• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অধ্যক্ষক মন্ত্ৰী চুদাসামাৰ বিধান সভাৰ আসনখন শীঘ্ৰে শূণ্য কৰাৰ দাবী গুজৰাট কংগ্ৰেছৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 14, 2020 9:02 am

2 min read

Bhupendrasinh-Chudasama-696x392

গুজৰাট ৰাজ্য চৰকাৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং চুদাসামা

5.1k
VIEWS
Share on FacebookShare on Twitter

গুজৰাট উচ্চ ন্যায়ালয়ে গুজৰাট ৰাজ্য চৰকাৰ মন্ত্ৰী ভূপেন্দ্ৰ সিংহ চুদাসামাৰ বিধান সভাৰ সদস্য পদ অবৈধ বুলি ঘোষণা কৰাৰ পিছত গুজৰাট কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা বুধবাৰে গুজৰাট চৰকাৰৰ মন্ত্ৰী চুদাসামাই নিৰ্বাচনত ক্ষমতাৰ অপব্যৱহাৰ কৰি জয়ী হৈছিল বুলি প্ৰমাণিত হোৱাৰ পিছত ন্যায়ালয়ে তেওঁৰ সদস্য পদক অবৈধ বুলি ঘোষণা কৰে।

ইয়াৰ পিছতে গুজৰাট ৰাজ্যিক কংগ্ৰেছে চুদাসামাই প্ৰতিনিধিত্ব কৰা ধ’লকা বিধান সভা আসনখন শূণ্য বুলি ঘোষণা কৰিবলৈ বিধান সভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰি দাবী জনাইছে।

ন্যায়ালয়ৰ ৰায়ৰ পিছতে বিৰোধী দলপতি পৰেশ ধানানিয়ে বুধবাৰে বিধান সভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰত কৈছে যে অতি শীঘ্ৰেই উক্ত আসনখন খালী বুলি ঘোষণা কৰিব লাগে।

তেওঁ লিখিছে যে উচ্চ ন্যায়ালয়ে চুদাসামাৰ স্থগিত ৰখাৰ আবেদন খাৰিজ কৰাৰ পিছত আসনখন শূণ্য বুলি ঘোষণা নকৰিলে ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰা হ’ব।

উল্লেখ্য যে যোৱা ২০১৭ চনৰ গুজৰাট বিধান সভাৰ নিৰ্বাচনত আহমদাবাদ জিলাৰ ধ’লকা বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অশ্বিন ৰাথোড়ক ৩২৭ ভোটত পৰাস্ত কৰি চুদাসামাক বিজয়ী বুলি ঘোষণা কৰা হৈছিল।

এই ফলাফলত চুদাসামাই ক্ষমতা অপব্যৱহাৰ কৰাৰ অভিযোগ তুলি কংগ্ৰেছ প্ৰাৰ্থীগৰাকী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল। ইতিমধ্যে ন্যায়ালয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সপক্ষে ৰায়দান কৰিছে।

“উচ্চ ন্যায়ালয়ৰ আদেশৰ ভিত্তিত গুজৰাটৰ ধ’লকা বিধান সভাৰ আসনখন কোনো বিলম্ব নকৰাকৈ শূণ্য বুলি ঘোষণা কৰিবলৈ আপোনাক অনুৰোধ জনালো। কাৰণ ন্যায়ালয়ে ইতিমধ্যে চুদাসামাৰ স্থগিত ৰখাৰ আবেদন খাৰিজ কৰিছে আৰু তাৎক্ষণিকভাৱে ন্যায়ালয়ৰ আদেশ কাৰ্যকৰী কৰিব লাগে।” বিৰোধী দলপতি গৰাকীয়ে পত্ৰখনত এইদৰে কয়।

চুদাসামাই বৰ্তমান বিজয় ৰূপানী গুজৰাট চৰকাৰৰ মন্ত্ৰীসভাৰ শিক্ষা, আইন আৰু ন্যায়, সংসদীয় পৰিক্ৰমা আদি কেবাটাও দপ্তৰৰ দায়িত্বত আছে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd