• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী মহানগৰীত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ নাটনি

ভৱেশ মেধি by ভৱেশ মেধি
March 6, 2019 6:55 pm
Water-Supply-in guwahati750x536

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীত খোৱাপানী সমস্যাই এক জটিল সমস্যা হিচাপে দেখা দি আহিছে। বিশেষকৈ মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত মহানগৰীত খোৱাপানীৰ যথেষ্ট হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। কিন্তু চৰকাৰী পানী যোগান ব্যৱস্থাই এতিয়াও গুৱাহাটীৰ আধাতকৈও অধিক মানুহক খোৱাপানী যোগান ধৰিব পৰা নাই।

উল্লেখযোগ্য যে বৰ্তমানৰ জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন। কিন্তু খোৱাপানীৰ যোগান ধৰি অহা তিনিটাকৈ চৰকাৰী বিভাগ ক্ৰমে গুৱাহটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰে মাত্ৰ ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হয়।

Apply Now

অৰ্থাৎ মহানগৰীখনত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ অভাৱ থাকে।

চৰকাৰী তথ্য মতে, গুৱাহাটী পৌৰ নিগমে দৈনিক ৪১.২৫ নিযুত লিটাৰ পানী যোগান ধৰাৰ বিপৰীতে জনস্বাস্থ্য কাৰিকৰী বিভাগে দৈনিক ২৩.৬৫ নিযুত লিটাৰ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ৭.৫০ নিযুত লিটাৰ খোৱাপানী যোগান ধৰে।

গুৱাহাটী পৌৰ নিগমৰ অধীনত পানবজাৰ, খাৰঘুলিৰ সাতপুখুৰী আৰু কামাখ্যাত থকা ৩টা পানী যোগান প্ৰকল্পৰ জৰিয়তে ক্ৰমে ২২.৫০, ১৫.৭৫ আৰু ৩ নিযুত লিটাৰ খোৱাপানী যোগান ধৰা হয়।

আনহাতে গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদৰ অধীনৰ জুৰোড পানী যোগান প্ৰকল্পৰ জৰিয়তে দৈনিক ৭.৫০ নিযুত লিটাৰ আৰু জনস্বাস্থ্য কৰিকৰী বিভাগৰ অধীনৰ গুৱাহাটী বিশ্ববিদ্যালয় পানী যোগান প্ৰকল্প, গেম ভিলেজ প্ৰকল্প, পানবজাৰ আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে দৈনি ২৩.৬৫ নিযুত লিটাৰ খোৱাপানী যোগান ধৰি অহা হৈছে।

মনকৰিবলগীয়া যে গুৱাহাটী পৌৰ নিগমৰ প্ৰকল্পকেইটাৰে যোগান ধৰা পানী প্ৰায়ে ঘোলা, বালিৰ প্ৰলেপ থকা আৰু লেতেৰা হোৱাৰ অভিযোগ উঠে। এই সন্দৰ্ভত পৌৰ নিগমৰ এক সূত্ৰই জনোৱা মতে নিগমৰ তিনিওটা প্ৰকল্পৰে যন্ত্ৰসমূহ বহু পুৰনি। প্ৰকল্প কেইটাৰ মেৰামতিৰ বাবে চৰকাৰে শেহতীয়াকৈ ১০ কোটি টকা দিছে যদিও ইয়াক মেৰামতি কৰি বেছিদিন চলাব পৰা নাযাব বুলি সূত্ৰটোৱে লগতে জনায়।

অনুৰূপভাৱে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু মহানগৰ পানী যোগান আৰু অনাময় পৰিষদৰ পানীযোগান প্ৰকল্পকেইটাও আওপুৰনি হৈ পৰিছে। যাৰ বাবে প্ৰকল্পকেইটাৰ পানী যোগান ক্ষমতা পূৰ্বৰ তুলনাত হ্ৰাস পাই আহিছে।

এনে পৰিপ্ৰেক্ষিতত মহানগৰীৰ অধিকাংশ লোকে খোৱাপানীৰ বাবে পানীৰ ব্যৱসায়ীৰ ওচৰতে হাত পাতিব লাগে। কিন্তু এই পানী খোৱাৰ কিমান উপযোগী তাক লৈ সন্দেহৰ অৱকাশ আছে। কাৰণ ব্যৱসায়ীয়ে নিজৰ ইচ্ছামতে দাম নিৰ্দ্ধাৰণ কৰা খোৱাপানীসমূহ পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা নাই, তদুপৰি উক্ত পানী তেওঁলোকে কৰ পৰা সংগ্ৰহ কৰি আনে তাৰো কোনো ঠিকনা নাথাকে। বৰ্তমান গুৱাহটীত প্ৰায় ১০ হাজাৰ অটোভানে দৈনিক খোৱাপানী যোগান ধৰে।

গুৱাহাটী পানী যোগান প্ৰকল্পকেইটা সম্পূৰ্ণ হৈ নুঠালৈকে মহানগৰীত খোৱাপানীৰ নাটনি যে অব্যাহত থাকিব সেয়া নিশ্চিত। উল্লেখযোগ্য যে ২০১০ চনৰ পৰা চলি থকা বৃহৎ গুৱাহাটী পানী যোগান প্ৰকল্পকেইটা আজিলৈকে সম্পূৰ্ণ উঠাৰ মুখ দেখা নাই।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd