• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

ইতিমধ্যে প্ৰথম পৰ্যায়ত ২২টা ব্যক্তিগত কোম্পানীক ঋণৰ বাবে মুঠ ২১৯২ কোটি টকাৰ অনুমোদন দিয়া হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 8, 2026 11:35 am
ফটোঃ এ আই।

ফটোঃ এ আই।

18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকাশ প্ৰযুক্তি, অৰ্ধপৰিবাহী, কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি ব্যক্তিগত খণ্ডত গভীৰ প্ৰযুক্তিৰ গৱেষণাক উৎসাহিত কৰিবলৈ কেন্দ্ৰই এক লাখ কোটি টকাৰ পুঁজি গঢ়ি তুলিছে। লক্ষ্য হৈছে গৱেষণাৰ স্বাৰ্থত ব্যক্তিগত কোম্পানীক আৰ্থিক সাহায্য প্ৰদান কৰা। ইতিমধ্যে প্ৰথম পৰ্যায়ত ২২টা ব্যক্তিগত কোম্পানীক ঋণৰ বাবে মুঠ ২১৯২ কোটি টকাৰ অনুমোদন দিয়া হৈছে। কিন্তু ইয়াতো দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, ঋণ লাভ কৰা ১৫টা কোম্পানীৰ সৈতে বাছনি সমিতিৰ সাতজন সদস্য জড়িত। সেই ১৫টা কোম্পানীৰ বাবে মুঠ ১৩৭৭ কোটিতকৈ অধিক ধন আবণ্টন দিয়া হৈছে।

Apply Now

সংসদত এই বিষয়টো উত্থাপন কৰে কংগ্ৰেছ ৰাজ্যসভাৰ সাংসদ প্ৰবীণ চক্ৰৱৰ্তীয়ে। কংগ্ৰেছ নেতা পৱন খেৰাইও এক্স হেণ্ডেলত টুইট কৰি বিষয়টো ব্যাখ্যা কৰে। অৱশ্যে এইক্ষেত্ৰতো মোডী চৰকাৰ নিমাত।

যোৱা ৩০ জুলাইত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে ইতিমধ্যে এই সাতজন সদস্যই নিৰ্বাচিত কোম্পানীসমূহৰ সৈতে আৰ্থিক সম্পৰ্কৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে তেওঁলোকৰ বিনিয়োগৰ ধৰণ বা পৰিমাণৰ সবিশেষ প্ৰকাশ কৰা হোৱা নাই। পিছত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে কয় যে সকলো নিৰ্বাচন কেৱল যোগ্যতাৰ ভিত্তিত কৰা হৈছে।

পৰিসংখ্যা অনুসৰি মুঠ ১২৪টা কোম্পানীয়ে আৰ্থিক সাহায্যৰ বাবে আবেদন কৰিছিল। তেওঁলোকক বাছনি কৰাৰ দায়িত্ব আছিল ১২ জনীয়া বিনিয়োগ সমিতি অৰ্থাৎ প্ৰযুক্তি উন্নয়ন ব’ৰ্ড (টিডিবি)ৰ হাতত। এই সমিতিখনত প্ৰযুক্তি জগতৰ ১১ গৰাকী বিশেষজ্ঞ আৰু ভোটাধিকাৰহীন এজন চৰকাৰী প্ৰতিনিধি আছিল।

ঋণৰ বাবে ২২টা কোম্পানী বাছনি কৰা হয়। অভিযোগ অনুসৰি টিডিবিৰ সাতজন সদস্যৰ ১৫টা কোম্পানীৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক আছে। এই তালিকাত প্ৰথম নামটো হৈছে কমিটীৰ অধ্যক্ষ তথা ইণ্ডিয়ান এঞ্জেল নেটৱৰ্কৰ সহ-প্ৰতিষ্ঠাপক সৌৰভ শ্ৰীবাস্তৱৰ নাম। অভিযোগ অনুসৰি কেৱল তেওঁৰে ৯টা কোম্পানীৰ সৈতে সম্পৰ্ক আছে। ইয়াৰে পুনেস্থিত ন’কাৰ ৰবটিক্সত সৌৰভৰ ব্যক্তিগত অংশীদাৰিত্ব ০.৭৫ শতাংশ। কোম্পানীটোৱে আৰ ডি আই পুঁজিৰ পৰা লাভ কৰিছিল ১১.৪১ কোটি টকা।

একেদৰে দাবী কৰা হৈছে যে টাটা ইণ্ডাষ্ট্ৰীজৰ কাৰ্যবাহী সঞ্চালক তথা টিডিবিৰ অন্যতম সদস্য কে আৰ এছ জামৱালৰ সৈতে তেজছ নেটৱৰ্ক, মানষ্টু স্পেচ, থিংকমেটালকে ধৰি মুঠ সাতটা কোম্পানীৰ সম্পৰ্ক আছে।

সেইদৰে, টিভিএছ কেপিটেল ফাণ্ডছৰ অধ্যক্ষ গোপাল শ্ৰীনিবাসনৰ অগ্নিকুল কচমছৰ সৈতে আৰ্থিক সম্পৰ্ক, পিনাকল ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ সুধীৰ মেহতাৰ ৰিপ্লাছ ইংটেক, তেজছ নেটৱৰ্কছ আৰু আথেৰ এনাৰ্জীৰ সৈতে আৰ্থিক সম্পৰ্ক, তেজছ নেটৱৰ্কছৰ প্ৰাক্তন চিইঅ’ সঞ্জয় নাইকৰ তেজছ নেটৱৰ্কছ আৰু আথেৰ এনাৰ্জীৰ সৈতে আৰ্থিক সম্পৰ্ক, পাৰ্চিষ্টেণ্ট চিষ্টেমছৰ অধ্যক্ষ আনন্দ দেশপাণ্ডেৰ চেৰিজেন মেডিপ্ৰডাক্টছৰ সৈতে আৰ্থিক সম্পৰ্ক, আৰু টাটা ষ্টীলৰ প্ৰাক্তন ভাইচ চেয়াৰমেন দেৱাশীষ ভট্টাচাৰ্যৰ নিওচিকাৰ মেটালছৰ সৈতে আৰ্থিক সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছে।

অৱশ্যে আটাইকেইজন অভিযুক্ত সদস্যই অনিয়মৰ অভিযোগ অস্বীকাৰ কৰিছে। তেওঁলোকৰ দাবী যে আৰ ডি আই ফাণ্ডৰ নিৰ্দেশনা অনুসৰি যদি কোনো কোম্পানীৰ সৈতে আৰ্থিক সম্পৰ্ক থাকে তেন্তে সেই কোম্পানীটোৰ আবেদনৰ মূল্যায়ন আৰু অনুমোদন কৰাৰ সময়ত সংশ্লিষ্ট সদস্যজনে বৈঠকৰ পৰা আঁতৰি আহিব লাগে।

সৌৰভ শ্ৰীবাস্তৱে কয় যে এই সমিতিখন প্ৰযুক্তিবিদ্যা আৰু বিনিয়োগ খণ্ডৰ অভিজ্ঞ লোকেৰে গঠিত হোৱাৰ বাবে এনে পৰিস্থিতি অস্বাভাৱিক নহয়। কিন্তু কংগ্ৰেছৰ সাংসদ প্ৰবীণ চক্ৰৱৰ্তীয়ে কয় যে তেওঁ কাকো অনিয়মৰ অভিযোগ উত্থাপন কৰা নাই। তেওঁৰ চিন্তা চৰকাৰী ধনৰ ব্যৱহাৰৰ প্ৰতিষ্ঠানিক স্বচ্ছতাক লৈ। তেওঁৰ মতে, ডিপ-টেক ৰিচাৰ্চৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পুঁজি বিতৰণৰ বাবে কমিটীত বিজ্ঞানী, শিক্ষাবিদ আৰু অবাণিজ্যিক বিশেষজ্ঞৰ সংখ্যা বৃদ্ধি কৰিব লাগে। প্ৰয়োজন সাপেক্ষে বিত্তীয় মূল্যায়নৰ বাবে বাহ্যিক বিশেষজ্ঞসকলৰ মতামত ল’ব পাৰি।

 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm
চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd