• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনত কাক ভোট দিব লাগে সেয়া অখিল আৰু প্ৰমোদ বড়োৱে ক’ব নালাগে : হাগ্ৰামা মহিলাৰী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 25, 2019 10:15 pm
Hagrama Mahilary

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ লোকসভা সমষ্টি পুনৰুদ্ধাৰৰ বাবে ন ন কৌশল অৱলম্বন কৰা বি পি এফ দলে আজি গোসাঁইগাঁৱৰ হাৰাফুটাত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এবছু, য়ু পি পি আৰু কৃষক নেতা অখিল গগৈক তীব্ৰ সমালোচনা কৰে।

সভাত হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো আৰু অখিল গগৈক ৰাজনৈতিক ট্ৰেডাৰছ আখ্যা দিয়াৰ লগতে তেওঁলোক বি পি এফৰ বাবে কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰা দেখা যায়।

Apply Now

ইয়াৰ উপৰি হাগ্ৰামাই কয় যে য়ু পি পি এলক আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যে এবছু আৰু এন ডি এফ বি(পি)এ কচুগাঁও সংৰক্ষিত বনাঞ্চলৰ বহু মূল্যৱান গছ কাটিছে। ৰাজনীতিৰ বাবে প্ৰকৃতি ধ্বংস কৰাটো অসহনীয় বুলি উল্লেখ কৰি এই সম্পৰ্কে জিলা প্ৰশাসনক অৱগত কৰোৱা হৈছে বুলিও আজিৰ সভাত মহিলাৰীয়ে উল্লেখ কৰে।

বি পি এফ কৰ্মী তথা সদস্যসকলক বিভিন্ন ধৰণে ভয়-ভাবুকি দেখুওৱা বুলিও এবছু আৰু এন ডি এফ বিৰ বিৰুদ্ধে অভিযোগ তোলে হাগ্ৰামা মহিলাৰীয়ে।

আনহাতে অখিল গগৈৰ বিৰুদ্ধেও সৰৱ হোৱা দেখা যায় বি টি চি প্ৰধানজনক। তেওঁ কয়, ‘অখিলক সদাই আন্দোলনৰ প্ৰয়োজন। আন্দোলন নকৰিলে অখিল গগৈ মৃগী বেমাৰীৰ দৰে হ’ব। ১২ মাহে কেৱল আন্দোলন বিচৰা অখিলে নিজৰ স্বাৰ্থৰ বাবেহে কাম কৰে’।

তেওঁ লগতে আগন্তুক নিৰ্বাচনত কাক ভোট দিব লাগে সেয়া অখিল আৰু প্ৰমোদ বড়োৱে ক’ব নালাগে বুলিও দুয়োজনকে কটাক্ষ কৰে। তদুপৰি এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বি পি এফ সহজে বিজয় সাব্যস্ত কৰিব বুলিও কয়।

আনহাতে মন্ত্ৰী চন্দন ব্ৰহ্মই নিজৰ ভাষণ প্ৰসংগত বি পি এফৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয়ী হ’ব বুলি মন্তব্য কৰে।

আজিৰ এই বি পি এফৰ নিৰ্বাচনী প্ৰচাৰত বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে আন বহুতো শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd