• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমগ্ৰ দেশজুৰি গিগ আৰু প্লেটফৰ্ম কৰ্মীৰ অনলাইন ধৰ্মঘট: ৩ ফেব্ৰুৱাৰীত ৰাজপথত প্ৰতিবাদৰ হুংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 12:22 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিগ এণ্ড প্লেটফৰ্ম চাৰ্ভিচ ৱৰ্কাৰ্ছ ইউনিয়নৰ আহ্বানত সোমবাৰে দেশজুৰি গিগ আৰু প্লেটফৰ্ম কৰ্মীসকলে তেওঁলোকৰ এপসমূহ বন্ধ কৰি এক অনলাইন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্লেটফৰ্ম অৰ্থনীতিত অব্যাহত থকা শোষণ আৰু নিৰাপত্তাহীনতাৰ বিৰুদ্ধে ইউনিয়নটোৱে ঘোষণা কৰা এক ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ এয়া আছিল প্ৰথম পৰ্যায়।

ইউনিয়নটোৱে জনোৱা মতে, এই আন্দোলনৰ পৰৱৰ্তী পৰ্যায় হিচাপে অহা ৩ ফেব্ৰুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত শাৰীৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

Apply Now

GIPSWU-ৰ তথ্য অনুসৰি, এই ‘এপ চুইচ-অফ’ (App Switch-off) কাৰ্যসূচীত টেক্সী সেৱা, খাদ্য আৰু সামগ্ৰী যোগান, ঘৰুৱা সেৱা, সৌন্দৰ্য আৰু সুস্থতা, লজিষ্টিকছ, ই-কমাৰ্চ আৰু ডিজিটেল সেৱাৰ সৈতে জড়িত হাজাৰ হাজাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

ইউনিয়নটোৱে বিশেষভাৱে উল্লেখ কৰিছে যে এই প্ৰতিবাদৰ নেতৃত্ব দিছে মহিলা গিগ আৰু প্লেটফৰ্ম কৰ্মীসকলে। এপ-ভিত্তিক কামৰ ক্ষেত্ৰত মহিলাসকলে সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰা হৈছে। ইউনিয়নটোৰ অভিযোগ অনুসৰি, কৰ্মীসকলে প্ৰায়ে আই ডি ব্লক কৰা, অস্বচ্ছ ৰেটিং ব্যৱস্থা, উপাৰ্জনৰ অনিশ্চয়তা, অভাৱ-অভিযোগ নিবাৰণৰ সুনিশ্চিত ব্যৱস্থা নথকা আৰু কৰ্মনীতিৰ একপক্ষীয় পৰিৱৰ্তনৰ দৰে চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে।

মহিলা কৰ্মীসকলৰ নিৰাপত্তা, মৰ্যাদা আৰু আইনী সুৰক্ষাৰ ক্ষেত্ৰত থকা দুৰ্বলতাসমূহৰ বিষয়েও ইউনিয়নটোৱে উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ দাবী যে ন্যায্য মজুৰি বিচাৰিলে বহু সময়ত কৰ্মীসকল হাৰাশাস্তি বা হিংসাৰ বলি হ’বলগীয়া হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ আই ডি ব্লক কৰি জীৱিকা কাঢ়ি লোৱা হয়।

GIPSWU-ৰ ৰাষ্ট্ৰীয় সভানেত্ৰী সীমা সিঙে কয় যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছে যদিও মূল দাবীসমূহ এতিয়াও অপূৰণীয় হৈ আছে। তেওঁ কয় যে “আমাৰ দাবীসমূহৰ ভিতৰত আছে এক পৃথক কেন্দ্ৰীয় আইনৰ অধীনত গিগ আৰু প্লেটফৰ্ম কৰ্মীক ‘শ্ৰমিক’ হিচাপে স্বীকৃতি দিয়া, স্বেচ্ছাচাৰীভাৱে আই ডি ব্লক কৰা কাৰ্য বন্ধ কৰা, স্বচ্ছ মূল্যায়ন আৰু কাম বিতৰণ ব্যৱস্থা, উন্নত মজুৰিৰ হাৰ আৰু বৰ্তমানৰ আইনৰ অধীনত ‘অভ্যন্তৰীণ অভিযোগ সমিতি’সহ এক কাৰ্যকৰী অভিযোগ নিবাৰণ ব্যৱস্থা গঢ়ি তোলা।”

প্লেটফৰ্মৰ কৰ্মনীতিৰ সন্দৰ্ভত শেহতীয়াকৈ চৰকাৰে কৰা ঘোষণাসমূহৰ স্পষ্টতাৰ ওপৰতো ইউনিয়নে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ মতে, এই সন্দৰ্ভত এতিয়ালৈকে কোনো লিখিত নিৰ্দেশনা বা চৰকাৰী আদেশ প্ৰকাশ পোৱা নাই। এই অনলাইন ধৰ্মঘট আৰু ৩ ফেব্ৰুৱাৰীৰ প্ৰস্তাৱিত প্ৰতিবাদৰ জৰিয়তে GIPSWU-এ কৰ্মীসকলৰ দীৰ্ঘদিনীয়াকৈ লম্বিত হৈ থকা দাবীসমূহৰ প্ৰতি জনসাধাৰণ আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd