• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতীয় বেল্ট আৰু ব্লকৰ পৰা উচ্ছেদৰ শংকাত লাখ লাখ অজনজাতীয় লোক

উচ্ছেদৰ ব্যৱস্থা সন্দৰ্ভত ৩ ফেব্ৰুৱাৰিৰ ভিতৰত জনাবলৈ বিটিচিৰ উপৰি ৫খন জিলাৰ উপায়ুক্তলৈ নিৰ্দেশ ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2020 1:41 pm
Gauhati HC Judges donate for fight against COVID-19

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফাইল ফটো

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনজাতীয় বেল্ট আৰু ব্লকৰ পৰা অজনজাতীয় বা সুৰক্ষিত শ্ৰেণী-বহিৰ্ভূত লোকক উচ্ছেদ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশটোৱে শংকিত কৰিছে লাখ লাখ লোকক।

এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানিৰ সময়ত ৩০ ডিচেম্বৰত দিয়া গুৰুত্বপূৰ্ণ নিৰ্দেশটোত Assam Land and Revenue Regulation Act, 1886 আইনৰ দশম অধ্যায়টো কঠোৰভাৱে বলৱৎ কৰিবলৈ কোৱা হৈছে।

Apply Now

অসম ভূমি আৰু ৰাজহ নীতি আইন, ১৮৮৬খনৰ সংশ্লিষ্ট অধ্যায়টোৰ মতে, ট্রাইবেল বেল্ট আৰু ব্লকসমূহত অজনজাতীয় বা সুৰক্ষিত বুলি বিবেচিত শ্ৰেণীবোৰৰ অন্তৰ্ভুক্ত নোহোৱা কোনো লোকে মাটিৰ অধিকাৰ নাপায় বা দখল, বিনিময়, কিনা-বেচা আদি কৰিব নোৱাৰে আৰু কৰিলেও সেইবোৰ উক্ত আইনৰ দ্বাৰা নাকচ হ’ব পাৰে৷

ন্যায়ালয়ে বঙাইগাঁও, কামৰূপ (মহানগৰ), মৰিগাঁও, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্তসকলৰ লগতে বিটিচিৰ মুখ্য সচিবলৈ জাৰি কৰা নিৰ্দেশটোত ৩ ফেব্ৰুৱাৰিৰ ভিতৰত উচ্ছেদ কাৰ্য্যকৰী কৰা সন্দৰ্ভত প্ৰতিবেদন দিবলৈও কৈছে।

নিৰ্দেশটোৰ বাবে এই জিলাকেইখন আৰু বিটিচিৰ অন্তৰ্গত জনজাতীয় বেল্ট আৰু ব্লকবোৰত বাস কৰি থকা লাখ লাখ লোকৰ জীৱন প্ৰভাৱিত হোৱাৰ শংকাই দেখা দিছে। তথ্যমতে, ৰাজ্যত বৰ্তমান মুঠ ৪৭টা জনজাতীয় বেল্ট আৰু ব্লক আছে।

স্বাধীনতাৰ পিছত একাধিকবাৰ এই বেল্ট আৰু ব্লকত নতুন অঞ্চল অন্তৰ্গত কৰা হৈ আহিছে। তাৰোপৰি অনুসূচিত জনজাতিয়েই নহয়, সুৰক্ষিত শ্ৰেণীৰ ভিতৰত চাওঁতালী, নেপালী আদি আন আন কিছুমান জনজাতিও অন্তৰ্ভুক্ত আছে, যিসকলৰ ভূমি সুৰক্ষিত কৰা আৰু এই অঞ্চলবোৰত ভূমিৰ অধিকাৰ পাবৰ যোগ্য হিচাপে তালিকাভুক্ত কৰি ৰাখিছে।

তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছৰ তৃতীয়খন চৰকাৰৰ দিনত তদানীন্তন ৰাজহ মন্ত্রী পৃথ্বী মাঝিয়ে বিধানসভাত দিয়া তথ্য অনুসৰি অসমৰ ৮২,১৪,৯৮৫ বিঘা ভূমি ট্রাইবেল বেল্ট আৰু ব্লকসমূহৰ অধীনত আছে।

ইয়াৰে ১,৯৩,৯৭৮ বিঘা দুই কঠা ৭ লেচা ভূমি বেদখলৰ কবলত।

অৱশ্যে এই বেদখল অজনজাতীয় লোকৰ দ্বাৰা নে বিদেশী অনুপ্ৰৱেশকাৰীৰ দ্বাৰা সেই কথা তথ্যটোৰ পৰা স্পষ্ট নহয়।

তথ্যত উল্লেখ নাথাকিলেও এইসকলৰ গৰিষ্ঠ সংখ্যকেই যে থলুৱা অজনজাতীয় লোক সেয়া অনুমেয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়টোৰ পিছত এই লোকসকলৰ মাজত স্বাভাৱিকতেই শংকাই গা কৰি উঠিছে।

আনহাতে বিষয়টোত চৰকাৰৰ ভূমিকাও লক্ষণীয় হ’ব এইবাবেই যে এই অঞ্চলবোৰত থকা থলুৱা লোকসকলক উচ্ছেদে চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভৰ সৃষ্টি কৰিব পাৰে।

২০১৮ চনৰ নৱেম্বৰত মুখ্য মন্ত্ৰী সোণোৱালে ৰাজহ বিভাগক নিৰ্দিষ্ট ধৰণৰ কঠোৰ ভূমি নীতি প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিছিল, যাতে জনজাতীয় বেল্টসমূহত চলি থকা বেদখলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে। ন্যায়ালয়ৰ ৩০ ডিচেম্বৰৰ নিৰ্দেশটোৱে মুখ্য মন্ত্ৰীক এই ক্ষেত্ৰত আইনীভাৱেও সহায় কৰাৰ সম্ভাৱনা।

আনহাতে কাজিৰঙাত যুগ যুগ ধৰি বাস কৰি থকা লোকসকলক আগতীয়া ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰা কাৰ্য্যক সমৰ্থন আৰু আনন্দ প্ৰকাশ কৰা সকলে ট্ৰাইবেল বেল্ট আৰু ব্লকত যুগ যুগ ধৰি বাস কৰি অহা থলুৱা লোকসকলৰ উচ্ছেদত কেনে প্ৰতিক্ৰিয়া কৰে সেয়া চাব লগীয়া হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd