তিনিচুকীয়া জিলাৰ শদিয়াৰ ধলা চৈখোৱা খেৰবাৰী ঘাটত বৃহস্পতিবাৰে সন্ধিয়া অচিনাক্ত বন্দুকধাৰীৰ অপ্ৰৰোচিত গুলীচালনাত ৫ জন লোক ঘটনাস্থলীতে নিহত হোৱা ঘটনাৰ গৰিহনা দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰে।
ৰাজ্যখনত বিজেপিৰ শাসনত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি ব্যক্ত কৰি গগৈয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণেৰে ন্যায় আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ সক্ষমতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰে।
গগৈয়ে লগতে কয় যে চৰকাৰে ৰেৱতী ফুকনৰ নিৰুদ্দিষ্ট ঘটনাৰো সন্ধান উলিওৱাত ব্যৰ্থ হৈছে। আনকি তেওঁক যদি হত্যা কৰা হৈছিল তেওঁৰ মৃতদেহ উদ্ধাৰতো চৰকাৰ ব্যৰ্থ হৈছে।
এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত আলোচনা পন্থী আলফা মৃণাল হাজৰিকা আৰু বিজেপিৰ হোজাইৰ বিধায়ক শিলাদিত্য দেবৰ শেহতীয়া উচটনিমূলক মন্তৱ্যৰো গৰিহনা দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে গগৈয়ে চোৰাংচোৱা বিভাগৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকৰ হাতত তথ্য আছিলনে? যদি আছিল, চৰকাৰক জনাইছিল নে আৰু চৰকাৰে সেয়া গুৰুত্বসহকাৰে লৈছিলনে?
গগৈয়ে শান্তি-সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰত গৃহ বিভাগ তথা আৰক্ষী বিভাগ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ কৰে।
গগৈয়ে এইখন চৰকাৰক এখন বিলাসী চৰকাৰ বুলি অভিহিত কৰি কয় যে এই চৰকাৰখনে নিৰাপত্তা দিব বুলি কোনোৱে কেনেকৈ আশ্বস্ত হ’ব?