• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫২৪ বছৰীয়া পৰম্পৰা: মহাপ্ৰভু গোপাল- জগন্নাথ থান সত্ৰৰ গোহাঁই বাঁহ ফুৰোৱা উৎসৱৰ সামৰণি

আজি গোহাঁই বাঁহ খহোৱা উৎসৱ

দীপক কুমাৰ পাঠক, বাক্সা by দীপক কুমাৰ পাঠক, বাক্সা
April 21, 2022 6:50 am
186
VIEWS
Share on FacebookShare on Twitter

নৱ গঠিত তামুলপুৰ জিলাৰ কচুবাৰীস্থিত ঐতিহ্যমণ্ডিত মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ অন্তৰ্গত সাত খনকৈ গাওঁত উদযাপন কৰা হৈছে মহাপ্ৰভু গোপাল আৰু জগন্নাথৰ প্ৰতীকী গোঁসাই বাঁহ ফুৰোৱা উৎসৱ।
সমগ্ৰ কচুবাৰী অঞ্চল বুৰ গৈছে ভক্তি ৰসত। গোঁসাই বাঁহ ফুৰোৱা উৎসৱত বৰ ঢোল, তাল, শংখ, ঘণ্টাৰ ধ্বনি আৰু হৰি নাম কীৰ্তনত মুখৰিত হৈ পৰিছে তামুলপুৰৰ কচুবাৰীৰ আকাশ বতাহ।

পাঁচশ চৌবিছ বছৰ অতিক্ৰম কৰা তামুলপুৰ জিলাৰ কচুবাৰীস্থিত মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ পৰম্পৰাগত গোহাঁই বাঁহ ফুৰোৱা উৎসৱ উপলক্ষে গৰু বিহুৰ দিনা গোপাল আৰু জগন্নাথৰ প্ৰতীকী গোঁসাই বাঁহ দুডাল অতি ভক্তি ভাৱেৰে নোৱাই ধুৱাই বাঁহ দুডালত ছৰ, গামোচা, ৰুমাল আদিৰে ধুনীয়াকৈ সজাই তোলা হয় আৰু পহিলা বহাগৰ পুৱাৰ পৰা অঞ্চলটোৰ কোঁচ, কলিতা, বড়ো, ৰাভা, শৰণীয়া কছাৰী, হাজং আদিকে ধৰি অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কেইবা শতাধিক লোকে ঢোল-তাল-শংখ- বৰকাহ বজাই শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ পৰা গোঁসাই বাঁহ ফুৰোৱা উৎসৱ আৰম্ভ কৰে।

ভকত ৰাইজে গোপাল আৰু জগন্নাথ থান সত্ৰৰ অধীনৰ সাতখন গাওঁৰ ২২ টা চুবুৰীৰ ঘৰে ঘৰে এই গোহাঁই বাঁহ লৈ যোৱা পৰ্ব আৰম্ভ কৰে। প্ৰতি ঘৰত গোঁহাই বাঁহ লৈ গৈ নাম কীৰ্তন কৰে আৰু গৃহস্থই মাহ- প্ৰসাদৰ শৰাই আগবঢ়াই গোঁহাইৰ সম্মুখত আঁঠু লৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে। এইদৰে গোঁসাই বাঁহ ফুৰোৱা উৎসৱৰ দিন কেইটাত শংখ, ঘণ্টা, বৰকাঁহৰ ধ্বনিৰে আৰু হৰি নাম কীৰ্তনেৰে মুখৰিত হৈ পৰে অঞ্চলটোৰ আকাশ বতাহ।

এনেদৰে ৰাইজে বহাগৰ ৬ তাৰিখলৈ গাঁৱে গাঁৱে গৈ নাম কীৰ্তন কৰি গোঁসাই বাঁহ ফুৰোৱা উৎসৱ পালন কৰে আৰু এইদৰেই মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ এই গোঁসাই বাঁহ ফুৰোৱা উৎসৱৰ সফল সামৰণি মাৰে।

আজি ৭ বহাগৰ দিনা গোপাল আৰু জগন্নাথ থান সত্ৰত ধৰ্মীয় পৰম্পৰা অনুসৰি হৰি নাম কীৰ্তনেৰে গোহাঁই বাঁহ খহোৱা উৎসৱ অনুষ্ঠিত হব। পৰম্পৰাগত গোহাঁই বাঁহ খহোৱা উৎসৱৰ দিনা থান সত্ৰৰ অধীনৰ সাতখন গাঁওৰ লোকৰ উপৰিও অসমৰ ভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটে এই ঐতিহ্যমণ্ডিত থান সত্ৰখনত। আজি এই সাতখন গাৱঁৰ ২২ টা চুবুৰীৰ কেইবা হাজাৰ লোকে থান সত্ৰৰ চৌহদত পৰম্পৰাগত ভাৱে প্ৰীতি ভোজনত মিলিত হব।

স্থানীয় লোক সকলৰ উপৰিও দূৰ দূৰণিৰ পৰা অহা ভকতসকলেও অংশ লয় এই প্ৰীতি ভোজনত। প্ৰতি বছৰে অনৈক্যৰ মাজত ঐক্যৰ নিদৰ্শনেৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমাগামেৰে মিলনৰ তীৰ্থভূমিত পৰিণত হয় তামুলপুৰ জিলাৰ কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ চৌহদ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd