• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 27, 2024 7:00 pm
170
VIEWS
Share on FacebookShare on Twitter

গিৰিজানন্দ চৌধুৰীবিশ্ববিদ্যালয়ে ২৬ অক্টোবৰ ২০২৪ তাৰিখ শনিবাৰে বিশ্ববিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস অতি উলহমালহেৰে উদযাপন কৰি প্ৰতিষ্ঠানটোৰ চহকী ইতিহাসক আৰু অধিক  সম্বৃদ্ধ কৰিলে । বিশ্ববিদ্যালয়খনৰ বিগত বছৰৰ সফল আৰু প্ৰাচুৰ্যশীল যাত্ৰাৰ ৰোমন্থনৰ মাজেৰে আৰু ভৱিষ্যতৰ আশাব্যঞ্জক মঞ্চ এখন প্ৰতিষ্ঠাৰ বৰ্ণিল উদযাপনেৰে প্ৰতিষ্ঠা দিৱস পালন কৰে ।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় হিচাপ অনুমোদিত হোৱাৰ আগতে ২০০৬ চনত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজি (জি আই এম ৱটি) হিচাপে স্থাপিত হৈছিল , তাৰ পিছত ২০০৭ চনত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাৰ্মাচিউটিকেল ইনষ্টিটিউট “গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সৰ”  আৰম্ভণি হয়। শ্ৰীমন্ত শংকৰ একাডেমী (এচ এচ এ) ছ’চাইটিৰ পৃষ্ঠপোষকতাত এই শিক্ষানুষ্ঠানসমূহে বৰ্তমানৰ বিশ্ববিদ্যালয় আৰু ইয়াৰ সমৃদ্ধিশালী শৈক্ষিক সমাজৰ বাট মুকলি কৰি  দিছে। বিশ্ববিদ্যালয় হিচাপে স্থাপনৰ মাত্ৰ দুবছৰীয়া যাত্ৰাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে আজি ৰাছিয়াৰ মাৰি ষ্টেট ইউনিভাৰ্চিটি আৰু দক্ষিণ আফ্ৰিকা বিশ্ববিদ্যালয় (ইউনিছা)কে ধৰি ধাৰাবাহিক বুজাবুজিৰ চুক্তিৰ জৰিয়তে বিশ্বৰ প্ৰধান শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে সক্ৰিয়ভাৱে অংশীদাৰিত্ব কৰাৰ গৌৰৱ লাভ কৰিছে।

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি যশোদা ৰঞ্জন দাসে আদৰণি ভাষণেৰে উপস্থিত সকলোকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে  প্ৰতিষ্ঠানটোৰ শৈক্ষিক উন্নতি, গৱেষণামূলক পদক্ষেপ, আৰু বৃহত্তৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ ওপৰত সুন্দৰকৈ আলোকপাত কৰে। বিশিষ্ট ৰাজনীতি বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে শোভা বঢ়ায়  এক অন্তৰ্দৃষ্টিসম্পন্ন বহুমূলীয়া ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য অধ্যাপক জয়ন্ত ডেকাই বহুমূলীয়া ভাষণ ৰাখে । অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন মহাবিদ্যালয়,  প্ৰতিষ্ঠানৰ পৰা উপস্থিত হোৱা অতিথিসকলক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে । এই বিশেষ দিনটোতে বিশ্ববিদ্যালয়ৰ আটাইতকৈ উৎপাদনশীল  গৱেষকৰ লগতে নিৰ্বাচিত কিছু কৰ্মচাৰীক বছৰটোত  নিষ্ঠাৰে সেৱা আগবঢ়োৱা বাবে বিশেষ বঁটাৰে সন্মানিত কৰে ।

         পুৱা বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি যশোদা ৰঞ্জন দাসে আৰু এই অনুষ্ঠান এন চি চি চেলুটেৰে সম্পুৰ্ণ হয় ।  সামাজিক ন্যায় আৰু সমতাৰ প্ৰতি দৃষ্টি ৰাখি বিশ্ববিদ্যালয়খনৰ চাফাই কৰ্মীসকলক সম্বৰ্ধনা জনায়।  পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ চৌহদত মেলেৰিয়া প্ৰতিৰোধী পৰীক্ষাগাৰ উদ্বোধন কৰা হয় । লগতে ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ উপৰিও,  বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰিকেট খেল অনুষ্ঠিত হয়। সামৰণিত থলুৱা জন জাতি  আৰু বন্য প্ৰাণীৰ মাজৰ সম্পৰ্কৰ ধ্যান মগ্ন অন্বেষণ অস্কাৰ বিজয়ী তথ্য চিত্ৰ “দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ ” ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰদৰ্শন কৰা হয় ।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd