁজাতি দলটোৱে ভবানীপুৰ আৰু ৰহাৰ কেইবাটাও শিবিৰ ভ্ৰমণ কৰাৰ সময়ত এই শিবিৰ সমূহত চৰকাৰী নিয়ম অনুসৰি ৰিলিফ পোৱা নাই বুলি অভিযোগ প্ৰমাণিত হৈছিল। আনহাতে বিজেপিয়ে এচি ৰুমৰ পৰা প্ৰেছ মিট পাতি কৈ আছে যে ৰাইজে সাহায্য পাইছে।

ইয়ং আছামৰ আহ্বায়ক সুব্ৰত তালুকদাৰে কয় “আমি নিজ চকুৰে বানাক্ৰান্ত ৰাইজে ৰিলিফ নোপোৱা দেখিছো। বিভিন্ন বাতৰি কাকততো সময়ে সময়ে ৰিলিফ নোপোৱাৰ বাতৰি আহিয়ে আছে।আনহাতে বিজেপিয়ে এচি ৰুমৰ পৰা প্ৰেছ মিট পাতি কৈ আছে যে ৰাইজে সাহায্য পাইছে।”

“বিজেপিয়ে বাৰে বাৰে SDRF পুঁজিৰ কথা কৈ আছে। কিন্তু তেওঁলোকে NDRF পুঁজিৰ কথা কিয় নকয়? চৰকাৰে গোকাট মিছা কথা এটা কৈছে যে SDRF পুঁজি পৰ্যাপ্ত আছে, সেইকাৰণে পুঁজি প্ৰয়োজন হোৱা নাই। তেন্তে ১০০০ কোটি কি কাৰণে ধাৰ লব বিচাৰিছে?”

অসম চৰকাৰলৈ প্ৰশ্ন তুলি সুব্ৰত তালুকদাৰে কয় যে যদি পৰ্যাপ্ত পুঁজি আছেই তেন্তে ২০২০-২১ চনত ২৬৪২ কোটি আৰু ২০২১-২২ চনত ১০১৮ কোটি টকা কেন্দ্রীয় চৰকাৰক কিয় বিচাৰিছে? হাজাৰ হাজাৰ কোটি টকা বিচাৰি যে মাত্র ৫১ কৌটি আৰু ৪৫ কৌটি টকা পাইছে সেই কথাটো কিয় ৰাজহুৱা নকৰে বিজেপিয়ে?

এতিয়া যাতে বিজেপি চৰকাৰ ৰাইজৰ ক্ষোভৰ বলি নহয়, তাৰ বাবে বাধ্যত পৰি ইতিমধ্যেই ১ লাখ ১০ হাজাৰ কোটি ধাৰ লাগি থকা অসম চৰকাৰে পুনৰ ১০০০ কোটি ধাৰ ল’ব বিচাৰিছে বুলিও ইয়ং আছামৰ আহ্বায়কগৰাকীয়ে অভিযোগ কৰে।

অসম চৰকাৰৰ এই ধাৰৰ বোজাও ভৱিষ্যতে ৰাইজৰ মূৰতেই পৰিব বুলি সুব্ৰত তালুকদাৰে ভৱিষ্যতবাণী কৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd