NORTHEAST NOW (Assamese)

Google Fined! অপৰাধ কি? ২৪৫মিলিয়ন ডলাৰ জৰিমনাৰ সন্মুখীন গুগল

June 19, 2022 12:40 pm · এন ই নাও নিউজ, গুৱাহাটী

মেক্সিকোৰ এখন আদালতে গুগলক ২৪৫ মিলিয়ন ডলাৰৰ জৰিমনা বিহিছে। শুকুৰবাৰে ৰাজধানী মেক্সিকো চিটিৰ আদালতে গুগলক মেক্সিকোৰ এগৰাকী অধিবক্তাক এই জৰিমনা ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।

বাতৰি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ব্লগে মেক্সিকোৰ অধিবক্তাগৰাকীৰ বিৰুদ্ধে ধন সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছিল। ব্লগটো প্ৰচাৰ কৰিবলৈ অনুমতি দিছিল টেক জায়েন্ট গুগলে।

লগতে পঢ়ক: Joe Biden falls off bike: চাইকেল চলাই ৰাস্তাতে পৰিল চিত ভোলঙা খাই; আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ হ’ল এই অৱস্থা

গুগলে জানিবলৈ দিছে যে ই এই ৰায়দানৰ বিৰুদ্ধে আবেদন কৰিব। এক বিবৃতিত টেক জায়েন্ট গুগলৰ পৰা কোৱা হৈছে: “পাঁচ বিলিয়ন পেচো (২৪৫ নিযুত ডলাৰ) জৰিমনা নিশ্চিত কৰা হৈছে। আমি এই ৰায়ক গৰিহণা দিছো।‘’

মেক্সিকান অধিবক্তা উলৰিচ ৰিচাৰ মোৰালেছে অভিযোগ কৰে যে গুগলে এটা ব্লগ প্ৰচাৰৰ অনুমতি দিছিল য’ত তেওঁক ধন সৰবৰাহৰ অভিযোগত অভিযুক্ত বুলি দেখুওৱা হৈছে। আৰু তাত দেখুওৱা নথিপত্ৰসমূহত মিছা তথ্য প্ৰচাৰ কৰা হৈছে।

লগতে পঢ়ক: Ukraine War: এতিয়া ইউক্ৰেইনত প্ৰৱেশ কৰিবলৈ ৰাছিয়াৰ নাগৰিকক লাগিব ভিছা

আনহাতে, গুগলে বিবৃতিটোত কয় যে মেক্সিকোৰ আদালতৰ ৰায়টোৱে “মত প্ৰকাশৰ স্বাধীনতা আৰু অন্যান্য মৌলিক নীতিসমূহক আঘাত কৰে”। আমি বিশ্বাস কৰোঁ যে ফেডাৰেল আদালতসমূহে কঠোৰভাৱে কাম কৰিব। ৰায়টোক স্বেচ্ছাচাৰী আৰু ভিত্তিহীন বুলি বৰ্ণনা কৰি গুগলে লগতে কয় যে “আমি অন্তিম পৰ্যায়লৈকে যুঁজ দি যাম।” 

Related News