NORTHEAST NOW (Assamese)

অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ: কংকন ডেকাৰ উপসৰ্গলৈ ৰাষ্ট্ৰীয় স্বীকৃতি

January 17, 2023 12:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 17, 2023 7:08 pm

বছৰটিৰ আৰম্ভণিতে অসমবাসীৰ তথা চলচ্চিত্ৰ প্ৰেমীৰ বাবে এটি অতি গৌৰৱ তথা আনন্দৰ খবৰ। ২০২২ বৰ্ষৰ দিল্লীস্থিত বেচৰকাৰী ভাৰতীয় চলচ্চিত্ৰ প্ৰতিষ্ঠান(ইণ্ডিয়ান ফিল্ম ইনষ্টিটিউট)ৰ দহখন শ্ৰেষ্ঠ ভাৰতীয় চিনেমাৰ তালিকাত স্থান লাভ কৰিছে প্ৰযোজক, পৰিচালক কংকন ডেকাৰ ছবি ‘উপসৰ্গ’ই।

গত বৰ্ষত মুক্তিপ্ৰাপ্ত উপসৰ্গ, সচেতন দৰ্শক, চিনেৰসিকৰ দ্বাৰা যথেষ্ট উচ্চ-প্ৰশংসিত হৈছিল। ছয়গৰাকী বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা ছবি নিৰ্মাতাৰ দ্বাৰা নিৰ্বাচিত ছবিসমূহৰ ভিতৰত উপসৰ্গই স্থান পোৱাতো নিশ্চয়কৈ এক সুখবৰেই।

বিশিষ্ট চলচ্চিত্ৰ সমালোচক ভৰদ্বাজ ৰংগণ, এম, কে ৰাঘৱেন্দ্ৰ, স্বপন মাল্লিক, উৎপল দত্ত(অসম), মুৰ্তজা আলী খান আৰু খ্ৰীষ্টফাৰ ডেল্টন(আমেৰিকা)এই নিৰ্বাচকমণ্ডলীত আছিল। এই তালিকাখনত বহুচৰ্চিত কান্টাৰা, পি এচ-১, ৰকাট্ৰি দা নাম্বি ইফেক্ট আদি ছবিও অন্তৰ্ভুক্ত।

উল্লেখ্য যে, গত ১০ জানুৱাৰী, ২০২৩ ত অনুষ্ঠিত হৈ যোৱা পঞ্চম শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁ‌টা অনুষ্ঠানতো উপসৰ্গই জুৰীৰ বিশেষ উল্লেখৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। “বিউটিফুল লাইভছ”ৰ পিছত প্ৰযোজক, পৰিচালক কংকন ডেকাৰ দ্বিতীয়খন বাস্তৱধৰ্মী ছবি আছিল উপসৰ্গ।

পৰিচালক কংকন ডেকা

অসমৰ পটভূমিতেই একেবাৰেই সাধাৰণ তথা খাটি খোৱা মানুহৰ অভাৱক্লীষ্ট অৱস্থাই তেওঁ‌লোকক কিদৰে এক অপৰাধমুখীতাৰ দিশলৈ আগুৱাই নিয়ে, তাৰেই এখন সঁ‌চা ছবি উপসৰ্গ। দৰঙীয়া ভাষাত(দৰং জিলাৰ কথিত ভাষা)ত নিৰ্মিত ছবিখন এক ৰুঢ়, তিক্ত বাস্তৱৰ ছবি।

চলচ্চিত্ৰ খনৰ আৱহ সংগীতত ওজাপালিৰ সুন্দৰ ব্যৱহাৰ এক উল্লেখনীয় দিশ, যিদৰে কাহানিও অভিনয় নকৰা দুজন ব্যক্তিক মূখ্য চৰিত্ৰত সম্পূৰ্ণ সহজ অভিনয় কৰোৱা পৰিচালকৰ আন এক প্ৰশংসনীয় দিশ।

Related News