• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে গোচৰ: কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 15, 2019 8:10 pm
Siddhartha-Bhatta

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষা ও গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই তেওঁৰ উলুবাৰীৰ বৰা চাৰ্ভিছস্থিত বাসগৃহৰ প্ৰৱেশ দুৱাৰত তলা ওলোমাই দিয়াৰ বিৰুদ্ধে উক্ত চৌহদতে থকা সাগৰ বীজ কমপ্লেক্স কৰ্তৃপক্ষই শুকুৰবাৰে পল্টনবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ গোচৰ ৰুজুৰ পিছত মন্ত্ৰীৰ বাসগৃহৰ বাহিৰত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়৷

মন্ত্ৰী সিদ্ধাৰ্থক লগত হোৱা চুক্তি অনুসৰি সাগৰ বীজ কমপ্লেক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে তেওঁৰ বাসগৃহৰ পথটো ব্যৱহাৰ কৰিব পাৰিব বুলি জানিবলৈ পৰা গৈছে যদিও মন্ত্ৰীগৰাকীয়ে হঠাৎ পথটি বন্ধ কৰি দিয়াত প্ৰতিষ্ঠানত কৰ্মৰত লোকসকল বিপদত পৰে।

Apply Now

মন্ত্ৰীগৰাকী এই বিতৰ্কত সোমাই পৰাৰ পাছতেই তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছৰ নেতৃবৰ্গ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ভূপেন বৰাই।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘সিদ্ধাৰ্থ ভট্টাচাৰ্য্য নিজেও এজন আইনজ্ঞ আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী। তেওঁৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হোৱাটোৱে প্ৰভাৱশালী লোকে ইচ্ছা অনুসৰি আইনত চলিব বিচাৰে এনে এটা ধাৰণা ৰাইজৰ মনত গৈছে। পল্টনবজাৰ থানাত ৰুজু হোৱা গোচৰৰ উচিত তদন্ত হ’ব লাগে।‘

আনহাতে, ৰূপজ্যোতি শইকীয়ায়ো শিক্ষা মন্ত্ৰীৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয় ‘চমুকৈ ক’ব গ’লে বিজেপিৰ মন্ত্ৰীসভাত আটাইতকৈ অভদ্ৰ মন্ত্ৰী তেঁৱেই আছে। বিজেপিয়ে ভোট বিভাজন কৰাৰ বাবে বহুত টকা-পইচা খৰচ কৰিলে। অৰ্থাৎ বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকল ইতিমধ্যে অৱগত হৈছে ২০২১ত তেওঁলোক জিকিব নোৱাৰে। সেইকাৰণে এতিয়াই মন্ত্ৰিত্বত থাকোঁতেই মাটি-বাৰী ধন-সম্পত্তি বাজেয়াপ্ত কৰিছে, এতিয়া সেইবোৰ ওলাই পৰিছে।‘

‘মাটিৰ দালালি কৰা বা ধন-সম্পত্তি গোটোৱা এনেকুৱা আৰু বহু ব্যক্তি চকুত পৰিব বুলি দৃঢ় বিশ্বাস। এতিয়াই তেওঁলোকৰ পৰিয়ালৰ মাজতে চাকৰি দি লুটি-পুটি খাই লওঁ বুলি ভাবিছে।‘ কুৰ্মীয়ে এইদৰে কয়।

ইয়াৰোপৰি, প্ৰাক্তন কংগ্ৰেছী বিধায়ক ভূপেন বৰাই মন্ত্ৰীগৰাকীৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত কয় ‘কেৱল শিক্ষা মন্ত্ৰীয়েই নহয়, অসমৰ কেইবাজনো মন্ত্ৰী ক্ষমতাৰ ৰাগীত মতলীয়া হৈছে। এইক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ মৌনতা সকলোৰে বাবে আশ্চৰ্য্যৰ বিষয়। শিক্ষা বিভাগৰ বিষয়া তথা শিক্ষক সন্থাৰ পৰা গম পাইছো তেওঁ এজন মন্ত্ৰী নহয়, এজন ব্যৱসায়ী। তেনেকুৱা ব্যৱসায়ী এজন শিক্ষা মন্ত্ৰী হৈ থকাটো অসমীয়া মানুহৰ বাবে দুৰ্ভাগ্যজনক।‘

আনহাতে, মন্ত্ৰীগৰাকীৰ ওপৰত উত্থাপিত এই অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে নিজেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

‘মন্ত্ৰী হোৱাৰ বিড়ম্বনা এইটোৱেই যে মন্ত্ৰী এজনৰ নিজৰ সম্পত্তিৰ ওপৰতো অধিকাৰ নাথাকে। সেয়া মোৰ ম্যাদী মাটি, মোৰ ঘৰৰ চোতালেদি মই কাৰোবাক আহিবলৈ দিওঁ নিদিওঁ, সেইটো সম্পূৰ্ণ ব্যক্তিগত অধিকাৰ। মোৰ ঘৰৰ পিছফালে স্বৰ্গীয় চিদা দাসৰ পৰিয়ালৰ পৰা মাটি এটুকুৰা কিনিছিল, সেই মাটি টুকুৰালৈ অহা-যোৱা কৰিবলৈ তেওঁলোকৰ কোনো ৰাস্তা নাছিল। কৈছিল যেতিয়ালৈকে আমি অন্য এটা ৰাস্তা মোকলাই ল’ব নোৱাৰো, তেতিয়ালৈকে আমাক এইফালে ৰাস্তা এটা মোকলাই দিয়ক। ময়ো সাময়িকভাৱে এইফালে অহা-যোৱা কৰিলে অসুবিধা নাই বুলি ক’লো। কিন্তু এতিয়া গোজেই গছ হোৱাৰ লেখীয়াকৈ ৰাতি ১১-১২ টালৈকে মদ্য পান কৰি থাকে। তেওঁৰ সেই বিল্ডিঙত একোৱেই নাই। তেওঁ নেডফিৰ পৰা ২০০ কোটি টকা ঋণ লৈ সেই ঋণ আত্মসাৎ কৰাৰ কাৰণে তেওঁলোকৰ কমপ্লেক্সত তলা ওলমাই দিছে।‘

তেওঁ লগতে কয় ‘যদি মই চুক্তি কৰিছিলো, তেন্তে এখন কাগজ তেওঁলোকে দেখুৱাওক।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd