• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে হিমাচল প্ৰদেশতো প্ৰাকৃতিক দুৰ্যোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বাৰিষাৰ আৰম্ভণিৰে পৰা নেৰানেপেৰা বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ ফলত বিগত আঢ়ৈ মাহত ৰাজ্যখনত ১৫৭ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ২৫৭ জন লোক বৰ্তমানো সন্ধানহীন হৈ আছে। দুৰ্যোগৰ ভয়াবহতা ইমানেই বেছি যে সমগ্ৰ ৰাজ্যখনত এতিয়া ২৬০টাকৈ পথ যাতায়াতৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2026 8:33 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে হিমাচল প্ৰদেশতো প্ৰাকৃতিক দুৰ্যোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বাৰিষাৰ আৰম্ভণিৰে পৰা নেৰানেপেৰা বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ ফলত বিগত আঢ়ৈ মাহত ৰাজ্যখনত ১৫৭ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ২৫৭ জন লোক বৰ্তমানো সন্ধানহীন হৈ আছে। দুৰ্যোগৰ ভয়াবহতা ইমানেই বেছি যে সমগ্ৰ ৰাজ্যখনত এতিয়া ২৬০টাকৈ পথ যাতায়াতৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

ৰাজ্যিক জৰুৰীকালীন পৰিচালনা কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি, ৩০ জুনৰ পৰা ৯ আগষ্টলৈকে ভূমিস্খলন আৰু আকস্মিক বানত ৬৮ জন লোকৰ মৃত্যু হৈছে। আনহাতে, পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ৮৯ জন লোকে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ পাঁচখন জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

Apply Now

 

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ যোগানো এক ডাঙৰ সমস্যা হৈ পৰিছে। আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে কুল্লু আৰু মাণ্ডি জিলাৰ ৰাইজ। মাত্ৰ এসপ্তাহৰ ভিতৰতে ৰাজ্যখনত ১৬১ টা ট্ৰেন্সফৰ্মাৰ বিকল হৈ পৰিছে, যাৰ ভিতৰত মাণ্ডিত ৭৭ টা, চিমলাত ৪৩ টা আৰু কুল্লুত ৪০ টা ট্ৰেন্সফৰ্মাৰ বিকল হৈ আছে। নেৰানেপেৰা বৰষুণৰ ফলত কুল্লুৰ নদীসমূহ ফেনে-ফোটোকাৰে বাঢ়ি আহিছে আৰু কিছুমান ঠাইত বিপদসীমাৰ ওপৰেৰে বৈ আছে। মাণ্ডি জিলাৰ পৰিস্থিতিও প্ৰায় একেই।

 

মাণ্ডি-কুল্লু ঘাইপথকে ধৰি ৰাজ্যখনৰ মুঠ ২৬০ টা পথ বৰ্তমান বন্ধ হৈ আছে। ইয়াৰ ভিতৰত মাণ্ডিত সৰ্বাধিক ১২০ টা পথ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে। ইয়াৰ পিছতে চাম্বাত ৪২ টা, কুল্লুত ৪০ টা আৰু চিমলাত ৩০ টা পথ বন্ধ হৈ আছে। প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, পথসমূহ দ্ৰুতভাৱে মুকলি কৰাৰ কাম চলি আছে, কিন্তু নেৰানেপেৰা বৰষুণ আৰু নতুনকৈ হোৱা ভূমিস্খলনে উদ্ধাৰ অভিযানত অধিক জটিলতাৰ সৃষ্টি কৰিছে।

 

চিমলাৰ বতৰ বিজ্ঞান কেন্দ্ৰই কাংগ্ৰা, মাণ্ডি, হামিৰপুৰ, চিমলা আৰু ছিৰমৌৰ জিলাত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ উপৰি চাম্বা, কুল্লু, সোলান আৰু বিলাসপুৰতো আগন্তুক সময়ত বৰষুণৰ আগজাননী দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd