কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ ৰাইজে যাতে সুন্দৰকৈ দুৰ্গা পূজা উপভোগ কৰিব পাৰে তাৰ উদ্দেশ্যে কামৰূপ মহানগৰ যান-বাহন আৰক্ষীয়ে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
পূজাৰ সময়ছোৱাত গুৱাহাটীৰ পথৰ নিৰ্দেশনা সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত অমনজিৎ কৌৰে আজি এক সংবাদমেল অনুষ্ঠিত কৰে।
সেই অনুসৰি প্ৰতিটো দুৰ্গা পূজা মণ্ডপতে ৱাকিং জ’নৰ ব্যৱস্থা থাকিব। তদুপৰি পূজা মণ্ডপৰ পৰা ৫০০ মিটাৰ দূৰলৈ ন’পাৰ্কিং ঘোষণা কৰাৰ লগতে পূজা মণ্ডপ বা চৌহদৰ ভিতৰলৈ কোনো ধৰণৰ বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
ইয়াৰ উপৰি জি এছ ৰোড, জু ৰোড, জি এন বি ৰোডত ন’ পাৰ্কিঙৰ ব্যৱস্থা কৰাৰ লগতে গণেশগুৰিৰ পৰা লাষ্টগে’টলৈ আৰ পি ৰোড হ’ব ৱান ৱে’। পাণ্ডুৰ পূজাথলীৰ পৰা মালিগাঁৱলৈ গাড়ীৰ চলাচল নিষিদ্ধ কৰা হ’ব যাৰ বাবে আদাবাৰী হৈ বাহনসমূহ ঘূৰিব লাগিব। আনহাতে ১৯ অক্টোবৰত এম জি ৰোডত যান-বাহনৰ চলাচল নিষিদ্ধ।
নিৰ্দেশনাটোত লগতে জনোৱা মতে পূজাৰ সময়ত মহানগৰীত অতিৰিক্ত বাহিনী নিয়োগ কৰাৰ উপৰি সুৰাসক্ত চালকৰ বিৰুদ্ধেও আৰক্ষীৰ অভিযান অব্যাহত থাকিব।