খেলি থকাৰ মাজতেই প্ৰস্বাৱ! বিপক্ষই অভিযোগ কৰাত ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুৱালে গ’লৰক্ষকক

Goalkeeper sent off for peeing তেওঁ বক্সৰ পৰা ওলাই আহি হেণ্ডবল কৰা নাছিল। বক্সৰ ভিতৰত বিপক্ষৰ ফুটবলাৰসকলক বিধি বহিৰ্ভূতভাৱে বাধাও দিয়া নাছিল। তাৰ পাছতো গ’লৰক্ষকক ৰঙা কাৰ্ড দেখুওৱা হ’ল! কিয়নো তেওঁ খেল চলি থকাৰ মাজতে প্ৰস্বাৱ কৰিছিল।

এফএ কাপত ঘটিছে এই ঘটনা। ইংলেণ্ডৰ এই প্ৰতিযোগিতাৰ নৱম ডিভিজনত ব্লেকফিল্ড এণ্ড লেংলি আৰু শ্বেপটন মেলেটৰ মাজত অনুষ্ঠিত হৈছিল এখন খেল।

লগতে পঢ়ক: অসমৰে সম্পৰ্ক! ৫,০০০ গাড়ী চুৰি কৰা দেশৰ আটাইতকৈ কুখ্যাত গাড়ী চোৰটোক ধৰিলে দিল্লী আৰক্ষীয়ে

খেলখনৰ ৭৬ মিনিটত বলটো গ’ললাইনৰ বাহিৰলৈ যোৱাত ৰেফাৰীয়ে শ্বেপ্টনৰ গ’লৰক্ষকক বলটো মাৰিবলৈ নিৰ্দেশ দিয়ে। ঠিক তেতিয়াই, ব্লেকফিল্ডৰ গ’লৰক্ষক কনোৰ মাচেকোৱে সুযোগ বুজি তেওঁৰ গ’লপোষ্টৰ পিছফালে থকা জোপোহাৰ আঁৰত প্ৰস্বাৱ কৰিবলৈ যায়।

ৰেফাৰীয়ে এই ঘটনা দেখা পোৱা নাছিল। কিন্তু শ্বেপটনৰ ফুটবল খেলুৱৈসকলে সেয়া দেখা পাইছিল। তেওঁলোকে ৰেফাৰীৰ ওচৰত অভিযোগ কৰে। অভিযোগ পোৱাৰ পিছতে ৰেফাৰীয়ে মাচেকোক ৰঙা কাৰ্ড দেখুৱায়।

অৱশ্যে ইয়াৰ বাবে খেলখনৰ ফলাফলত কোনো সলনি হোৱা নাছিল। খেলখন গোলবিহীনভাৱে ড্ৰ’ হৈছিল।

লগতে পঢ়ক: Kartavya Path: দিল্লীৰ ৰাজপথ আৰু চেন্ট্ৰেল ভিষ্টা লনৰ নাম সলনি কৰিলে মোডী চৰকাৰে

ইপিনে, নিজৰ দলটোৱে দাবী কৰিছে যে খেলৰ সময়ত প্ৰস্বাৱ কৰি মাচেকোৱে কোনো ভুল কৰা নাছিল। ব্লেকফিল্ডৰ সহকাৰী প্ৰশিক্ষক ক’নৰ মেককাৰ্থীয়ে কয়, “মাচেকোৱে আঁৰলৈ গৈ প্ৰস্বাৱ কৰিছিল। তেওঁ নিজকে যথেষ্ট ঢাকি ৰাখিছিল। তেওঁ জোপোহাৰ ভিতৰত আছিল। যিকোনো সময়তে প্ৰয়োজন হ’লে প্ৰস্বাৱ কৰিবলৈ যাব লগা হয়। তেওঁক ৰঙা কাৰ্ড দেখুওৱাৰ কোনো যুক্তি নাই। আমি এই সিদ্ধান্তত আমি আচৰিত হৈছো।”