• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫২৪ বছৰীয়া পৰম্পৰা: মহাপ্ৰভু গোপাল- জগন্নাথ থান সত্ৰৰ গোহাঁই বাঁহ ফুৰোৱা উৎসৱৰ সামৰণি

আজি গোহাঁই বাঁহ খহোৱা উৎসৱ

দীপক কুমাৰ পাঠক, বাক্সা by দীপক কুমাৰ পাঠক, বাক্সা
April 21, 2022 6:50 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱ গঠিত তামুলপুৰ জিলাৰ কচুবাৰীস্থিত ঐতিহ্যমণ্ডিত মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ অন্তৰ্গত সাত খনকৈ গাওঁত উদযাপন কৰা হৈছে মহাপ্ৰভু গোপাল আৰু জগন্নাথৰ প্ৰতীকী গোঁসাই বাঁহ ফুৰোৱা উৎসৱ।
সমগ্ৰ কচুবাৰী অঞ্চল বুৰ গৈছে ভক্তি ৰসত। গোঁসাই বাঁহ ফুৰোৱা উৎসৱত বৰ ঢোল, তাল, শংখ, ঘণ্টাৰ ধ্বনি আৰু হৰি নাম কীৰ্তনত মুখৰিত হৈ পৰিছে তামুলপুৰৰ কচুবাৰীৰ আকাশ বতাহ।

পাঁচশ চৌবিছ বছৰ অতিক্ৰম কৰা তামুলপুৰ জিলাৰ কচুবাৰীস্থিত মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ পৰম্পৰাগত গোহাঁই বাঁহ ফুৰোৱা উৎসৱ উপলক্ষে গৰু বিহুৰ দিনা গোপাল আৰু জগন্নাথৰ প্ৰতীকী গোঁসাই বাঁহ দুডাল অতি ভক্তি ভাৱেৰে নোৱাই ধুৱাই বাঁহ দুডালত ছৰ, গামোচা, ৰুমাল আদিৰে ধুনীয়াকৈ সজাই তোলা হয় আৰু পহিলা বহাগৰ পুৱাৰ পৰা অঞ্চলটোৰ কোঁচ, কলিতা, বড়ো, ৰাভা, শৰণীয়া কছাৰী, হাজং আদিকে ধৰি অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কেইবা শতাধিক লোকে ঢোল-তাল-শংখ- বৰকাহ বজাই শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ পৰা গোঁসাই বাঁহ ফুৰোৱা উৎসৱ আৰম্ভ কৰে।

Apply Now

ভকত ৰাইজে গোপাল আৰু জগন্নাথ থান সত্ৰৰ অধীনৰ সাতখন গাওঁৰ ২২ টা চুবুৰীৰ ঘৰে ঘৰে এই গোহাঁই বাঁহ লৈ যোৱা পৰ্ব আৰম্ভ কৰে। প্ৰতি ঘৰত গোঁহাই বাঁহ লৈ গৈ নাম কীৰ্তন কৰে আৰু গৃহস্থই মাহ- প্ৰসাদৰ শৰাই আগবঢ়াই গোঁহাইৰ সম্মুখত আঁঠু লৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে। এইদৰে গোঁসাই বাঁহ ফুৰোৱা উৎসৱৰ দিন কেইটাত শংখ, ঘণ্টা, বৰকাঁহৰ ধ্বনিৰে আৰু হৰি নাম কীৰ্তনেৰে মুখৰিত হৈ পৰে অঞ্চলটোৰ আকাশ বতাহ।

এনেদৰে ৰাইজে বহাগৰ ৬ তাৰিখলৈ গাঁৱে গাঁৱে গৈ নাম কীৰ্তন কৰি গোঁসাই বাঁহ ফুৰোৱা উৎসৱ পালন কৰে আৰু এইদৰেই মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ এই গোঁসাই বাঁহ ফুৰোৱা উৎসৱৰ সফল সামৰণি মাৰে।

আজি ৭ বহাগৰ দিনা গোপাল আৰু জগন্নাথ থান সত্ৰত ধৰ্মীয় পৰম্পৰা অনুসৰি হৰি নাম কীৰ্তনেৰে গোহাঁই বাঁহ খহোৱা উৎসৱ অনুষ্ঠিত হব। পৰম্পৰাগত গোহাঁই বাঁহ খহোৱা উৎসৱৰ দিনা থান সত্ৰৰ অধীনৰ সাতখন গাঁওৰ লোকৰ উপৰিও অসমৰ ভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটে এই ঐতিহ্যমণ্ডিত থান সত্ৰখনত। আজি এই সাতখন গাৱঁৰ ২২ টা চুবুৰীৰ কেইবা হাজাৰ লোকে থান সত্ৰৰ চৌহদত পৰম্পৰাগত ভাৱে প্ৰীতি ভোজনত মিলিত হব।

স্থানীয় লোক সকলৰ উপৰিও দূৰ দূৰণিৰ পৰা অহা ভকতসকলেও অংশ লয় এই প্ৰীতি ভোজনত। প্ৰতি বছৰে অনৈক্যৰ মাজত ঐক্যৰ নিদৰ্শনেৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমাগামেৰে মিলনৰ তীৰ্থভূমিত পৰিণত হয় তামুলপুৰ জিলাৰ কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ চৌহদ।

দীপক কুমাৰ পাঠক, বাক্সা

দীপক কুমাৰ পাঠক, বাক্সা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd