• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যত হোৰাহোৰে বাঢ়িছে ক’ৰ’নাক্ৰান্ত : কাজিৰঙাত বানপানী পৰিদৰ্শনত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত ব্যস্ত

ওখ ঠাইত আশ্ৰয় লৈ থকা বন্যাক্ৰান্ত গঁড় খেদি বাট মুকলি মন্ত্ৰী হিমন্তৰ কনভয়ৰ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
July 20, 2020 7:15 pm
index.jpgbbb
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কিছুদিন ধৰি ৰাজ্যত হোৰাহোৰে বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা। চলিত সপ্তাহত গঢ়ে হাজাৰো অধিক সংখ্যাত বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা।

ৰাজ্যত ২৩,৯৯৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে আক্ৰান্তৰ মৃতকৰ সংখ্যাই ইতিমধ্যে অৰ্ধ শতক অতিক্ৰম কৰিছে।

Apply Now

আনকি ৰাজ্যৰ কোভিড পৰিস্থিতি লাহে লাহে স্বাস্থ্য বিভাগৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰাও পৰলিক্ষিত হৈছে।

এনে এক কোভিড দুৰ্যোগৰ সময়তে কাজিৰঙাত নৌকবিহাৰ কৰাত ব্যস্ত হৈ পৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক লগত লৈ আজি কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখৰ কাঠপৰা দৰ্শন চূড়াৰ সমীপৰ পৰা যন্ত্ৰ চালিত নাৱত উঠি প্লাবিত কাজিৰঙা দৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা পৰিদৰ্শনৰ কৰাৰ ফ’টো নিজা ফেইচবুক পেইজত ভাইৰেল কৰাৰ লগে লগে ৰাজ্যৰ চৌপাশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ৰাজ্যৰ এই কোভিড দুৰ্যোগৰ সময়ত নিজা স্বাস্থ্য বিভাগৰ দায়িত্ব সামৰি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সোঁৱে-বাওঁৱে নিজৰ অনুগতক লৈ সদলবলে নৌকাবিহাৰেৰে ৰাজকোষৰ ধন অপচয় কৰি কাজিৰঙা পৰিদৰ্শন কৰাৰ কিবা প্ৰয়োজন আছেনে?

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে শীতল ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হৈছে নেকি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

যাৰ ফলত নিজৰ বিভাগৰ দায়িত্ব এফলীয়া কৰি থৈ অকৰ্তৃত্বশীলভাৱে নিজৰ স্বঘোষিত কাৰ্যদক্ষতা প্ৰতিপন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰি অহা কিছুদিনৰ পিছতে দৌৰিল বানপীড়িত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ!

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ কাজিৰঙা পৰিদশৰ্নে এনে বহু অস্বস্তিকৰ প্ৰশ্নৰ উদ্ৰেক কৰিছে ৰাজ্যৰ সচেতন নাগৰিকৰ মনত।

উল্লেখ্য যে, খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ১৬ জুলাইত বান নিয়্ন্ত্ৰণ মন্ত্ৰী কেশৱ মহন্ত, কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক লগত লৈ বানপীড়িত কাজিৰঙা পৰিদৰ্শন কৰি আহিছিল।

মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শনকালত উদ্যানখনৰ শীৰ্ষ বিষয়া আৰু জিলা প্ৰশাসনৰ সৈতে কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ লোৱা লগতে উদ্যানখনৰ বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ সম্পৰ্কতো আলোচনাত ভাগ লৈছিল।

আনকি উদ্যানখনৰ বানপীড়িত জীৱ-জন্তু উদ্ধাৰ আৰু সঠিকমতে খাদ্য যোগানৰ বাবেও উদ্যানখনৰ কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক নিৰ্দেশ দি আহিছে মুখ্যমন্ত্ৰী সোণোৱালে।

ইয়াৰ উপৰিও বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কিছুদিনৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ লগতে সঘনে কাজিৰঙাৰ বান পৰিস্থিতি বুজ লৈ আছে।

কৃষি মন্ত্ৰী অতুল বৰায়ো বোকাখাতত বাহৰ পাতি কাজিৰঙাৰ বান পৰিস্থিতি বুজ লৈ থকাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে।

তেনেস্থলত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা পৰিভ্ৰমণ কৰাৰ প্ৰয়োজনীয়তা ক’ত?

ইপিনে বানে প্লাৱিত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওখ ঠাইবোৰত আশ্ৰয় লৈ থকা বন্যপ্ৰাণীবোৰক ভি আই পিৰ নৌকাবিহাৰে বাৰে বাৰে আশ্ৰয়হীন কৰি আহিছে।

ইমানেই নহয় মন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ে কঁহৰা বনাঞ্চলৰ মিহিৰমুখত ওখ ঠাইত আশ্ৰয় লৈ থকা এটা গঁড়ক খেদি বাট মুকলি কৰি কাজিৰঙা পৰিভ্ৰমণ কৰা বুলিও জানিব পৰা গৈছে।

যি সময়ত আশ্ৰয়হীন জীৱ-জন্তুসমূহে ওখ ঠাইত আশ্ৰয় ল’বলৈ ঘন বনাঞ্চলৰ পৰা বাহিৰলৈ উলাই আহিবলৈ বাধ্য হৈছে তেনে সময়তে মন্ত্ৰীৰ কনভয়ে ওখ ঠাইত আশ্ৰয় লৈ থকা জীৱ-জন্তুক স্থানচ্যুত কৰি বন্যপ্ৰাণীৰ প্ৰতি নিৰ্দয় আচৰণ কৰিছে।

এই কোভিড দুৰ্যোগৰ সময়ত কেৱল ৰাজনৈতিক সক্ৰিয়তা আৰু চৰকাৰী প্ৰভাৱ প্ৰতিপন্ন কৰিবলৈ চৰকাৰী ভ্ৰমণসূচী লৈ ৰোজকোষৰ ধন অপচয় কৰা নাই নে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে? এই প্ৰশ্নৰ উদয় হৈছে সচেতন ৰাইজৰ মাজত।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd