• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছ চৰকাৰ বিৰোধী বাতৰিৰ বাবে বন্ধ চৰকাৰী বিজ্ঞাপন! প্ৰতিবাদত কাকতৰ সম্পাদকীয় পৃষ্ঠা উকা ৰাখিলে কৰ্তৃপক্ষই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2025 8:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানাৰ এখন উৰ্দু দৈনিক কাকত ‘দ্য মুনচিফ ডেইলী’ই চৰকাৰৰ প্ৰতিবাদত প্ৰকাশ কৰিছে এটা খালী সম্পাদকীয়। অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ সমালোচনাত্মক প্ৰতিবেদনৰ বাবে চৰকাৰী বিজ্ঞাপনৰ আবণ্টন বন্ধ কৰি দিছে। তেওঁলোকে দাবী কৰে যে এই পৰিস্থিতিয়ে ১৯৭৫ চনৰ ইন্দিৰা গান্ধীৰ জৰুৰীকালীন সময়ৰ কথা মনত পেলাই দিয়ে।

এক বিবৃতিত মুনচিফ দৈনিক কাৰ্যবাহী সম্পাদক আথেৰ মইনে কয় যে, ‘আমি বিভিন্ন বিষয় যেনে আৰক্ষীৰ ব্যৰ্থতা, সাম্প্ৰদায়িক অশান্তি, পৰিত্যক্ত মছজিদ ভাঙি পেলোৱা, সংখ্যালঘু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সাজ-পোছাক সলনি কৰা, ৱাকফৰ সম্পত্তি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰী নিষ্ক্ৰিয়তা আৰু মুছলমান প্ৰতিনিধিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নকৰাৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিছোঁ। ইয়াৰ উপৰিও ইমাম আৰু মুজিনৰ বকেয়া দৰমহা, বিবাহ বিচ্ছেদ হোৱা মহিলাৰ ভাট্টা স্থগিত ৰখা আদি বিষয়বোৰো মই পোহৰলৈ আনিছো। কিন্তু কংগ্ৰেছ চৰকাৰে প্ৰতিশোধ ল’বলৈ আমাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।’

Apply Now

তেওঁ আৰু কয়, ‘যদি ৰেভন্ত চৰকাৰে বিচাৰে যে আমি পাঠকক পতিয়ন নিয়াওঁ যে তেলেংগানাত কংগ্ৰেছৰ শাসনৰ অধীনত এটা সোণালী যুগ আহি পৰিছে, তেন্তে সেয়া কেতিয়াও সম্ভৱ নহ’ব। বৰং আমি সুধিম, কৃষিভূমি কিয় বন্যাৰ্ত হৈ পৰিছে? কিয় খাদ্যৰ অভাৱত মানুহ ভোকত আছে? নিৰীহ ছোৱালীক কিয় অত্যাচাৰ কৰা হৈছে?’

কাকতখনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো এককভাৱে উল্লেখ কৰে। তেওঁলোকে কয় যে ২০২৩ চনত ৱাশ্বিংটন ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে কৈছিল, ভাৰতত প্ৰেছ স্বাধীনতাৰ প্ৰতি ভাবুকি আহিছে, যিটো সমগ্ৰ বিশ্বই দেখিছে। গণতন্ত্ৰৰ স্বাৰ্থত স্বতন্ত্ৰ সাংবাদিকতা অতি প্ৰয়োজনীয়, আৰু সমালোচনা গ্ৰহণ কৰাৰ মানসিকতা থাকিব লাগে। অৱশ্যে তেওঁৰ দলে এতিয়া বিপৰীত পথত আগবাঢ়িছে বুলি অভিযোগ উত্থাপন কৰিছে।

কাকতখনে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, ‘ভাৰতৰ প্ৰায় সকলো উৰ্দু দৈনিক কাকতে মোদী চৰকাৰক সমালোচনা কৰিছে, কিন্তু কেন্দ্ৰীয় চৰকাৰে এটাও বিজ্ঞাপন বন্ধ কৰা নাই। তথাপিও সঁচা কথা কোৱাৰ ‘অপৰাধ’ৰ বাবে আমাক শাস্তি দিছে ৰেভান্ত ৰেড্ডীৰ কংগ্ৰেছ চৰকাৰে।’

কাকতখনে আৰু কয়, ‘১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে সংবাদ মাধ্যমৰ কণ্ঠ নিস্তব্ধ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল।”আজি তেওঁৰ দলটোৱে পুনৰ সেই ভুলটো কৰিছে। কিন্তু সকলোকে জনাওক—কলম এতিয়াও তৰোৱালতকৈও শক্তিশালী। ভাৰতীয় সাংবাদিকতা কেতিয়াও মৌন হৈ নাথাকে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd