COVID19-ৰ বাতৰি সম্প্ৰচাৰৰ সৈতে জড়িত ভাৰতৰ সাংবাদিকসকলৰ বাবে Google News-এ DataLEADS-ৰ সহযোগত COVID-19: DEALING WITH MISINFORMATION DURING THE PANDEMIC শীৰ্ষক এক ৱেবিনাৰ (ৱেব ছেমিনাৰ) ছিৰিজ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।
অসমীয়াকে ধৰি কেইবাটাও আঞ্চলিক ভাষাত অনুষ্ঠিত হ’বলগীয়া ৱেবিনাৰ ছিৰিজটোৰ জৰিয়তে স্থানীয় সাংবাদিকসকলক কিদৰে ভুৱা বাতৰি, গুজব আৰু ভুল খবৰ চিনাক্ত কৰি তাক মানুহৰ মাজলৈ যোৱাত বাধা দিব পাৰি সেই বিষয়ে বিশেষভাৱে প্ৰশিক্ষণ দিব।
প্রতিটো ৱেবিনাৰ ১ ঘণ্টা ধৰি চলিব। অসমীয়াত অহা ১ মে’ত (শুকুৰবাৰ) দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব। প্ৰশিক্ষণ দিব UNIৰ উত্তৰ-পূবৰ সংবাদ সমন্বয়ক অভিজিৎ দেবে।
উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা অনলাইন ফেক্ট চেকিঙৰ সম্পৰ্কে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা Google News Initiative India Training Network-এ এতিয়ালৈকে ভাৰতৰ প্ৰায় ১টা ভাষাত ১৫৬০০-তকৈ অধিক সম্পাদক, সংবাদদাতা, সাংবাদিকতা ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিছে।
ৱেবিনাৰটোত COVID-19 সম্পৰ্কীয় ছ’চিয়েল মিডিয়া বা ইণ্টাৰনেটত পোৱা যিকোনো ফটো, ভিডিঅ’ আৰু তথ্যৰ বিশ্বাসযোগ্যতা আৰু সঠিকতা কিদৰে কম সময়তে পৰীক্ষা কৰিব পাৰি শিকোৱা হ’ব।
COVID-19 সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰত জৰিত সাংবদিক, সম্পাদক, সাংবাদিকতাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা পাব্লিক হেল্থ প্ৰফেচনেলসকলে এই ৱেবিনাৰত অংশ ল’ব পাৰে।