যোৰহাটত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। প্ৰেমিকাৰ বিলাসী জীৱনশৈলী চলাবলৈ নিজৰ পিতৃ-মাতৃৰ ঘৰৰ পৰা প্ৰায় ৬০ লাখ টকাৰ সোণৰ অলংকাৰ আৰু ২ লাখ টকা নগদ ধন চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ বিৰুদ্ধে। অভিযুক্ত যুৱকজনক যশ ধানুকা বুলি চিনাক্ত কৰা হৈছে।
অভিযোগ অনুসৰি, পিতৃ-মাতৃ ৰাজ্যৰ বাহিৰলৈ ভ্ৰমণলৈ যোৱাৰ সুযোগ লৈ যুৱকজনে ডুপ্লিকেট চাবিৰ সহায়ত ঘৰৰ লকাৰ খুলি সোণৰ অলংকাৰ আৰু নগদ ধন লৈ যায়। চুৰি কৰা ধন আৰু সোণৰ কিছু অংশ তেওঁ প্ৰেমিকা পাবলী দত্তৰ ওপৰত খৰচ কৰা বুলি অভিযোগ উঠিছে।
অভিযোগ অনুসৰি, যুৱকজনে প্ৰেমিকাক ১ লাখ ৫৫ হাজাৰ টকা মূল্যৰ এটা আইফোন কিনি দিয়ে। ইয়াৰ উপৰি কিস্তিত প্ৰায় ২ লাখ টকা নগদ ধন দিয়াৰ লগতে দুয়ো একেলগে অৰুণাচল প্ৰদেশলৈ ভ্ৰমণলৈও যায় বুলি জানিব পৰা গৈছে।
পিছত যুৱকজনৰ সন্ধান লাভ কৰি তেওঁক আহমেদাবাদৰ পৰা যোৰহাটলৈ ঘূৰাই আনে আৰক্ষীয়ে। জেৰা চলোৱাৰ সময়ত যশ ধানুকাই চুৰিৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অৱশ্যে তেওঁ দাবী কৰে যে ৰোহিত প্ৰসাদ ওৰফে ৰোহিত কুমাৰ নামৰ এজন ব্যৱসায়ীয়ে তেওঁক এই কাম কৰিবলৈ চাপ দিছিল আৰু চুৰি কৰা সোণ বিক্ৰী কৰাতো সহায় কৰিছিল।
আৰক্ষীৰ মতে, এই ঘটনাত যশ ধানুকাৰ লগতে পাবলী দত্ত আৰু ৰোহিত প্ৰসাদো বৰ্তমান সন্ধানহীন হৈ আছে। চুৰি হোৱা সোণ আৰু নগদ ধন উদ্ধাৰৰ লগতে অভিযুক্তসকলৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ঘটনাটোৱে এতিয়া যোৰহাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰেমৰ নামত বিলাসী জীৱন কটাবলৈ নিজ ঘৰতে এইদৰে চুৰিৰ অভিযোগ উত্থাপন হোৱাক লৈও সৃষ্টি হৈছে তীব্ৰ চৰ্চা।





