অলপতে ‘কৌন বনেগা ক্ৰোড়পতি’ শ্ব’ত ১ কোটি টকা জয় কৰা গুৱাহাটীৰ বিনীতা জৈনে এই ধনৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ নামত খৰচ কৰাৰ কথা সদৰী কৰিছে।
আঠগাঁৱৰ এটা ব্যক্তিগত কোচিং চেন্টাৰৰ শিক্ষক জৈনে প্ৰায় ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰীক ইংৰাজী আৰু সমাজ বিজ্ঞানৰ পাঠ পঢ়ুৱায়। তেওঁ লগতে একাদ্বশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক তেওঁৰ ঘৰতে ৰাজনীতি বিজ্ঞান পঢ়ুৱায়। উল্লেখযোগ্য যে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
‘’ মই প্ৰায় সাতজন শিক্ষাৰ্থীৰে ঘৰতে টিউচন কৰিবলৈ আৰম্ভ কৰিছিলো। শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িবলৈ ধৰাত মই নমান এডুকেশ্যনত যোগদান কৰিলো। মই এনে বহু ল’ৰা-ছোৱালী পাইছো যিসকলে পঢ়িবলৈ ইচ্ছা কৰে কিন্তু টকা পইচাৰ অভাৱ। মই এই বঞ্চিত ল’ৰা ছোৱালীসকলক শিক্ষা আগবঢ়োৱাৰ ক্ষেত্ৰত সকলোখিনি কৰিম,’’- তেওঁ ব্যক্ত কৰে।
তেওঁ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ লগতে বি কম পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা এগৰাকী পৰীক্ষাৰ্থী আছিল।
জৈনে তেওঁ জয় কৰা ধনেৰে পুত্ৰ ৰোহিতৰ বাবে গুৱাহাটীত এখন অত্যাধুনিক দন্ত চিকিৎসা কেন্দ্ৰ স্থাপন কৰিব। ৰোহিত বৰ্তমান বাংগালোৰত দন্ত চিকিৎসাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম কৰি আছে।
কলকাতাত হোৱা অডিশ্যনত ৩০০ প্ৰতিযোগীৰ মাজৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল।
‘’মই প্ৰথমবাৰ অমিতাভ বচ্চনক লগ পাওঁতে মই চমকি উঠিছিলো। মই লগ পোৱা ব্যক্তিসকলৰ ভিতৰত তেওঁ এগৰাকী অত্যন্ত ভদ্ৰ তথা অমায়িক ব্যক্তি। তেওঁ মই উপহাৰ হিচাপে আগবঢ়োৱা পাটৰ গামোচাখন আৰু অসমৰ চাহৰ পেকেটটো খুব আগ্ৰহেৰে গ্ৰহণ কৰিছিল। ধন লাভ কৰাতকৈয়ো বচ্চন ডাঙৰীয়াৰ সৈতে কথা পতা তথা হাত মিলোৱাটো এটা ডাঙৰ অভিজ্ঞতা,’’-জৈনে জানিবলৈ দিয়ে।
জৈনে লগতে সদৰী কৰে যে তেওঁৰ এই পুৰষ্কাৰ লাভে তেওঁৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি কৰিছে।