NORTHEAST NOW (Assamese)

‘হাজাৰ উত্তৰতকৈ মোৰ মৌনতাই শ্ৰেষ্ঠ ’– মনমোহন সিঙলৈ গুৱাহাটীত দিলজিতৰ শ্ৰদ্ধাঞ্জলি

December 30, 2024 2:17 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰখ্যাত গায়ক তথা অভিনেতা দিলজিৎ দোসাঞ্জে দেওবাৰে নিশা গুৱাহাটীত অনুষ্ঠিত কনচাৰ্ট প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামত উৎসৰ্গা কৰি জীৱনৰ সৰলতা আৰু মৰ্যাদাপূৰ্ণ দৃষ্টিভংগীৰ প্ৰশংসা কৰে।

অনুষ্ঠানৰ ঠিক পূৰ্বে ৰাইজক সম্বোধন কৰি দিলজিতে কয়, ‘আজিৰ কনচাৰ্টটো প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰতি উৎসৰ্গিত। তেওঁ অতি সাধাৰণ জীৱন এটা কটালে, মই তেওঁৰ যাত্ৰাৰ কথা যদি কওঁ, তেওঁ কেতিয়াও কাৰো বিৰুদ্ধে এটা শব্দও কোৱা নাছিল, কোনোবাই তেওঁক সমালোচনা কৰিলেও, তেওঁ কেতিয়াও তেওঁলোকৰ বিৰুদ্ধে বেয়া কথা কোৱা নাছিল। ৰাজনীতিত এইটোৱেই আটাইতকৈ প্ৰত্যাহ্বানজনক কাম। লোকসভাত আমাৰ নেতাসকলে নাৰ্চাৰীৰ লৰা-ছোৱালীৰ দৰে বা তাতোকৈ বেয়াকৈ যুঁজ দিয়ে। তেওঁ কেতিয়াও এটা শব্দও উচ্চাৰণ কৰা নাছিল বা কাৰো বিৰুদ্ধে যোৱা নাছিল, যিটো আমি তেওঁৰ পৰা শিকিব লাগিব।

দিলজিতে আৰু সিঙ সন্মান জনাই এটা শ্বায়েৰী শ্বেয়াৰ কৰি উদ্ধৃতি দি কয়, “হাজাৰোন জৱাবো ছে মেৰী খামোছি আচ্চি, না জানে কিনে সৱালোন কি ইজ্জত ৰখা।”

Related News