• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

পদ্মশ্ৰী সন্মান লাভৰ পিছতেই সন্মানসহ প্ৰতিবাদত বহিল এজন খেলুৱৈ! কিন্তু কিয়!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2021 9:04 pm
‘Goonga Pahalwan’ Virender Singh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰাৰ এদিন পিছতে হাৰিয়ানাৰ মল্লযোদ্ধা বীৰেন্দ্ৰ সিঙে বুধবাৰে দিল্লীৰ হাৰিয়ানা ভৱনৰ বাহিৰত অনিৰ্দিষ্টকালৰ বাবে প্ৰতিবাদত বহি পৰিছে। ‘গুঙ্গা পেহেলৱান’ নামেৰে জনাজাত বীৰেন্দ্ৰই শ্ৰৱণ শক্তিহীন খেলুৱৈসকলৰ বাবে পেৰা খেলুৱৈৰ স্বীকৃতি দাবী কৰিছে।

বীৰেন্দ্ৰ সিঙে ২০০৫, ২০১৩ আৰু ২০১৭ চনৰ ডিফলিম্পিক্সত তিনিটা সোণৰ পদক লাভ কৰাৰ লগতে ২০০৯ চনৰ ডিফলিম্পিক্সত ব্ৰঞ্জৰ পদক জয়ী হৈছিল। তদুপৰি তেওঁ ২০১৬ চনত বিশ্ব বধিৰ কুস্তি চেম্পিয়নশ্বিপতো খিতাপ অৰ্জন কৰিছে। সেই প্ৰতিযোগিতাতে তেওঁ ২০০৮ আৰু ২০১২ ৰ সংস্কৰণত ৰূপ আৰু ব্ৰঞ্জ লাভ কৰিছিল।

বীৰেন্দ্ৰ সিঙে ৰাজীৱ গান্ধী ৰাজ্যিক ক্ৰীড়া বঁটা লাভ কৰাৰ উপৰিও ২০১৫ চনত অৰ্জুন বঁটা লাভ কৰিছিল।

মঙলবাৰে বীৰেন্দ্ৰ সিঙে সন্মানীয় পদ্মশ্ৰী বঁটা লাভ কৰাৰ আনন্দ প্ৰকাশ কৰি টুইটাৰত লিখে, ” ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ দেৱৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰি মই সঁচাকৈয়ে ধন্য। এই সন্মানীয় বঁটাৰ বাবে ভাৰত চৰকাৰৰ ওচৰত অত্যন্ত কৃতজ্ঞ।”

 

Apply Now

I am truly humbled and blessed to receive the Padma Shri award from our Hon’ble President of India Shri Ram Nath Kovind sir. Extremely grateful to the Government of India for this prestigious honour! 🙏 @rashtrapatibhvn #JaiHind🇮🇳 pic.twitter.com/aLutHF4QUA

— Virender Singh (@GoongaPahalwan) November 9, 2021

ইয়াক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰেও অনুষ্ঠানটোৰ এখন ফটো শ্বেয়াৰ কৰি টুইটাৰত লিখে, “হাৰিয়ানাৰ পুত্ৰ আৰু ফ্ৰীষ্টাইল কুস্তিৰ পেৰা ৰেষ্টলাৰ শ্ৰীযুত বীৰেন্দ্ৰ সিংক ‘পদ্মশ্ৰী’ বঁটাৰে সন্মানিত কৰাটো ৰাজ্যখনৰ সকলো লোকৰ বাবে গৌৰৱৰ বিষয়। এই বঁটাৰ বাবে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো।”

 

मुख्यमंत्री जी आप मुझे पैरा खिलाड़ी मानते है तो पैरा के समान अधिकार क्यों नहीं देते,पिछले चार वर्ष से दर-दर की ठोंकरे खा रहा हूँ मैं आज भी जूनियर कोच हूँ और न ही समान केश अवार्ड दिया गया, कल इस बारे मे मैंने प्रधानमंत्री श्री @narendramodi जी से बात की हैं अब फैसला आपको करना है! https://t.co/DC6UydM7AV

— Virender Singh (@GoongaPahalwan) November 10, 2021

মুখ্যমন্ত্ৰীৰ এই টুইটৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীক উপহাস কৰি পিছদিনা বীৰেন্দ্ৰ সিঙে টুইটত প্ৰতিক্ৰিয়া ব্যক্ত কৰে, “মুখ্যমন্ত্ৰী মহোদয়, যদি আপুনি মোক পেৰা খেলুৱৈ হিচাপে বিবেচনা কৰে, তেন্তে আপুনি আমাক পেৰা খেলুৱৈ হিচাপে সমান অধিকাৰ কিয় নিদিয়ে? মই এতিয়াও এজন কনিষ্ঠ প্ৰশিক্ষক আৰু মোক একো নগদ পুৰস্কাৰ দিয়া হোৱা নাই। কালি মই এই বিষয়ে প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিছিলো। এতিয়া আপুনি সিদ্ধান্ত ল’ব লাগিব।”

 

माननीय मुख्यमंत्री श्री @mlkhattar जी आपके आवास दिल्ली हरियाणा भवन के फुटपाथ पर बैठा हूँ और यहाँ से जब तक नहीं हटूँगा जब तक आप हम मूक-बधिर खिलाड़ियों को पैरा खिलाड़ियों के समान अधिकार नहीं देंगे, जब केंद्र हमें समान अधिकार देती है तो आप क्यों नहीं? @ANI pic.twitter.com/4cJv9WcyRG

— Virender Singh (@GoongaPahalwan) November 10, 2021

পিছত তেওঁ ৰাষ্ট্ৰীয় ৰাজধানীত হাৰিয়ানা ভৱনৰ সন্মুখত বহি থকা এখন ফটো টুইট কৰি খট্টৰক সুধিছিল যে ৰাজ্য চৰকাৰে তেওঁলোকক কিয় পেৰা খেলুৱৈৰ সমান বুলি বিবেচনা নকৰে৷ “সন্মানীয় মুখ্যমন্ত্ৰী মহাশয়, মই আপোনাৰ বাসগৃহ দিল্লী হাৰিয়ানা ভৱনৰ ফুটপাথত বহি আছো আৰু আপুনি পেৰা খেলুৱৈৰ দৰে বধিৰ খেলুৱৈক সমান অধিকাৰ নিদিয়ালৈকে মই ইয়াৰ পৰা নাযাম৷ যেতিয়া কেন্দ্ৰই আমাক সমান অধিকাৰ দিব পাৰে, তেতিয়া আপুনি কিয় নোৱাৰে ?”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd