শনিবাৰে পুৱা হাজোত সংঘটিত এক হৃদয়বিদাৰক পথ দুৰ্ঘটনাত দুগৰাকী কণমানি স্কুলীয়া ছাত্ৰীয়ে প্ৰাণ হেৰুৱালে। তীব্ৰবেগী বলেৰ‘ বাহনে খুন্দা মৰাৰ ফলত তৃতীয়গৰাকী ছোৱালীৰ অৱস্থা এতিয়াও সংকটজনক। ছোৱালীকেইজনীয়ে টিউচন ক্লাছলৈ খোজ কাঢ়ি গৈ থকাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে বলেৰ’খন অতি বেগেৰে গৈ আছিল আৰু চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ছাত্ৰীকেইগৰাকীক মহতিয়াই নিয়ে। দুগৰাকী ছাত্ৰীৰ থিতাতে মৃত্যু হয়। তৃতীয়গৰাকীক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে।
দুৰ্ঘটনাটোৰ ফলত অঞ্চলটোত ব্যাপক ক্ষোভৰ সৃষ্টি হয়। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে ক্ষোভিত জনসাধাৰণে বলেৰ’খনত জুই লগাই দিয়ে। জুই নিৰ্বাপণ কৰিবলৈ হাজো আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ক্ষিপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়।
ঘটনাৰ ফলত ৰাইজে পথ অৱৰোধ কৰি ৰখাত ঘণ্টাৰ পিছত ঘণ্টা ধৰি পথৰ যাতায়ত স্তব্ধ হৈ পৰে। ক্ষুব্ধ ৰাইজে চালকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।
ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু তদন্তৰ অন্ততহে দুৰ্ঘটনাৰ সবিশেষ তথ্য লাভ কৰিব পৰা হ’ব।





