প্ৰচণ্ড শিলাবৃষ্টিয়ে আজি বিয়লিৰ ভাগত গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলত জনজীৱন ব্যাহত কৰি তোলে।
বিয়লি ৩ বাজি ২০ মিনিটত গুৱাহাটী মহানগৰীত প্ৰচণ্ড শিলাবৃষ্টি আৰম্ভ হয় ।
এই শিলাবৃষ্টি প্ৰায় আধা ঘণ্টা ধৰি একেৰাহে চলি থাকে।ফলত গুৱাহাটী মহানগৰীৰ গণেশগুৰী, ভঙাগড়, মালিগাওঁকে ধৰি প্ৰায় সকলো অঞ্চল শুভ্ৰ বৰফেৰে ঢাক খাই পৰে।
স্থানীয় বহুলোকে বৰফৰ টুকুৰাসমূহ সংগ্ৰহ কৰি বস্তা আৰু টুকুৰী আদিত ভৰাই ৰখাৰ দৃশ্য আছিল গুৱাহাটীত কেতিয়াও নেদেখা দৃশ্য। মুহূৰ্তৰ ভিতৰতে গুৱাহাটী মহানগৰীত কাশ্মীৰৰ দৰে পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয়।
বাট পথ আদি ঢাকি ধৰে বৰফৰ ডাঠ আবৰণে।
আনকি শিলাবৃষ্টি বন্ধ হোৱাৰ পিছতো গুৱাহাটী মহানগৰীৰ ৰাজপথৰ বহু ঠাইত বৰফৰ ডাঠ আস্তৰণ দেখিবলৈ পোৱা গৈছে।
বতৰৰ ব্যাপক পৰিৱৰ্তনৰ ফলতে এনেদৰে মাঘ মাহতো অসমত প্ৰচণ্ড শিলাবৃষ্টি হ’বলৈ আৰম্ভ কৰিছে বুলি বহুতে মন্তব্য কৰা দেখা গৈছে।
গুৱাহাটীৰ লগতে চাংসাৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলতো আজি শিলাবৃষ্টি হোৱাৰ খবৰ আহিছে।