• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাৰ আহ্বানলৈ সঁহাৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ; অসমীয়াত হ’ব স্নাতক পাঠ্যক্ৰম

বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কামত অসমীয়া আৰু ইংৰাজীক সমানে গুৰুত্ব দিয়াৰ আশ্বাস উপাচাৰ্য্যৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 6, 2019 7:59 pm

2 min read

Guwahati University

প্ৰতিনিধিত্বমূলক ছবি

676
VIEWS
Share on FacebookShare on Twitter

স্নাতক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক অসমীয়া মাধ্যমত পাঠদান কৰোৱা আৰু পাঠ্যপুথি যোগান ধৰাৰ অসম সাহিত্য সভাৰ দাবীৰ প্ৰতি সন্মান জনাই ভাষা সম্পৰ্কীয় কেইবাটাও কথাত সহমতত উপনীত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা।

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সৈতে যোৱা এটা সঁজাতী দলে ৫ ফেব্ৰুৱাৰিৰ নিশা পৰ্যন্ত উপাচাৰ্য ড০ হাজৰিকাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগ, অসমীয়া বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয়। সাহিত্য সভাৰ পৰা প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত এই কথা কোৱা হৈছে।

প্ৰেছ বিবৃতিটোত জানিবলৈ দিয়া মতে, আলোচনাত উপাচাৰ্যই সাহিত্য সভাই প্ৰদান কৰা স্মাৰকপত্ৰৰ প্ৰতিটো প্ৰস্তাৱেই পুংখানুপুংখভাৱে আলোচনা কৰি ইয়াৰ বাবে প্ৰয়োজনীয় হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপ পৰ্যায়ক্ৰমে লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত অসমীয়া মাধ্যমক গুৰুত্ব দিয়া, অসমীয়া ভাষাত গৱেষণামূলক কাম-কাজ সম্পন্ন কৰা, স্নাতক পৰ্যায়ত আধুনিক ভাৰতীয় ভাষা (MIL) বাধ্যতামূলক কৰা, স্নাতকৰ সকলো পৰ্যায়তে অসমীয়া মাধ্যমৰ পাঠ্যপুথি প্ৰকাশ কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনুসাৰে প্ৰকাশন সচিব নিয়োগ কৰা, প্ৰশাসনীয় স্তৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাক সমানে গুৰুত্ব দিয়া, সামগ্ৰিক অসমীয়া পৰিভাষা কোষৰ কাম আৰম্ভ কৰা, কিছু বছৰৰ আগৰে পৰা চলি থকা অসমীয়া লোক সাহিত্যৰ বুৰঞ্জীৰ (৭টা খণ্ড) কাম এই বৰ্ষতে সমাপ্ত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাম শীঘ্ৰেই সম্পন্ন কৰিবলৈ উপাচাৰ্য্যজন সন্মত হৈছে বুলি বিবৃতিটোত উল্লেখ কৰে।

ইফালে সভাই অসমীয়া জাতিসত্তাৰ প্ৰতি ভাবুকি অহা এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে।

৫ ফেব্ৰুৱাৰিতে সভাই পৃথকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সৈতেও আলোচনাত মিলিত হয়।

Recent News

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

IMG-20210121-WA0033

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd