NORTHEAST NOW (Assamese)

মহিলা আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰৰ গোচৰ: জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰিলে বৰপেটাৰ আদালতে

April 29, 2022 3:49 pm · পুলেন্দ্ৰ দাস,বৰপেটা
Updated: April 29, 2022 4:57 pm

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন আবেদন মঞ্জুৰ কৰিলে বৰপেটা জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে । এহেজাৰ টকাৰ আমানতত তেওঁক জামিন প্ৰদান কৰা হৈছে।

বুধবাৰে জিগনেশ মেৱানীৰ জামিনৰ বাবে জনোৱা আবেদনৰ ওপৰত বুধবাৰে অনুষ্ঠিত হৈছিল শুনানী ৷

বৃহস্পতিবাৰে জিগনেশ মেৱানীৰ জামিনৰ শুনানি অনুষ্ঠিত হৈছিল যদিও ৰায়দান স্থগিত ৰাখি আৰক্ষীৰ পৰা কেচ ডায়েৰী বিচাৰিছিল আদালতে ৷

অবশেষত আজি অপৰেশ চক্ৰৱৰ্তীৰ আদালতে জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰে ৷

২৫ এপ্ৰিলত গুজৰাটৰ বিধায়কজনক বৰপেটাৰ স্থানীয় আদালতে পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে কোকৰাঝাৰ আৰক্ষী থানাত ৰুজু কৰা এটা গোচৰত জামিন মঞ্জুৰ হোৱাৰ কিছু মুহূৰ্তৰ পিছতে সোমবাৰে সন্ধিয়া অসম আৰক্ষীয়ে জিগনেশ মেৱানীক আন এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰিছিল।

গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰলৈ নিয়াৰ সময়তে মেৱানীয়ে এগৰাকী মহিলা আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ ভিত্তিতে তেওঁক আৰক্ষীয়ে জামিন লাভৰ পিছতে পুনৰ গ্ৰেপ্তাৰ কৰিছিল।

কংগ্ৰেছ সমৰ্থিত গুজৰাটৰ এজন নিৰ্দলীয় বিধায়ক মেৱানীক যোৱা সপ্তাহত গুজৰাটৰ পালানপুৰ চহৰৰ পৰা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা টুইটৰ বাবে অসমৰ কোকৰাঝাৰ আৰক্ষী থানাত আইপিচি আৰু তথ্য প্ৰযুক্তি আইনৰ বিভিন্ন ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰাৰ পিছত প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল।

কোকৰাঝাৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে তেওঁক জামিন প্ৰদান কৰাৰ পিছত বৰপেটা আৰক্ষী থানাত ৰুজু কৰা এটা গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰিছিল। মেৱানীৰ  জামিন লাভৰ বিতং  খবৰৰ বাবে অপেক্ষা কৰা হৈছে।

Related News