• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ নৱেম্বৰৰ ভিতৰত গুৰুত্বপূৰ্ণ পথসমূহত দিশ নিৰ্দেশনাসূচক লগোৱাৰ নিৰ্দেশ গোলাঘাট উপায়ুক্তৰ

মীনাক্ষী ফুকন, গোলাঘাট  by মীনাক্ষী ফুকন, গোলাঘাট
October 8, 2021 6:40 am
IMG-20211007-WA0007

ফটো: নৰ্থইষ্ট নাও।

162
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে জিলা পথ সুৰক্ষা সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়।

জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জি আৰু উপ আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱাৰ লগতে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ, পৰিবহন বিভাগ, আৰক্ষী, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, স্বাস্থ্য বিভাগ, যানবাহন পৰিদৰ্শক আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল।

সভাত পথ সুৰক্ষাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। তাৰ ভিতৰত পথ সুৰক্ষাৰ পৰিসংখ্যা আৰু কাৰণসমূহ, পথ সুৰক্ষা বাহিনীৰ পুনৰুজ্জীৱিতকৰণ, অত্যধিক বোজা কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান, দিশ নিৰ্দেশনা সূচকসমূহ সঠিকভাৱে সংস্থাপন কৰা আদি অন্যতম।

বৈঠকত জিলা উপায়ুক্তগৰাকীয়ে সমাগত শীতকালত কুঁৱলীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পাব পৰা সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাটো সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অহা ১৫ নৱেম্বৰৰ ভিতৰত দিশ নিৰ্দেশনা সূচকসমূহ সঠিকভাৱে সংস্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে, সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকা এলেকাসমূহত স্থানীয় যুৱক-যুৱতীক জড়িত কৰোৱাই পথ সুৰক্ষা বাহিনী নামেৰে এটা স্বেচ্ছাসেৱী বাহিনী গঠন কৰা সন্দৰ্ভতো সভাত আলোচনা কৰা হয়।

সভাত দেৰগাঁও, নেঘেৰিটিং আৰু বোকাখাতৰ কেতবোৰ স্থানত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে অতি সোনকালেই দিশ নিৰ্দেশনা সূচক লগোৱাৰ বাবে সিদ্ধান্ত লোৱা হয়।

জিলা উপায়ুক্তগৰাকীয়ে দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহন বিষয়াক নিৰ্দেশ দিয়ে।

তেওঁ দুৰ্ঘটনাত পতিত হোৱা লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে ল’বলগীয়া প্ৰাৰম্ভিক ব্যৱস্থা আৰু প্ৰাথমিক চিকিৎসা সন্দৰ্ভত পথ সুৰক্ষা বাহিনী, আৰক্ষী আৰু ইয়াৰ সৈতে জড়িত লোকসকলৰ উপযুক্ত প্ৰশিক্ষণৰ বিষয়টো গুৰুত্ব আৰোপ কৰে।

বৈঠকত লগতে শাৰদীয় দুৰ্গা পূজাৰ আগতে যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহন বিভাগক এটা যুটীয়া অভিযান চলোৱাৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হয়।

আনহাতে পথ সুৰক্ষা পুঁজিৰ ধনেৰে পৰিবহন বিভাগৰ তৰফৰ পৰা দুৰ্ঘটনাত পতিত অথবা অন্য জৰুৰী অৱস্থাৰ ৰোগীক কঢ়িয়াবৰ বাবে ১০ খন ষ্ট্ৰেছাৰ আৰু ১০ টা প্ৰাথমিক চিকিৎসাৰ কিট আৰক্ষীক অৰ্পণ কৰা হয়।

এই  সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ আৰু অন্য দুৰ্ঘটনাপ্ৰৱণ এলেকাত থকা থানাসমূহত যোগান ধৰা হ’ব যাতে জৰুৰী সময়ত ব্যৱহাৰ কৰিব পৰা যায়। 

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd