• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষমতাৰ মোহ নে ৰাজনীতিৰ নিচা : কঁকাল দাঙিব নোৱাৰিলেও নিৰ্বাচনী ৰণলৈ মন বিজয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 14, 2019 7:21 pm
534c1236-ceb7-4d4e-8ee4-b3de8c752c83

গুৱাহাটীৰ বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বৰ্ষীয়ান ৰাজনৈতিক নেত্ৰী বিজয়া চক্ৰৱৰ্তী। বয়সে চাৰি কুৰিৰ দেওনা গৰকিলেও বা অন্যৰ সহায় নোলোৱাকৈ চলা-ফুৰা কৰিব নোৱাৰিলেও এইবাৰ পুনৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে মন মেলিছে বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে।

১৯৭৭ চনতেই মঙ্গলদৈ জিলা জনতা দলৰ সম্পাদিকা হিচাপে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা চক্ৰৱৰ্তীয়ে। ১৯৮৬ চনত অগপৰ ৰাজ্যসভাৰ সাংসদ হিচাপে অসমৰ পৰা নিৰ্বাচিত হৈছিল। বৰ্তমান চক্ৰৱৰ্তীয়ে বিজেপিৰ পৰা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

Apply Now

প্ৰশ্ন হয়, ৪০ বছৰৰো অধিক সময় ৰাজনৈতিক ক্ষেত্ৰত দপ-দপাই থাকিও বৰ্তমানো ক্ষমতাৰ মোহ এৰিব পৰা নাই কিয় বৰ্ষীয়ান ৰাজনৈতিক নেত্ৰীগৰাকীয়ে? নে বয়সে ৮০ গৰকিলেও নিজৰ ৰাজনৈতিক নিচাৰ বাবে এইবাৰো গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে সাংসদগৰাকীয়ে।

ইপিনে, গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বৰ্তমানৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম অধিক চৰ্চিত হৈ আছে যদিও বৰ্তমান চক্ৰৱৰ্তীৰ দখলত থকা সমষ্টিতো হিমন্তক এৰি দিব খোজা নাই। বৰঞ্চ তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ ঠাইতহে হিমন্তই নিৰ্বাচন খেলাৰ পোষকতা কৰে সাংসদজনে।

মই গুৱাহাটী সমষ্টিৰ পৰা টিকট বিচাৰিছো। দলে দিলে গুৱাহাটীৰ পৰা নিৰ্বাচন খেলিব বিচাৰো। গুৱাহাটীৰ ৰাইজেও মই প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে। মোৰ বিশ্বাস দলে টিকট দিলে মই জয়ী হ’ম। তেজপুৰত আৰ পি শৰ্মাৰ সলনি হিমন্ত বিশ্ব শৰ্মা উঠক। আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে।

অৱশ্যে, এক সুত্ৰৰ পৰা জানিব পৰা মতে কংগ্ৰেছত থকাৰে পৰা হিমন্ত বিশ্বৰ সৈতে বিজয়া চক্ৰৱৰ্তীয়ে এক সু-সম্পৰ্ক বজাই ৰাখিছে। সেইদৰে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে তেওঁ টিকটৰ দাবীদাৰ নহয় বুলিও পূৰ্বতে উল্লেখ কৰিছিল।

তাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ব্যাপক চৰ্চা চলাত সাংসদজনে বিজেপিৰ পৰা টিকট বিচাৰি আবেদন জনাইছে।

তদুপৰি, সভাই-সমিতিয়ে আনৰ সহায় নোহোৱাকৈ যাব নোৱাৰা বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে বৰ্তমান অসুস্থ নহয় তথা ৰাইজৰ সৈতে থাকিলেহে সুস্থ হৈ থাকিব বুলি সংবাদমাধ্যমৰ জৰিয়তে দাবী কৰিছে।

প্ৰশ্ন হয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ ইমান দৰদ কিয়? মন্ত্ৰীগৰাকীক বাদ দি বিজেপিৰ অইন নেতাক সাংসদগৰাকীয়ে এৰি দিব খোজা নাই কিয়?

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, কুইন ওজা, ড০ প্ৰদীপ ঠাকুৰীয়া আৰু হেমাংগ ঠাকুৰীয়াইয়ো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰত নামি পৰা বুলি দাবী কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd