• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭ বছৰীয়া শিশু কন্যাক গুলীয়াই হত্যা ম্যানমাৰ সেনাৰ : প্রাণৰ মমতাত সন্ত্ৰস্ত পৰিয়ালবৰ্গৰ আত্মগোপন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2021 5:12 pm
210325213354-khin-myo-chit-super-tease
330
VIEWS
Share on FacebookShare on Twitter

যোৱা ১ ফেব্ৰুৱাৰিত হোৱা সামৰিক অভ্যুত্থানৰ পিছৰে পৰা একেৰাহে ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী জনতাৰ বিপুল প্ৰতিবাদ।

প্ৰতিবাদী জনতাক ভীতিগ্ৰস্ত কৰিবলৈ ম্যানমাৰৰ সামৰিক প্ৰশাসকে সেনা বাহিনীক প্ৰতিবাদী জনতাৰ ওপৰত গুলীবৰ্ষণৰ নিৰ্দেশ দিছে আৰু সেনাবাহিনীৰ এই গুলীবৰ্ষণত এতিয়ালৈকে প্ৰায় ৩৫০ গৰাকীৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে।

ইয়াৰ মাজত দেশখনৰ ২০ গৰাকীৰো অধিক শিশুও আছে। অৰ্থাৎ ম্যানমাৰৰ সেনাই নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত হত্যালীলা চলাইয়ে ক্ষান্ত থকা নাই, দেশখনৰ শিশুকো গুলীয়াই হত্যা কৰিছে।

ম্যানমাৰ সেনাই গুলীয়াই হত্যা কৰা আটাইতকৈ কণিষ্ঠ শিশুটিৰ বয়স হৈছে মাত্ৰ সাত বছৰ।

যোৱা ২৭ ফেব্ৰুৱাৰিত খিন মাও চিট নামৰ সাত বছৰীয়া কন্যা শিশুটিক নিজ বাসগৃহৰ দুৱাৰ মুখতে গুলীয়াই হত্যা কৰে ম্যানমাৰ সেনাই। ইফালে বৃহস্পতিবাৰে পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি শিশুটিৰ বয়স মাথো ৬ বছৰহে আছিল।

অন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ অনুসৰি মাণ্ডালয় চহৰৰ এই শিশুটিক সেনাই গুলীয়াই হত্যা কৰাৰ পিছত প্ৰাণৰ ভয়তে পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে আত্মগোপ কৰিবলৈ বাধ্য হৈছে।

“সেনাই গুলীয়াওতে তাই মোৰ ফালে বুকু কৰি মোৰ বুকুত হালি পৰিছিল। তাইক গুলীওৱাৰ পিছত মই আৰু সেনাৰ ফালে চাব পৰা নাছিলো।” শিশুটিৰ পিতৃৰ উদ্ধৃতিৰে ৰয়টাৰ-এ কয়।

গুলীবিদ্ধ শিশুটিক স্থানীয় জৰুৰী ক্লীনিকলৈ নিয়া হৈছিল যদিও সেনাবাহিনীৰ কৱলত থকাৰ বাবে চিকিৎসালয়খনত চিকিৎসক আৰু নাৰ্ছে তাইক চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাছিল।

ইফালে চিকিৎসকে জনোৱা অনুসৰি শিশুটি চিকিৎসকৰ ওচৰ পোৱাৰ পূৰ্বেই মৃত্যু হৈছিল। “আমি তাইৰ জীৱনটো ৰক্ষা কৰিবলৈ একোৱে কৰিব নোৱাৰিলো।” চিকিৎসকে কয়।

“তেওঁলোকে (সৈন্য) কি অপৰাধৰ বাবে তাইক হত্যা কৰিলে? আৰু আমি কি পাপ কৰিছো ?” শিশুটিৰ জ্যেষ্ঠ ভগ্নীয়ে এক গোপন তথা অজ্ঞাত স্থানৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএন-ক এইদৰে কয়।

নিৰাপত্তা স্বাৰ্থত নামপ্ৰকাশত অনিচ্ছুক শিশুটিৰ পিতৃয়েও চিএনএনৰ আগত ম্যানমাৰ সামৰিক প্ৰশাসনক প্ৰশ্ন কৰে “আমি কি কৰিম? আৰু শিশুটিয়ে কি কৰিছিল?”

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd