• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পিক পেলাওঁতে সাৱধান হওক মহানগৰবাসী : আপুনি এতিয়া নিৰীক্ষণত আছে, ভৰিব লাগিব জৰিমনা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 10, 2019 8:38 pm

2 min read

পিক পেলাওঁতে সাৱধান হওক মহানগৰবাসী : আপুনি এতিয়া নিৰীক্ষণত আছে, ভৰিব লাগিব জৰিমনা
1.1k
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰে পৰা মহানগৰীৰ ৰাস্তাৰ ডিভাইডাৰ, ৰেলিং, পদপথ আদিত তামোল, গুটখা, পান খাই পিক পেলালে ভৰিব লাগিব জৰিমনা।

উল্লেখযোগ্য যে মহানগৰীৰ ডিভাইডাৰ, ৰেলিং, পদপথ আদিত নতুনকৈ ৰং কৰাৰ পিছ মুহূৰ্ততে একাংশ অসচেতন লোকে তামোল, গুটখা খাই পিক পেলাই লেতেৰা কৰে। কিন্তু এতিয়াৰে পৰা এইসকল লোকক নাকী লগোবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে।

এতিয়াৰে পৰা এইসকল লোক গুৱাহাটী পৌৰ নিগমে নতুনকৈ গঠন কৰি দিয়া ফ্লায়িং স্কোৱাদৰ নজৰত থাকিব। ৰাজহুৱা স্থান, পদপথ ইত্যাদিত পিক পেলালেই জৰিমনা বিহিব ফ্লায়িং স্কোৱাডে।

‘ৰাস্তাৰ কাষত এখন ৱালত পেইন্ট কৰিলে দুই ঘন্টাৰ পাছত ৱালখন পিক পেলাই লেতেৰা কৰে। তামোলৰ পিক পেলোৱাৰ লগতে জধে-মধে লেতেৰা কৰা সকলো ব্যক্তিকে ফাইন কৰা হ’ব।‘ ৯ জুলাইত ফ্লায়িং স্কোৱাড ব্যৱস্থাৰ শুভাৰম্ভণি হোৱাৰ পাছত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এইদৰে সকীয়াই দিয়ে মহানগৰৰ অসচেতন জনসাধাৰণক।

ইয়াৰোপৰি এই সন্দৰ্ভত অহা ১৩ জুলাইৰ পৰা মহানগৰীৰ ৱাৰ্ডসমূহত সজাগতা অভিযান আৰম্ভ কৰিব বুলি জানিবলৈ দি মালাকাৰে কয় ‘মহানগৰীখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ জনসাধাৰণ প্ৰথমতে সজাগ হ’ব লাগিব, তেতিয়া আপুনা-আপুনি মহানগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ উঠিব।‘

আনহাতে অহা ২১ জুলাইৰ ভিতৰত সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন ব্যৱহাৰ কৰিবলৈয়ো নিৰ্দেশ দিয়ে আয়ুক্তগৰাকীয়ে। অনথ্যা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে জৰিমনা বিহিব। তাৰ পাছতো যদি ব্যৱসায়ীসকলে এই নিৰ্দেশনা নামানে তেন্তে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিল কৰিব বুলিও তেওঁ সদৰী কৰে।

মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে নতুনকৈ মেৰামতি কৰা দলঙখনত ৰঙৰ গোন্ধ নৌযাওঁতেই এতিয়া চাৰিওফালে ৰজনীগন্ধা, শিখৰ আৰু তামোলৰ পিক পেলাই লেতেৰা কৰি পেলাইছিল। তাক লৈ চ’ছিয়েল মেডিয়াত ব্যাপক চৰ্চা চলিছিল। এই বিষয়টোকলৈ অসম চৰকাৰৰ জনতাৰ চৰকাৰ অসম নামৰ টুইটাৰ হেণ্ডেলটোৰ পৰা এখন ফটো টুইট কৰাৰ পাছত বিষয়টো ৰাইজৰ মাজত অতি চৰ্চাৰ বিষয় হৈ পৰিছিল।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd