DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী আৰক্ষীয়ে ইয়াৰ টুইটাৰ হেণ্ডেলত আইনবিৰুদ্ধভাৱে প্ৰকাশ কৰিলে শিশুৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2022 9:14 am
টুইটটোৰ স্ক্রীণশ্বট।

টুইটটোৰ স্ক্রীণশ্বট।

103
VIEWS
Share on FacebookShare on Twitter

দেশৰ অন্যতম বৃহৎ শিশু-অনুকূল আৰক্ষী কাৰ্যসূচী পৰিচালনা কৰা অসম আৰক্ষীয়ে সোমবাৰে এজন নাবালক অভিযুক্তৰ নাম আৰু ঠিকনা প্ৰকাশ কৰে।

নাবালকজনৰ বিৱৰণ গুৱাহাটী আৰক্ষীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত প্ৰকাশ পাইছিল। চুৰিৰ অভিযোগত অভিযুক্ত এই নাবালকজন দৰাচলতে আইনী বিবাদত থকা শিশু।

অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্যসূচী হৈছে ভাৰতৰ সৰ্ববৃহৎ শিশু-অনুকূল আৰক্ষী কাৰ্যসূচী। অসম আৰক্ষীয়ে অসম ভিত্তিক চিএছঅ’ উৎসাহ আৰু ইউনিচেফৰ সহযোগত এই কাৰ্যসূচী চলায়।

এই কাৰ্যসূচীৰ অধীনত ২০১৮ চনৰ পৰা প্ৰশিক্ষণ আৰু আন কেইবাটাও কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী শৰ্মাই অসমত ৪২ জন লোকৰ মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল: ভূপেন বৰা

আনহাতে, এক শিশু মিত্ৰ কাৰ্যসূচী পৰিচালনা কৰা আৰক্ষী ব্যৱস্থাৰ দ্বাৰা শিশু-অনুকূল প্ৰক্ৰিয়া অনুসৰণ নকৰাটোৱে এই কাৰ্যসূচীৰ কাৰ্যকৰিতাৰ ওপৰত প্ৰশ্নবোধক চিহ্ন আনিছে।

শিশু ন্যায় আইনৰ ধাৰা ৭৪(১) শিশুৰ পৰিচয় প্ৰকাশৰ সৈতে সম্পৰ্কিত।

এই আইনৰ অধীনত, আইনৰ সৈতে বিবাদত থকা শিশু বা যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশু বা অপৰাধৰ ভুক্তভোগী বা সাক্ষী হ’ব পাৰে এনে বিষয়ত জড়িত শিশুৰ যিকোনো বাতৰি কাকত, আলোচনী বা দৃশ্য-শ্ৰাব্য মাধ্যম বা যিকোনো অনুসন্ধান বা ন্যায়িক প্ৰক্ৰিয়া সম্পৰ্কে যোগাযোগৰ বিষয়ত নাম, ঠিকনা বা বিদ্যালয় তথা আন কোনো নিৰ্দিষ্ট কথা প্ৰকাশ কৰিব নোৱাৰে।

আইনখনৰ ধাৰা ৭৪(৩)য়ে পৰিচয় প্ৰকাশ কৰাটো এক অপৰাধ হিচাপে গণ্য কৰে ইয়াৰ বাবে ৬মাহলৈ কাৰাদণ্ড বা ২ লাখ টকালৈকে জৰিমনা হ’ব পাৰে।  

গুৱাহাটী আৰক্ষীয়ে ইয়াৰ টুইটাৰ হেণ্ডেলত চুৰি কৰাৰ অভিযোগত অভিযুক্ত এজন ১৫ বছৰীয়া নাবালকৰ পৰিচয় প্ৰকাশ কৰিছে।

উল্লেখ কৰিব পাৰি যে অসম আৰক্ষীয়ে ইয়াৰ শিশু-অনুকূল পদক্ষেপৰ বাবে বহুতো স্বীকৃতি লাভ কৰিছে।

লগতে পঢ়ক: ব্যৰ্থতা, প্ৰতাৰণা আৰু কু-শাসনৰ দস্তাৱেজ এবছৰীয়া হিমন্ত চৰকাৰ- লুৰীণজ্যোতি গগৈ

আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক জনোৱাৰ পিছত শিশুটোৰ পৰিচয় প্ৰকাশ কৰা টুইটটো অঁতৰাই দিয়া হয়। কিন্তু, পোষ্টটো চাৰি ঘণ্টাতকৈও অধিক সময় লাইভত আছিল।

নৰ্থইষ্ট নাওৱে আৰক্ষী আয়ুক্ত হৰমিত সিঙৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে টুইটটোৰ বিষয়ে তেওঁ একো নাজানে।

Recent News

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd