• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ষমতাৰ মোহ নে ৰাজনীতিৰ নিচা : কঁকাল দাঙিব নোৱাৰিলেও নিৰ্বাচনী ৰণলৈ মন বিজয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 14, 2019 7:21 pm
534c1236-ceb7-4d4e-8ee4-b3de8c752c83

গুৱাহাটীৰ বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তী।

514
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বৰ্ষীয়ান ৰাজনৈতিক নেত্ৰী বিজয়া চক্ৰৱৰ্তী। বয়সে চাৰি কুৰিৰ দেওনা গৰকিলেও বা অন্যৰ সহায় নোলোৱাকৈ চলা-ফুৰা কৰিব নোৱাৰিলেও এইবাৰ পুনৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে মন মেলিছে বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে।

১৯৭৭ চনতেই মঙ্গলদৈ জিলা জনতা দলৰ সম্পাদিকা হিচাপে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা চক্ৰৱৰ্তীয়ে। ১৯৮৬ চনত অগপৰ ৰাজ্যসভাৰ সাংসদ হিচাপে অসমৰ পৰা নিৰ্বাচিত হৈছিল। বৰ্তমান চক্ৰৱৰ্তীয়ে বিজেপিৰ পৰা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

প্ৰশ্ন হয়, ৪০ বছৰৰো অধিক সময় ৰাজনৈতিক ক্ষেত্ৰত দপ-দপাই থাকিও বৰ্তমানো ক্ষমতাৰ মোহ এৰিব পৰা নাই কিয় বৰ্ষীয়ান ৰাজনৈতিক নেত্ৰীগৰাকীয়ে? নে বয়সে ৮০ গৰকিলেও নিজৰ ৰাজনৈতিক নিচাৰ বাবে এইবাৰো গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে সাংসদগৰাকীয়ে।

ইপিনে, গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বৰ্তমানৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম অধিক চৰ্চিত হৈ আছে যদিও বৰ্তমান চক্ৰৱৰ্তীৰ দখলত থকা সমষ্টিতো হিমন্তক এৰি দিব খোজা নাই। বৰঞ্চ তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ ঠাইতহে হিমন্তই নিৰ্বাচন খেলাৰ পোষকতা কৰে সাংসদজনে।

মই গুৱাহাটী সমষ্টিৰ পৰা টিকট বিচাৰিছো। দলে দিলে গুৱাহাটীৰ পৰা নিৰ্বাচন খেলিব বিচাৰো। গুৱাহাটীৰ ৰাইজেও মই প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে। মোৰ বিশ্বাস দলে টিকট দিলে মই জয়ী হ’ম। তেজপুৰত আৰ পি শৰ্মাৰ সলনি হিমন্ত বিশ্ব শৰ্মা উঠক। আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে।

অৱশ্যে, এক সুত্ৰৰ পৰা জানিব পৰা মতে কংগ্ৰেছত থকাৰে পৰা হিমন্ত বিশ্বৰ সৈতে বিজয়া চক্ৰৱৰ্তীয়ে এক সু-সম্পৰ্ক বজাই ৰাখিছে। সেইদৰে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে তেওঁ টিকটৰ দাবীদাৰ নহয় বুলিও পূৰ্বতে উল্লেখ কৰিছিল।

তাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ব্যাপক চৰ্চা চলাত সাংসদজনে বিজেপিৰ পৰা টিকট বিচাৰি আবেদন জনাইছে।

তদুপৰি, সভাই-সমিতিয়ে আনৰ সহায় নোহোৱাকৈ যাব নোৱাৰা বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে বৰ্তমান অসুস্থ নহয় তথা ৰাইজৰ সৈতে থাকিলেহে সুস্থ হৈ থাকিব বুলি সংবাদমাধ্যমৰ জৰিয়তে দাবী কৰিছে।

প্ৰশ্ন হয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ ইমান দৰদ কিয়? মন্ত্ৰীগৰাকীক বাদ দি বিজেপিৰ অইন নেতাক সাংসদগৰাকীয়ে এৰি দিব খোজা নাই কিয়?

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, কুইন ওজা, ড০ প্ৰদীপ ঠাকুৰীয়া আৰু হেমাংগ ঠাকুৰীয়াইয়ো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰত নামি পৰা বুলি দাবী কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd