• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত সঁচাকৈয়ে বিজেপি চৰকাৰৰ প্ৰকল্প সফল হৈছে নে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 26, 2022 1:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ চনত সেই সময়ৰ দক্ষ মন্ত্ৰী হিচাপে পৰিচয় পোৱা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদম্ভে কৈছিল যে সোণোৱাল চৰকাৰৰ কৰ্ম দক্ষতাৰ বাবেই গুৱাহাটীবাসী কৃত্ৰিম বানপানীৰ কবলৰ পৰা ৰক্ষা পৰিছিল। গুৱাহাটীৰ জু-ৰোডৰ এটা প্ৰকল্পৰ সফলতাৰ বাবেই গুৱাহাটীবাসী ৰক্ষা পৰিছিল কৃত্ৰিম বানৰ কবলৰ পৰা।

যোৱা ২০-৩০ টা দশকৰ ভিতৰত বিজেপি চৰকাৰৰ দিনতে কৃত্ৰিম বানপানীৰ দৰে দুঃচিন্তাৰ পৰা বোলে মহানগৰবাসীক আঁতৰাবলৈ সক্ষম হৈছিল বুলি দাবী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা এটা সময়ৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাততে দীৰ্ঘ সময় ধৰি গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ আছিল।

আজি যদি গুৱাহাটীত কৃত্ৰিম বানপানী নোহোৱা হৈছে অহ ক্ষমা কৰিব বৃদ্ধি পাইছে সেয়াও যেন বিজেপিৰে সফলতাৰ কৃতিত্বৰ চু়ড়ান্ত নিদৰ্শন।

বুধবাৰে পুৱাৰ পৰা দিয়া এজাক মুষলধাৰ বৰষুণতে কৃত্ৰিম বানপানীত ডুব গ’ল গুৱাহাটী মহানগৰৰ বহুকেইটা অঞ্চল।
নুনমাটিৰ নেপালী চকত বুধবাৰৰ দিনটোত ৰাজপথ ডুবাই বৈছে লেতেৰা পানীৰ ঢল। মহানগৰ নহয় যেন মহাসাগৰ।
আনকি নুনমাটিত কৃত্ৰিম বানপানীৰ সোঁতৰ কবলত নোহোৱা হৈ পৰিল পদপথো। মুঠৰ ওপৰত এজাক বৰষুণ দিলে আৰম্ভ হয় মহানগৰবাসীৰ বিলৈ।

চান্দমাৰীতো কালিৰ দিনটোত দেখা পোৱা গ’ল কৃত্ৰিম বানপানী। বহুকেইজন লোকৰ ৰখাই থোৱা বাহনখনৰ আধা পানীত ডুব গ’ল। গাড়ীৰ ইঞ্জিনত পানী সোমাব বুলি চিন্তা লোককেইজনৰ।

ইপিনে কৃত্ৰিমবানত গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাৰ দুৰৱস্থা দেখিবলৈ পোৱা গ’ল। কালিৰ দিনটো কৃত্ৰিম বানপানীৰ কবলত সমগ্ৰ থানা। কৃত্ৰিম বানপানীয়ে নষ্ট কৰিলে বহু ফাইল তথা নথি-পত্ৰ। কম্পিউটাৰো উটিল কৃত্ৰিম বানপানীত। থানাৰ লক আপতো আধা কঁকাল পানী। মেছিনৰে পানী সিঁচি তত পোৱা নাছিল থানাৰ আৰক্ষীয়ে।

মুঠৰ ওপৰত বুধবাৰৰ দিনটোত থানাত আইন তথা গোচৰ সম্পৰ্কীয় কাম কাজতকৈ দেখিবলৈ পোৱা গ’ল গীতানগৰ আৰক্ষীৰ বিলৈ।

উজান বজাৰ, চান্দমাৰী, নুনমাটি অঞ্চলতো বানপানীৰ মাজতো জীৱন সংগ্ৰাম চলাই নিয়ে ৰিক্সা চালকসকলে। একঁকাল পানীৰ মাজতো ৰিক্সা চলাই পেটৰ ভাতমুঠি মোকলোৱাৰ প্ৰয়াস ৰিক্সা চালকসকলৰ। ভঙাগড়তো নলাৰ আৱৰ্জনা মিশ্ৰিত ক’লা পানীৰ মাজৰে আগবাঢ়িব লগীয়া হ’ল বাহনসমূহ।

মুঠৰ ওপৰত কালিৰ দিনটোত কৃত্ৰিম বানপানীৰ কবলত মহানগৰীৰ চান্দমাৰী, হাতীগাওঁ, ৱাৰলেচ, জি.এছ. ৰোড. , ৰুক্মিনীগাঁও, ডাউন টাউন, জটিয়াকে ধৰি বিস্তীৰ্ণ অঞ্চল। তাৰ পাছতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিব নেকি পূৰ্বৰ প্ৰকল্পৰ সফলতা। নে কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সফল হোৱা বুলি পুনৰ গাব সফলতাৰ জয়গান?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd