• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2026: অনবদ্য বৈভৱ, তথাপি ম্লান পৰিল ৰাজস্থান; গিলৰ ‘দুৰ্দান্ত’ শতকেৰে ফাইনেলত গুজৰাট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 7:59 am
109
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্য আছিল ২১৫ ৰান। কিন্তু টি-২০ৰ এই যুগত এই ৰান আৰু ইমান ‘ডাঙৰ’ নহয়। তাৰ প্ৰমাণ পোৱা গ’ল মুলনপুৰৰ পিচিএ ষ্টেডিয়ামত। গুজৰাট টাইটানছে সহজেই সেই লক্ষ্য অতিক্ৰম কৰিলে।

তেওঁৰ বিস্ফোৰক শতকৰ সৌজন্যত অধিনায়ক শ্বুবমেন গিলে দলটোৰ ৭ উইকেটৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফলত দেওবাৰৰ আই পি এলৰ ফাইনেলত হাই ভল্টেজৰ যুঁজ হ’ব। বহু প্ৰত্যাশিত ‘কিং’ বনাম ‘প্ৰিন্স’ৰ যুঁজ।

Apply Now

শুকুৰবাৰে ফাইনেলত প্ৰৱেশৰ বাবে যুঁজখনত দুবাৰকৈ টছ কৰা হয়। যদিও তেওঁ প্ৰথমে টছত জয়লাভ কৰিছিল, কিন্তু দ্বিতীয়বাৰৰ বাবে পৰাস্ত হৈছিল গুজৰাটৰ অধিনায়কগৰাকী। আচলতে মেচৰ ৰেফাৰীয়ে প্ৰথমে গিলক কয়েনটো স্পিন কৰিবলৈ কৈছিল। কিন্তু ৰিয়ান পৰাগে কৰা হেড কলটো তেওঁৰ ওচৰলৈ নাহিল। গিলে টেইলত থকাৰ বাবেই টছত জয়লাভ কৰে।

কিন্তু ৰেফাৰীয়ে ৰিয়ানৰ কলটো নুশুনি গিলক আকৌ টছ কৰিবলৈ ক’লে। এই ঘটনাত যথেষ্ট বিচলিত হৈ পৰিছিল গুজৰাটৰ অধিনায়কগৰাকী। কিন্তু নিয়ম অনুসৰি পুনৰ টছ কৰিবলৈ বাধ্য হ’ল। এইবাৰ ৰিয়ানে হেড মাতিলে। হেডেই পৰিল। ফলত ৰাজস্থানে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

প্ৰথমে বেটিং কৰাৰ পিছতো ৰাজস্থানে ভাল আৰম্ভণি কৰিব নোৱাৰিলে। যশস্বী জয়ছোৱাল (১) আৰু ধ্ৰুৱ জুৰেলে (৭) আগতীয়াকৈ উভতি আহে। তাৰ পাছত ৰবীন্দ্ৰ জাদেজা আৰু বৈভৱ সূৰ্যবংশীৰ মাজত ১২৭ ৰানৰ গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপে ৰাজস্থানক যুঁজৰ স্ক’ৰলৈ লৈ যায়। ৩৫টা বলত ৪৫ ৰান কৰি অপৰাজিত হৈ থাকে জাড্ডু।

ইয়াৰ আগতে অৱশ্যে ক্ৰিকেট জগতে আন এক বৈভৱ-তাণ্ডৱৰ সাক্ষী হৈছিল। অৱশ্যেই দেখা গ’ল বহু ‘পৰিপক্ক’ বৈভৱ। বাওঁহতীয়া তাৰকাগৰাকীয়ে ৩১টা বলত অৰ্ধশতক অৰ্জন কৰে। যিটো আছিল আই পি এলত তেওঁৰ আটাইতকৈ লেহেমীয়া অৰ্ধশতক। পূৰ্বৰ মেচখনত ২৯টা বলত ৯৭ ৰানৰ বিধ্বংসী ইনিংছ খেলিলেও এইবাৰ তেওঁ দলৰ হৈ বহুত বেছি শান্তভাৱে বেটিং কৰে। ত্ৰয়োদশ অভাৰত তেওঁৰ অৰ্ধশতক।

অৱশ্যে পঞ্চাশৰ পিছত গিয়াৰ সলনি কৰি আগ্ৰাসী বেটিং আৰম্ভ কৰে বৈভৱে। এটা সময়ত অনুভৱ হৈছিল যেন তেওঁৰ বাবে এটা শতক অপেক্ষা কৰি আছিল। কিন্তু কাগিছো ৰাবাডাৰ শ্বৰ্ট বলত তেওঁক থাৰ্ড মেন অঞ্চলত প্ৰসিদ্ধ কৃষ্ণই কেচ ধৰি বিদায় দিয়ে। ১৫ বছৰীয়া বেটছমেনগৰাকীয়ে ৪৭টা বলত ৯৬ ৰানৰ ইনিংছটোক সন্মান জনাবলৈ সমগ্ৰ খেলপথাৰখন থিয় হৈ অভিনন্দন জনায়।

শেষত ড’নভান ফেৰেইৰাই শেষৰ অভাৰত ৰছিদ খানক চাৰিটা ছয় মাৰি দলটোক ২০০ ৰানৰ সীমা অতিক্ৰম কৰে। ২১৫ ৰানৰ ডাঙৰ টাৰ্গেট খেদি গুজৰাটে আৰম্ভণিৰে পৰাই আগ্ৰাসী মনোভাৱ দেখুৱাইছিল। প্ৰথম অভাৰতে চাৰিটা চাৰি মাৰি অ’পেনাৰসকলে জোফ্ৰা আৰ্চাৰৰ ওপৰত চাপ বৃদ্ধি কৰে। নন্দ্ৰে বাৰ্গাৰ আৰু বৃজেশ শৰ্মাইও ৰান ৰেট বন্ধ কৰিব নোৱাৰিলে।

পাৱাৰ প্লে’ৰ শেষত গুজৰাটে ৬৯ ৰান সংগ্ৰহ কৰে। তাৰপিছতো আক্ৰমণ বন্ধ নহ’ল। সময়ৰ লগে লগে মেচখন অধিক একপক্ষীয় হৈ পৰিল। নৱম অভাৰত শুভমন গিল আৰু সাই সুদৰ্শনে শতকীয় অংশীদাৰিত্ব কৰে। টি-২০ ক্ৰিকেটত এই যুটীৰ এয়া একাদশ শতৰাণ। যিটো এক অভূতপূৰ্ব অভিলেখ।

ৰাজস্থানে ৰানৰ গতি ৰুদ্ধ কৰিবলৈ স্পিনাৰক আনিছিল যদিও ফলাফল ইয়াৰ বিপৰীত আছিল। ৰবীন্দ্ৰ জাডেজা আৰু যশ ৰাজ পঞ্জাইও দুৰ্বল বলিং কৰে। এনে লাগিছিল যেন গুজৰাটে কোনো উইকেট নেহেৰুৱাই খেলখন শেষ কৰিব। কিন্তু হঠাৎ সুদৰ্শনৰ ‘অদ্ভুত’ বিদায়। পূৰ্বৰ মেচখনৰ দৰেই এইবাৰো হিট উইকেট হৈছিল। চাৰি এটা পালেও তাৰ কোনো কাম নাছিল। বলটো বাউণ্ডেৰীলৈ গ’ল যদিও বেটত খুন্দা মৰাৰ আগতেই ষ্টাম্প ভাঙি যায়। সুদৰ্শনে হতাশাত মূৰত হাত দিলে আৰু সিটো মূৰত থকা গিলেও আচৰিত হৈ আঁঠুকাঢ়ি পৰিল। তেওঁ ৩২টা বলত ৫৮ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল।

তাৰ পাছত গিলে নিজৰ ছন্দ বজাই ৰাখি ৰবীন্দ্ৰ জাদেজাক চাৰি মাৰি শতক সম্পূৰ্ণ কৰে। এই দুৰ্দান্ত ইনিংছত তেওঁ ৫৩টা বলত ১০৪ ৰান সংগ্ৰহ কৰে। ইনিংছটোত আছিল ১৫টা চাৰি আৰু ৩টা ছয়। কিন্তু গুজৰাটৰ অধিনায়কগৰাকীয়ে ১৫ নং অভাৰত আৰ্চাৰৰ বলত এলবিডব্লিউ হৈ উভতিবলগীয়া হয়। শেষত ৱাশ্বিংটন সুন্দৰ (১৬) আউট হৈছিল যদিও মেচখনত জয়ী হোৱাৰ কোনো সমস্যা নাছিল। ৮টা বল বাকী থকা অৱস্থাত জোছ বাটলাৰ আৰু ৰাহুল টিওটিয়াই দলটোক জয়ৰ লক্ষ্যত উপনীত কৰে।

সংক্ষিপ্ত স্কোৰঃ

ৰাজস্থান ৰয়েলছঃ ২১৪/৬ (বৈভৱ ৯৬, জাদেজা ৪৫, হোল্ডাৰ ২৭/২, ৰাবাডা ৩৫/২)

গুজৰাট টাইটানছঃ ২১৯/৩ (গিল ১০৪, সুদৰ্শন ৫৮, বৃজেশ ৩০/১, বাৰ্গাৰ ৩৫/১)

গুজৰাটে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

June 27, 2026 5:53 pm
নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd