• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২ লাখ যুৱক-যুৱতীক সামৰি ১ হাজাৰ কোটিটকীয়া চমকপ্ৰদ আঁচনি মন্ত্ৰী হিমন্তৰ

‘স্বয়ম’ আঁচনিৰ জৰিয়তে যুৱক-যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰকৈ টকা; কিন্তু পূৰণ কৰিব লাগিব বহু চৰ্ত!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 4, 2020 2:40 pm
Himanta Biswa Sarmah (1)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ২ লাখ যুৱকক সামৰি এখন আঁচনিৰ আজিৰে পৰা কাৰ্য্যকৰী হোৱা বুলি সদৰী কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীয়ে সংবাদমেলত জনোৱা অনুসৰি সংশোধিত বা পুনৰীজ্জীৱিত স্বয়ম অৰ্থাৎ স্বামী বিবেকানন্দ য়ুথ এমপাৱাৰমেন্ট যোজনা অনুসৰি অহা ৩ মাহত ৰাজ্য চৰকাৰে ১হাজাৰ কোটি টকা খৰচ কৰিব বিচাৰছে।

Apply Now

তেওঁ আৰু কয় ‘বেংকৰ ওপৰত নিৰ্ভৰ নকৰি ৰাজ্য চৰকাৰে পুঁজি পোনে পোনে মুকলি কৰি দিব। আঁচনি অনুসৰি ২ লাখ যুৱক-যুৱতীক ৫০ হাজাৰ টকাকৈ ছাবচিডি চিপ কেপিটেল দিয়া হ’ব।

এই ধন চৰকাৰক ঘূৰাই দিব নালাগে। প্ৰত্যেক বছৰেই এই আঁচনি চলি থাকিব।‘

১ ছেপ্টেম্বৰৰ আগতে আত্ম সহায়ক গোট  বা জয়েন্ট ক্লাইভেলিটি গ্ৰুপত বা আন ধৰণৰ সামূহিক প্ৰচেষ্টা   আৰম্ভ কৰা সকলক  এই ধন দিয়া হ’ব বুলি শৰ্মাই জানিবলৈ দিয়ে।

‘যিবোৰে সামূহিকভাৱে  কাম কৰিছে তেনে গ্ৰুপবোৰে  এই ধন লাভ কৰিব। ১০ জনীয়া গ্ৰুপ হ’লে পাঁচ লাখ টকা, ২০ জনীয়া গ্ৰুপ হ’লে ১০ লাখ আৰু ৫ জনীয়া গ্ৰুপ হ’লে আঢ়ৈ লাখ দিয়া হ’ব। অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ ভাগত ৫০ হাজাৰ টকাকৈ পৰিব।‘ মন্ত্ৰীয়ে সংবাদমেলত কয়।

ইয়াৰোপৰি, অহা ১৬ ছেপ্টেম্বৰত এটা পৰ্টেল আৰম্ভ কৰিব বিত্ত বিভাগে। সেই পৰ্টেলত বিভিন্ন গ্ৰুপবোৰে আবেদন কৰিব পাৰিব বুলি মন্ত্ৰীয়ে জনায়।

তেওঁ আৰু  কয় ‘তাত গ্ৰুপটোৰ বেংক একাউণ্ট নম্বৰ আৰু সদস্যসকলৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব। পূৰ্বতে এইটো উদ্যোগ বিভাগে চোৱা চিতা কৰিছিল এতিয়া বিত্ত বিভাগে পোনে পোনে নিৰীক্ষণ কৰিব জিলা উপায়ুক্তৰ সহায়ত।

যেতিয়া এই আৱেদন পূৰণ কৰিব তেতিয়া সেইখিনি জিলাসমূহলৈ প্ৰেৰণ কৰা হ’ব।‘

মন্ত্ৰীগৰাকীয়ে সংবাদমেলত স্পষ্ট কৰা অনুসৰি ‘কোনো ৰাজনৈতিক ব্যক্তি এই জিলা পৰ্যায়ৰ কমিটীত অন্তৰ্ভুক্ত হ’ব নোৱাৰিব।‘

আবেদন লাভ কৰাৰ পাছত তিনি দিনৰ বাবে চিনাক্ত হোৱা গ্ৰুপবোৰক প্ৰশিক্ষণ দিয়া হ’ব বুলি শৰ্মাই কয়।

তাৰপাছত ৰাজ্য চৰকাৰৰ যিকোনো বিভাগতে যুৱকসকলে এটা ব্যৱসায়ৰ আঁচনি দাখিল কৰিব পাৰিব।

প্ৰতিজন ব্যক্তিৰ ব্যক্তিগত একাউণ্টত টকা জমা কৰি দিয়া হ’ব যদিও গ্ৰুপত সভাপতি -সম্পাদকৰ হাতত প্ৰথমে ৩০ হাজাৰ টকা দিব লাগিব। যদি তেনে নকৰে তেন্তে পাছৰ ২০ হাজাৰ টকা লাভ নকৰিব বুলি মন্ত্ৰীয়ে জনায়।

মন্ত্ৰীয়ে লগতে কয় ‘তেওঁলোকক ৰাজ্য চৰকাৰৰ যিকোনো বিভাগৰ বাবে বিনামূলীয়া কনট্ৰেকটিঙৰ লাইচেন্স দিয়া হ’ব।‘

এই গ্ৰুপটোৰ সদস্যসকলে কমেও মেট্ৰিক পাছ কৰিব লাগিব আৰু বয়সৰ সীমা ৪০ বছৰ হ’ব বুলি মন্ত্ৰীয়ে জনায়।

ইয়াৰোপৰি, হিতাধিকাৰী যুৱক যুৱতীৰ বেংক একাউন্ট চলিত বৰ্ষৰ ১ এচেপ্তেম্বৰলকৈ এক বছৰ পুৰণি হ’ব লাগিব।

গড়কপ্তানি বিভাগৰ যি তৃতীয় পৰ্য্যায়ৰ কাম আছে সেইখিনি এই গ্ৰুপ বিলাকেই লাভ কৰিব বুলি তেওঁ কয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ে কোভিদক লৈ যথেষ্ট চিন্তা-চৰ্চা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন অনুসৰি ৰাজ্য চৰকাৰে কোনো লকডাউন দিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লৈহে লকডাউন দিব পাৰিব।

গতিকে মাস্ক আৰু সামাজিক দুৰত্বৰ বাহিৰে বেলেগ অস্ত্ৰ নাই।

গুৱাহাটী উচ্চ ন্যায়ালয়ে মাস্ক নিপিন্ধিলে ৫০০ টকা ফাইন লোৱাটো বাধ্যতামূলক কৰিব লাগে বুলি কৈছে।

দুখীয়া মানুহক বিনামূলীয়া মাস্ক বিতৰণ কৰিব পাৰি নেকি চিন্তা চৰ্চা কৰি থকা হৈছে বুলি তেওঁ কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

August 3, 2026 4:33 pm
ডিমা হাছাওৰ ঘন অৰণ্যত তিনি দিন আবদ্ধ হৈ থকা ২৩ বন বিভাগৰ বিষয়া-কৰ্মচাৰী নিৰাপদে উদ্ধাৰ

ডিমা হাছাওৰ ঘন অৰণ্যত তিনি দিন আবদ্ধ হৈ থকা ২৩ বন বিভাগৰ বিষয়া-কৰ্মচাৰী নিৰাপদে উদ্ধাৰ

August 3, 2026 4:07 pm
নেৰানেপেৰা বৰষুণত বিপৰ্যস্ত কেৰালা: বান আৰু দুৰ্ঘটনাত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ বহুতো

নেৰানেপেৰা বৰষুণত বিপৰ্যস্ত কেৰালা: বান আৰু দুৰ্ঘটনাত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ বহুতো

August 3, 2026 3:15 pm
৫ আগষ্টতেই দেশলৈ উভতি অহাৰ দিন ঘোষণা কৰিব নেকি শ্বেখ হাছিনাই? বুধবাৰৰ বিয়লিলৈ সকলোৰে অপেক্ষা

৫ আগষ্টতেই দেশলৈ উভতি অহাৰ দিন ঘোষণা কৰিব নেকি শ্বেখ হাছিনাই? বুধবাৰৰ বিয়লিলৈ সকলোৰে অপেক্ষা

August 3, 2026 2:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

August 3, 2026 4:33 pm
ডিমা হাছাওৰ ঘন অৰণ্যত তিনি দিন আবদ্ধ হৈ থকা ২৩ বন বিভাগৰ বিষয়া-কৰ্মচাৰী নিৰাপদে উদ্ধাৰ

ডিমা হাছাওৰ ঘন অৰণ্যত তিনি দিন আবদ্ধ হৈ থকা ২৩ বন বিভাগৰ বিষয়া-কৰ্মচাৰী নিৰাপদে উদ্ধাৰ

August 3, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd