• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ণাঢ্য চিনেমাৰ সম্ভাৰেৰে গুৱাহাটীত তিনিদিনীয়া এছিয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2025 12:49 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৭ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব বহুপ্ৰত্যাশিত ‘গুৱাহাটী এছিয় চলচ্চিত্র মহোৎসৱ’ (GAFF)। চলচ্চিত্র নিৰ্মাতা, কলা-কুশলীৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলৰ বাবে এই তিনিদিনীয়া কাৰ্যসূচীয়ে নিৰ্বাচিত এছিয় চিনেমাৰ প্ৰদৰ্শন, সাংস্কৃতিক বিনিময় আৰু সৃষ্টিশীল বাৰ্তালাপৰ বাবে এক বিশেষ মঞ্চ প্ৰদান কৰিব।

ইৰাণীয় চলচ্চিত্ৰ পৰিচালক বাবাক খাজেহপাচাৰ “In the Arms of the Tree”ৰ দ্বাৰা এই চলচ্চিত্ৰ উৎসৱৰ শুভাৰম্ভণি কৰা হ’ব। ইমতিয়াজ আলি, ৰিমা দাস, অনীৰ আৰু কবীৰ খানৰ ছবি “My Melbourne”ৰ দ্বাৰা এই তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব।

Apply Now

চলচ্চিত্ৰ প্ৰযোজনা গোষ্ঠী  ট্ৰেণ্ডিং নাও মিডিয়াৰ দ্বাৰা আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত এছিয়াৰ বৈচিত্ৰময় কাহিনীশৈলীৰে পৰিপূৰ্ণ চিনেমাসমূহক স্থানীয় চিনেমাপ্ৰেমীসকলৰ সৈতে চিনাকি কৰাই দিয়াৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চহকী চিনেমা ঐতিহ্যকো বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।

চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখস্তান, হংকং, আজাৰবাইজান, বাংলাদেশ, ফিলিপাইনছ, শ্ৰীলংকা, তুৰ্কীকে ধৰি মুঠ দহখন দেশে অংশগ্ৰহণ কৰিব। মহোৎসৱৰ বাবে দাখিল কৰা দেশ-বিদেশৰ মুঠ ২০০ৰো অধিক চিনেমাৰ পৰা নিৰ্বাচন সমিতিৰ দ্বাৰা মুঠ ওঠৰখন চিনেমা নিৰ্বাচিত কৰি উলিওৱা হৈছে। ইয়াৰে ১২খন এচিয় দেশসমুহৰ আৰু ৬খন বিভিন্ন ভাৰতীয় ভাষাৰ চিনেমা। ইয়াৰ লগতে উত্তৰ-পূব ভাৰতৰ চিনেমাৰ বাবে এক সুকীয়া প্ৰতিযোগিতামূলক শিতানৰ আয়োজন কৰা হৈছে, য’ত সৃষ্টিশীলতা, কাৰিকৰী উৎকৰ্ষতা, আৰু কাহিনীশৈলীৰ ওপৰত বিচাৰ কৰি কৰি শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালনা, আৰু শ্ৰেষ্ঠ অভিনয়ৰ লগতে বিভিন্ন শাখাৰ কৃতিত্বক স্বীকৃতি প্ৰদান কৰা হ’ব।

বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মহোৎসৱৰ পৰিচালক (অবৈতনিক) মনিতা বৰগোহাঁইয়ে কয় যে, “গুৱাহাটী এছিয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বাৰা এছিয়াৰ চহকী চিনেমা শৈলীক অসমৰ দৰ্শকৰ লগত চিনাকি কৰাই দিয়াৰ এক বিনম্ৰ প্ৰয়াস কৰা হৈছে। দৰ্শকৰ সমান্তৰালকৈ চলচ্চিত্ৰ নিৰ্মাতাসকলকো অনুপ্ৰাণিত কৰা এছিয় দেশসমূহৰ কেইবাখনো বিভিন্ন বঁটা বিজয়ী চলচ্চিত্ৰ দৰ্শকৰ বাবে আগবঢ়াই দিবলৈ আমি প্ৰয়াস কৰিছো। চিনেমাসমূহ নিৰ্বাচন সমিতিৰ দ্বাৰা বাছনি কৰা হৈছে যাতে অসমৰ দৰ্শকে গুণগত মানদণ্ড তথা বিশ্ব চলচিত্ৰৰ প্ৰেক্ষাপটত বিভিন্ন ভাল চিনেমা উপভোগ কৰিব পাৰে।”

তিনিদিনীয়া এই কাৰ্যসূচীত চলচ্চিত্ৰ নিৰ্মাতা আৰু বিশেষজ্ঞসকলৰ নেতৃত্বত আকৰ্ষণীয় আলোচনা পৰ্ব আৰু কৰ্মশালাও অনুষ্ঠিত কৰা হ’ব। এই মহোৎসৱে চলচ্চিত্ৰ নিৰ্মাতা, আৰু উদ্যমীসকলে ভৱিষ্যতৰ সৃষ্টিশীল প্ৰকল্পসমূহ অন্বেষণ কৰাৰ সুযোগ গ্ৰহণৰ লগতে অসমত থাকিয়েই সমগ্ৰ এছিয়া মহাদেশৰ বৈচিত্ৰময় সংস্কৃতি, কাহিনী, আৰু কলাত্মক প্ৰকাশভংগীৰ চিনেমাসমূহৰ অভিজ্ঞতা লাভ কৰিব পাৰিব।

এই মহোৎসৱত মুখ্য অতিথি হিচাপে থাকিব আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শ্ৰীলংকাৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰসন্ন ৱিথানাগে। লগতে অতিথি হিচাপে থাকিব কেইবাখনো দেশৰ চলচ্চিত্ৰ প্ৰতিনিধি। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত উপদেষ্টা হিচাপে আছে  ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰী, ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰা আৰু বিশিষ্ট চলচ্চিত্ৰ সমালোচক, সাংবাদিক তথা সম্পাদক ডাল্টন ক্রিষ্টোফাৰৰ দৰে বহুকেইজন সন্মানীয় ব্যক্তি। লগতে মহোৎসৱৰ কিউৰেটৰ হিচাপে আছে চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি শ্ৰীনিবাস সন্থানম।

প্ৰতিষ্ঠিত তথা উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৃষ্টিশীলতা আৰু তেওঁলোকৰ ভিন্ন চিনেমা শৈলীসমূহক স্বীকৃতি প্ৰদান কৰাৰ লগতে এছিয়া মহাদেশীয় চলচিত্ৰসমূহকো বিশ্বব্যাপী মান্যতা দিয়াৰ উদ্দেশ্য বুকুত বান্ধি গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ এই উদ্বোধনী সংস্কৰণটি আৰম্ভ কৰা হৈছে। পঞ্জীয়ন আৰু উৎসৱৰ বিষয়ে অধিক তথ্য gaff.co.in ৱেবচাইটত উপলব্ধ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd