• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰদেৱ প্ৰকৃতাৰ্থত সমাজ সংস্কাৰক আছিল : ৰাজ্যপাল অধ্যাপক জগদীশ মুখী

আমি ভাতৃত্ববোধৰ চিন্তাধাৰাৰে সমাজৰ কল্যাণৰ হকে কাম কৰিব লাগিব : ড: নগেন শইকীয়া

মিণ্টু দাস by মিণ্টু দাস
November 23, 2018 6:43 am
governor

নগাঁবৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত বৃহস্পতিবাৰে ভাষণ দিছে ৰাজ্যপাল জগদীশ মুখীয়ে। ফটো : নৰ্থইষ্ট নাও

36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব ভাৰতৰ অন্যতম তথা বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত প্ৰতিষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বৃহস্পতিবাৰে তৃতীয় সমাৱৰ্তন অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সমাৱৰ্তনত ভিজিটৰ হিচাপে অংশগ্ৰহণ কৰি অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয়, ‘’মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সকলো গুণৰ অধিকাৰ এগৰাকী প্ৰতিভাৱান মহাপুৰুষ আছিল। তেওঁ সৃষ্টিৰাজিয়ে সকলোকে আকৰ্ষিত কৰি তুলিছে।‘’

Apply Now

ৰাজ্যপালগৰাকীয়ে কয় যে অসমৰ সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যোৱা এইজনা মহাপুৰুষে তাহানিতেই সমাজৰ পৰা অন্ধবিশ্বাসী, কু-সংস্কাৰ, কু-প্ৰথা আদি দূৰ কৰি এখন সাম্যবাদী সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে।ইংৰাজী নাট্য সাহিত্যৰ পিতৃস্বৰূপ উলিয়াম ছেক্সপিয়েৰ এশ বছৰ আগতেই শংকৰদেৱে নাটক ৰচনা কৰি নাট্য সাহিত্যৰ সৃষ্টি কৰি গৈছে।

মহাপুৰুষজনাৰ অপৰিসীম কৃতিত্বৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে লগতে কয়, ‘’মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অকল ধৰ্মগুৰু নাছিল, তেওঁ আছিল প্ৰকৃতাৰ্থত এগৰাকী সমাজ সংস্কাৰক। মহাপুৰুষজনে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ হকে কাম কৰি নৈতিক আৰু আধ্যাত্মিক ভাৱধাৰাৰ চেতনা মানুহৰ মাজত জাগ্ৰত কৰিছিল।‘’

ৰাজ্যপালগৰাকীয়ে ভাষণ প্ৰসংগত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা যিসকলে উচ্চ শিক্ষাৰে শিক্ষিত হৈছে, তেওঁলোকে অনাগত সময়খিনিত নি:স্বাৰ্থভাৱে সমাজ আৰু দেশৰ বাবে সেৱা কৰিব বুলি আশা প্ৰকাশ কৰে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড: নগেন শইকীয়াই কয় যে আমি কেৱল নিজৰ স্বাৰ্থ পুৰণত ব্ৰতী হ’ব নালাগে, বৰং বৃহৎ মানৱতা আৰু সমাজ গঠনৰ হকেহে কাম কৰিব লাগে। বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে নিজকে ইমান উচ্চ শিখৰলৈ লৈ গৈছে যে এতিয়া সমগ্ৰ পৃথিৱীখনেই ডিজিটেল হৈ পৰিছে।

মানৱতাৰ প্ৰকৃত অৰ্থ দাঙি ধৰি সাহিত্যিক ড: শ‌ইকীয়াই কয় যে মানৱতা হৈছে মানুহৰ এক নিৰ্দিষ্ট প্ৰকৃতি, যিয়ে মানুহৰ অন্তৰত দয়া, মমতা, মৰম, ভালপোৱা, অহিংসাৰ মনোভাৱ উজ্জীৱিত কৰে। তদুপৰি মানৱতাই মানুহক শান্তিৰে একেলগে বসবাস কৰাৰ জ্ঞান প্ৰদান কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৌদ্ধিকভাৱে শংকৰদেৱ বহু উচ্চ মনৰ অধিকাৰী আছিল। জীৱ আৰু ঈশ্বৰৰ ধাৰণাৰে মহাপুৰুষজনাই সমাজ সংস্কাৰৰ বাট দেখুৱাই গৈছে। ভাষণ প্ৰসংগত ড: শ‌ইকীয়াই লগতে কয়, ‘’আমি সকলোৱে ভাতৃত্ববোধৰ চিন্তা ধাৰাৰে মানৱ জাতিৰ কল্যাণৰ হ’কে কাম কৰি যাব লাগিব।‘’

তেওঁ শংকৰদেৱৰ শিক্ষাৰ কথা উল্লেখ কৰি কয় যে পথ সন্ধিৰে মানৱতাক উদ্ধাৰ কৰা শংকৰদেৱ আজিও প্ৰাসংগিক। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড: কন্দৰ্প কুমাৰ ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য ভবেন্দ্ৰ নাথ ডেকা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিৰ উপৰিও বহু কেইগৰাকী গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে।

এই অনুষ্ঠানতে বিশ্ববিদ্যালয়খনৰ পৰা বিভিন্ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু এম ফিল ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাবে ডিগ্ৰী প্ৰদান কৰে ৰাজ্যপাল মুখীয়ে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd