• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাপৰ চাহ বাগিচাৰ ‘জি, ই ,এল গীৰ্জা’ৰ অতিথিশালা উদ্বোধন, ‘পেৰিছ সভা’ সম্পন্ন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
November 21, 2021 9:17 pm
197
VIEWS
Share on FacebookShare on Twitter

“বাগিচা অঞ্চললৈ আহিলেই বাগিচাৰ সেউজীয়াই মনটোক এক অম্লান শান্তি দিয়ে,কাম কৰাৰ অদম্য, প্ৰেৰণা দিয়ে। যোৱা পাঁচ বছৰৰ মোৰ বিধায়কৰ কাৰ্যকালত আমাৰ তিনিখন চাহবাগিচাৰ উন্নয়নৰ কাৰণে সাধ্যানুসাৰে কৰাৰ চেষ্টা কৰিছোঁ।আমাৰ সমাজৰ সকলো শ্ৰেণীৰ সম উন্নয়নেই আমাৰ লক্ষ্য ।পিছপৰা শ্ৰেণীৰ উন্নয়ন আৰু অগ্ৰগতিকেই মূল উদ্দেশ্য কৰিছোঁ আৰু কৰি থাকিম।” এই মন্তব্য বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম ৰাজ্যিক বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীৰ।

আজি ধুবুৰী জিলাৰ চাপৰ চাহ বাগিচাস্থিত জি, ই ,এল গীৰ্জা প্ৰাংগণত সম্পন্ন অতিথিশালা উদ্ঘাটন আৰু পেৰিছ সভা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক সিংহীয়ে এইদৰে কয়।

উল্লেখ্য যে অসম চৰকাৰৰ ২০১৯-২০ বৰ্ষৰ ‘অসম দৰ্শন’ আঁচনিৰ অধীনত উক্ত গীৰ্জাৰ আন্ত:গাঁথনি উন্নয়ন আৰু অতিথিশালা নিৰ্মাণ কৰা হয়।এই আঁচনিৰ অধীনত নিৰ্মিত এই অতিথি শালা গৃহটোৰে আজি উদ্ঘাটন কৰাৰ লগতে পেৰিছ সভা উদযাপন কৰা হয়।

আজিৰ এই অনুষ্ঠানত প্ৰাক্তন বিধায়ক গৰাকীৰ লগতে ধুবুৰীৰ উপায়ুক্ত অন্বমুথন এম, পি ও উপস্থিত থাকি বাগিচা অঞ্চলৰ উন্নতিৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্বৰ কথা ব্যাখ্যা কৰে।

উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত চাপৰ চাহ বাগিচাত অসম চৰকাৰে স্থাপন কৰিবলৈ লোৱা আদৰ্শ হাইস্কুল নিৰ্মাণৰ স্থানৰ ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষই বিধিপথালি দিয়াৰ কথা উল্লেখ কৰি কয় যে বিদ্যালয় খন পূৰ্ব নিৰ্ধাৰিত স্থানতে হব ।

‘আছা’ৰ কেন্দ্ৰীয় উপ সভাপতি ৰেজন হৰ’ৱে আঁত ধৰা অনুষ্ঠানটোত উত্তৰ-পূব ডায়াছিছ জি, ই ,এল, চি ৰ বিশ্বপ নিৰাল ভূঞাই অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত এক আধ্যাত্মিক বাৰ্তা প্ৰেৰণ কৰে।

প্ৰভু য়ীছু খ্ৰীষ্টৰ মধুৰ বাণীৰে দুদিনীয়া কাৰ্যসূচীৰে মৰনৈ পেৰিছৰ অন্তৰ্গত চাপৰ মণ্ডলীত পবিত্ৰ পেৰিছ সভা উলহ মালহৰে পালন কৰা হয়। আজি বিভিন্ন অনুষ্ঠানৰ লগতে গীত মাত, কুইজ, বাইবেল মুখস্থ আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

জানিব পৰা মতে চাপৰ মণ্ডলীত আয়োজিত এই পবিত্ৰ অনুষ্ঠানত মৰনৈ, দুমনি সাধু পাৰা, বাশবাৰী , বীৰঝোৰা আদি মণ্ডলীৰ পৰা বহু সংখ্যক পুৰুষ- মহিলা, যুৱক- যুৱতী , তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে এই অনুষ্ঠানৰ অন্তিম পৰ্বত আছা কেন্দ্ৰীয় কমিটিৰ উপ- সভাপতি ৰেজন হৰোই নিজৰ ভাষণত কয় যে বিগত কালছোৱাত প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘীৰ বলিষ্ঠ পদক্ষেপৰ বাবেই চাপৰ অঞ্চলৰ তিনি খন চাহ বাগিচাত ৰাস্তা- ঘাট কে ধৰি শিক্ষা দীক্ষা , চিকিৎসা আদি বিভিন্ন ক্ষেত্ৰত এক লেখতলবলগীয়া উন্নতি হৈছে ।

এনে কাম বিগত পঞ্চাছ বছৰৰ ভিতৰত হোৱা নাছিল বুলিও তেওঁ কয় ।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd