• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী মুক্ত অসম গঢ়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব : ৰাজ্যপাল জগদীশ মুখী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 26, 2019 11:34 am
governor in parade.jpg 2

খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত ভাষণ দিছে ৰাজ্যপাল জগদীশ মুখীয়ে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’বিদেশী মুক্ত অসম গঢ়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অবৈধ অনুপ্ৰবেশৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰিছে।‘’ আজি খানাপাৰাত ৭০’ তম গণৰাজ্য দিৱসৰ কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত এইদৰে কয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।

“এনআৰচিৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এক সঠিক আৰু প্ৰামাণিক খচৰা তৈয়াৰ কৰা হৈছে, য’ত ৰাজ্যৰ সম্পূৰ্ণ প্ৰশাসন ব্যৱস্থাই নিজৰ সম্পূৰ্ণ সামৰ্থ্য আৰু নিষ্ঠাৰে কাম কৰিছে,”-এইদৰে কয় ৰাজ্যপাল মুখীয়ে।

Apply Now

আনহাতে, অসম চুক্তিৰ ৬ নং দফা এই চুক্তিৰ আত্মা বুলিও ৰাজ্যপাল গৰাকীয়ে সদৰী কৰি তেওঁ লগতে কয়,” অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰাজনৈতিক অধিকাৰসমূহ যিকোনো উপায়ে সুৰক্ষিত কৰা হ’ব।”

ভাষণ প্ৰসংগতে ৰাজ্যপালে উত্থাপন কৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগও। তেওঁ কয় “ছয় জনগোষ্ঠীক অনুসুচিত জনজাতিৰ মৰ্য্যদা দিয়া হ’ব। এই সিদ্ধান্ত গ্ৰহণ কৰোতে আমি এই বিষয়ৰ প্ৰতি সচেতন যাতে বৰ্তমানৰ অনুসূচিত জনজাতিসমূহৰ ওপৰত কোনোধৰণৰ চাপ আৰু বিৰূপ প্ৰভাব নপৰে।”

তদুপৰি, দীনদয়াল গ্ৰামীন কৌশল যোজনাৰ অধীনত গ্ৰামাঞ্চলত ৩৩,২২৯ গৰাকী যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হৈছে বুলি ভাষণৰ মাজতে উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে।

তেওঁ লগতে মহিলাসকলৰ বিকাশৰ বাবে ‘কনকলতা মহিলা সবলীকৰণ যোজনাৰ অধীনত ১.১৩ লাখ আত্ম সহায়ক গোটক আৰ্থিক সাহায্য প্ৰদান কৰি মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ কাম চলি আছে বুলিও কয়।

ৰাজ্যপালগৰাকীয়ে ভাষণত উল্লেখ কৰে যে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবদ ২০১৮-১৯’ বৰ্ষত বাজেটত ধাৰ্য কৰা হৈছে ৯৮০ কোটি টকা। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বৃত্তিমূলক শিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহৰ বিকাশৰ বাবে ৬৬৭ কোটি টকা আৱন্টন কৰা হৈছে।

তদুপৰি, ২৮ খন জিলা, ২০৪ টা ব্লক, ২৪১১ খন গাওঁ পঞ্চায়ত, ২২,৪১৮ খন গাওঁ মুকলি স্থানত মলত্যাগ মুক্ত ঘোষিত কৰা হৈছে। চলিত বৰ্ষৰ ২ অক্টোবৰৰ ভিতৰত মুকলি স্থানত মলত্যাগ মুক্ত হৈ যাব বুলিও দাবী কৰে ৰাজ্যপালে।

আজিৰ শুভ দিনত স্বাধীনতা যুঁজাৰুসকলক স্মৰণ কৰাৰ লগতে ৰাজ্যপালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ময়ে ভাৰতৰ নবীন সূৰ্য্য” শীৰ্ষক কবিতাৰ পংক্তিৰে ভাষণ সামৰে।

ৰাজ্যপালৰ ভাষণৰ পাছতে আৰক্ষী বাহিনীৰ কুছকাৱাজ প্ৰদৰ্শন আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য পৰিবেশিত হয়। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই গণৰাজ্য দিৱসত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd