• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

শনিবাৰে ৰাতি পুওৱাৰ আগতেই হঠাতে তেওঁলোকৰ মোবাইলত ‘ইমাৰজেঞ্চি এলাৰ্ট’ বাজি উঠিল। তেওঁলোকে টোপনি ভঙা চকুৰে যি দেখিছিল, তাতে নিমিষতে তেওঁলোকৰ চকু ডাঙৰ হৈ পৰিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2026 7:46 am
471
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপ চলি আছে। প্ৰথমখন মেচত মৰক্কোৰ সৈতে ড্ৰ কৰাৰ পিছত শুকুৰবাৰে নিশা হাইটিৰ বিৰুদ্ধে জয়ৰ ধাৰালৈ ঘূৰি আহিছে ফেভাৰিট দলটো। সেয়ে ব্ৰাজিলৰ লোকসকলে যথেষ্ট শান্তিৰে শুইছিল। কিন্তু শনিবাৰে ৰাতি পুওৱাৰ আগতেই হঠাতে তেওঁলোকৰ মোবাইলত ‘ইমাৰজেঞ্চি এলাৰ্ট’ বাজি উঠিল। আহিছে নেকি বানপানী? নে ডাঙৰ ঘূৰ্ণীবতাহ? নহয়, বৰঞ্চ তেওঁলোকে টোপনি ভঙা চকুৰে যি দেখিছিল, তাতে নিমিষতে তেওঁলোকৰ চকু ডাঙৰ হৈ পৰিল – ‘এলিয়েনৰ আক্ৰমণৰ পৰা নিজকে বচাওক।’ মানৱ জাতি, আমি আহি গৈছো!’

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, ভিন্নগ্ৰহীৰ আক্ৰমণৰ এই সতৰ্কবাণী আহিছিল দক্ষিণ ব্ৰাজিলৰ বেলো হ’ৰিজ’ণ্টে চহৰৰ বাসিন্দাসকলৰ ফোনত। একে সময়তে ৰিঅ’ ডি জেনেইৰ’ৰ চৰকাৰী জৰুৰীকালীন ব্যৱস্থাৰ পৰাও এটা বাৰ্তা আহিল। টৰ্নেডো আৰু মিছানথ্ৰপি বা মানৱবিদ্বেষৰ দৰে অসংলগ্ন বিষয়ৰ সন্দৰ্ভতো সতৰ্কবাণী দিয়া হৈছিল।

Apply Now

চৰকাৰী জৰুৰীকালীন ব্যৱস্থাৰ পৰা আহিছিল বাৰ্তা, গতিকে কোনেও আওকাণ কৰিব নোৱাৰিলে। দুয়োখন চহৰৰ বহু বাসিন্দাই আতংকিত হৈ মাজনিশা অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক ফোন কৰিবলৈ আৰম্ভ কৰে। বহুতে নিজৰ জীৱন ৰক্ষাৰ বাবে মাটিৰ তলৰ কোঠাত আশ্ৰয় লৈছিল।

অৱশেষত পৰিস্থিতি চম্ভালিবলৈ প্ৰশাসন নামি পৰিল। ব্ৰাজিলৰ ৰাষ্ট্ৰীয় নাগৰিক প্ৰতিৰক্ষাৰ উদ্ধৃতি দি ৰয়টাৰে প্ৰকাশ কৰিছে যে বাস্তৱত ব্ৰাজিলত টৰ্নেডোৰ দৰে কোনো এলিয়েন আক্ৰমণ বা প্ৰাকৃতিক দুৰ্যোগ হোৱা নাছিল। কোনোবাই চৰকাৰী এলাৰ্ট চিষ্টেম হেক কৰিছিল। আৰু তেওঁলোকেই সেই বিভ্ৰান্তিকৰ বাৰ্তাবোৰ প্ৰেৰণ কৰিছিল।

পৰিস্থিতি যিদৰে আছে তেনেদৰেই দেখি শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা ১:৩০ বজাত জৰুৰীকালীন প্লেটফৰ্মটো অফলাইন কৰি লোৱা হয়। ব্ৰাজিলৰ ফেডাৰেল আৰক্ষীয়ে চাইবাৰ আক্ৰমণৰ সন্দেহ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

কাকতলীয়াভাৱে মাত্ৰ কেইদিনমানৰ আগতে আমেৰিকাৰ পেন্টাগনে ইউএফঅ’ (অচিনাক্ত উৰণীয়া বস্তু) আৰু অচিনাক্ত বিসংগত পৰিঘটনা বা ইউএপিৰ সৈতে জড়িত কেইবাটাও গোপন ফাইল মুকলি কৰিছিল। যদিও প্ৰতিবেদনত এলিয়েনৰ অস্তিত্বৰ প্ৰত্যক্ষ প্ৰমাণ পোৱা নগ’ল, তথাপিও আকাশত কেইবাটাও ৰহস্যজনক বস্তুৰ উপস্থিতি স্বীকাৰ কৰা হৈছে। এনে এক ৰহস্যময় পৰিস্থিতিত ছ’চিয়েল মিডিয়াত হেকাৰৰ এই ‘এলিয়েন’ সতৰ্কবাণীক কেন্দ্ৰ কৰি মিমেৰে উপচি পৰিছে।

অৱশ্যে ব্ৰাজিল চৰকাৰে বিষয়টোক কেৱল ধেমালি বুলিয়েই চোৱা নাই। দেশৰ চৰকাৰী জৰুৰীকালীন ব্যৱস্থা হেক কৰা ঘটনা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অতিশয় চিন্তনীয়। যদিও আনুষ্ঠানিকভাৱে কোনো বক্তব্য দিয়া হোৱা নাই, তথাপিও সূত্ৰৰ পৰা জানিব পৰা মতে, এনে ভুৱা বাৰ্তাই প্ৰকৃত দুৰ্যোগৰ সময়ত চৰকাৰৰ সতৰ্কবাণী ব্যৱস্থাৰ প্ৰতি সাধাৰণ জনতাই আস্থা হেৰুৱাব বুলি চৰকাৰে ধাৰণা কৰে।

Em Belo Horizonte, complementaram como “Ataque Alienígena” pic.twitter.com/1rml1Gzf8u

— Vanessa Alves (@Vanessa22820272) June 20, 2026

ৰয়টাৰৰ মতে, এই নিৰাপদ ব্যৱস্থাত হেকাৰসকলে কেনেকৈ প্ৰৱেশ কৰিলে তাৰ তদন্তৰ উপৰিও ব্ৰাজিল চৰকাৰে ইতিমধ্যে ভৱিষ্যতে এনে চাইবাৰ আক্ৰমণ ৰোধ কৰিবলৈ এই প্লেটফৰ্মৰ নিৰাপত্তা ব্যৱস্থাটো সুৰক্ষিত কৰাৰ কাম আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd