২০২০ চনত সেই সময়ৰ দক্ষ মন্ত্ৰী হিচাপে পৰিচয় পোৱা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদম্ভে কৈছিল যে সোণোৱাল চৰকাৰৰ কৰ্ম দক্ষতাৰ বাবেই গুৱাহাটীবাসী কৃত্ৰিম বানপানীৰ কবলৰ পৰা ৰক্ষা পৰিছিল। গুৱাহাটীৰ জু-ৰোডৰ এটা প্ৰকল্পৰ সফলতাৰ বাবেই গুৱাহাটীবাসী ৰক্ষা পৰিছিল কৃত্ৰিম বানৰ কবলৰ পৰা।
যোৱা ২০-৩০ টা দশকৰ ভিতৰত বিজেপি চৰকাৰৰ দিনতে কৃত্ৰিম বানপানীৰ দৰে দুঃচিন্তাৰ পৰা বোলে মহানগৰবাসীক আঁতৰাবলৈ সক্ষম হৈছিল বুলি দাবী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।
বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা এটা সময়ৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাততে দীৰ্ঘ সময় ধৰি গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ আছিল।
আজি যদি গুৱাহাটীত কৃত্ৰিম বানপানী নোহোৱা হৈছে অহ ক্ষমা কৰিব বৃদ্ধি পাইছে সেয়াও যেন বিজেপিৰে সফলতাৰ কৃতিত্বৰ চু়ড়ান্ত নিদৰ্শন।
বুধবাৰে পুৱাৰ পৰা দিয়া এজাক মুষলধাৰ বৰষুণতে কৃত্ৰিম বানপানীত ডুব গ’ল গুৱাহাটী মহানগৰৰ বহুকেইটা অঞ্চল।
নুনমাটিৰ নেপালী চকত বুধবাৰৰ দিনটোত ৰাজপথ ডুবাই বৈছে লেতেৰা পানীৰ ঢল। মহানগৰ নহয় যেন মহাসাগৰ।
আনকি নুনমাটিত কৃত্ৰিম বানপানীৰ সোঁতৰ কবলত নোহোৱা হৈ পৰিল পদপথো। মুঠৰ ওপৰত এজাক বৰষুণ দিলে আৰম্ভ হয় মহানগৰবাসীৰ বিলৈ।
চান্দমাৰীতো কালিৰ দিনটোত দেখা পোৱা গ’ল কৃত্ৰিম বানপানী। বহুকেইজন লোকৰ ৰখাই থোৱা বাহনখনৰ আধা পানীত ডুব গ’ল। গাড়ীৰ ইঞ্জিনত পানী সোমাব বুলি চিন্তা লোককেইজনৰ।
ইপিনে কৃত্ৰিমবানত গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাৰ দুৰৱস্থা দেখিবলৈ পোৱা গ’ল। কালিৰ দিনটো কৃত্ৰিম বানপানীৰ কবলত সমগ্ৰ থানা। কৃত্ৰিম বানপানীয়ে নষ্ট কৰিলে বহু ফাইল তথা নথি-পত্ৰ। কম্পিউটাৰো উটিল কৃত্ৰিম বানপানীত। থানাৰ লক আপতো আধা কঁকাল পানী। মেছিনৰে পানী সিঁচি তত পোৱা নাছিল থানাৰ আৰক্ষীয়ে।
মুঠৰ ওপৰত বুধবাৰৰ দিনটোত থানাত আইন তথা গোচৰ সম্পৰ্কীয় কাম কাজতকৈ দেখিবলৈ পোৱা গ’ল গীতানগৰ আৰক্ষীৰ বিলৈ।
উজান বজাৰ, চান্দমাৰী, নুনমাটি অঞ্চলতো বানপানীৰ মাজতো জীৱন সংগ্ৰাম চলাই নিয়ে ৰিক্সা চালকসকলে। একঁকাল পানীৰ মাজতো ৰিক্সা চলাই পেটৰ ভাতমুঠি মোকলোৱাৰ প্ৰয়াস ৰিক্সা চালকসকলৰ। ভঙাগড়তো নলাৰ আৱৰ্জনা মিশ্ৰিত ক’লা পানীৰ মাজৰে আগবাঢ়িব লগীয়া হ’ল বাহনসমূহ।
মুঠৰ ওপৰত কালিৰ দিনটোত কৃত্ৰিম বানপানীৰ কবলত মহানগৰীৰ চান্দমাৰী, হাতীগাওঁ, ৱাৰলেচ, জি.এছ. ৰোড. , ৰুক্মিনীগাঁও, ডাউন টাউন, জটিয়াকে ধৰি বিস্তীৰ্ণ অঞ্চল। তাৰ পাছতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিব নেকি পূৰ্বৰ প্ৰকল্পৰ সফলতা। নে কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সফল হোৱা বুলি পুনৰ গাব সফলতাৰ জয়গান?