• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু কিমান অপমান লাগে অগপক?

অগপক মিত্ৰতাৰ পৰা আঁতৰাই সোণোৱালৰ পাখি কটাৰ বাবেই হিমন্তৰ কৌশল?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 28, 2018 6:59 am
Assam animal husbandry minister Atul Bora presser on Classical swine fever in state

অতুল বৰাৰ ফাইল ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“কিমান পৰ্য্যায়লৈকে অপমান সহ্য কৰি বিজেপিৰ সৈতে মিত্ৰতাত থাকিব অসম গণ পৰিষদ? বিজেপিৰ নেতৃবৃন্দৰ তীব্ৰ বাক্যবাণ কৰাৰ পাছতো কেতকুটেই নকৰা অগপক লৈ এই প্ৰশ্ন কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলে।

উল্লেখযোগ্য যে, অগপ-বিজেপিয়ে বিগত বিধানসভা নিৰ্বাচনত মিত্ৰতাত থাকি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পঞ্চায়ত নিৰ্বাচন সুকীয়াকৈ খেলাৰ সিদ্ধান্তৰ পিছত দুয়োটা দলৰ মাজত তীক্ষ্ণ বাক্যবাণ এটা নিয়মত পৰিণত হৈছে। বিশেষকৈ বিজেপিৰ নেতাসকলৰ আক্ৰমণাত্মক আৰু অপমানসূচক মন্তব্যই অগপ দলটোৰ মান-সন্মান জনগণৰ দৃষ্টিত বহুখিনি হ্ৰাস কৰিছে। বিজেপিৰ অতিকৈ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ টাৰ্গেট এতিয়া অসম গণ পৰিষদ। তেওঁ অগপই ‘মিত্ৰতাৰ ধৰ্ম পালন নকৰে’ বুলি  কটাক্ষ কৰিলেও বিজেপি বা তেওঁ নিজেও মিত্ৰতাৰ ধৰ্ম কিমান পালন কৰিছে সেই কথা মন কৰিব লগীয়া। যোৱা কেইদিনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ নামত হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক দিনাই অগপক কটাক্ষ আৰু বিদ্ৰূপ কৰাটো সকলোৱে দেখি আছে।

Apply Now

অগপৰ সভাপতি অতুল বৰাৰ নিজা বোকাখাত সমষ্টিতে মন্ত্ৰী শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই উদাত্ত ভাষণ আগ বঢ়ায় কয় যে বোকাখাত সমষ্টিটো অগপক এৰি দিয়াটো বিজেপিৰ ভুল আছিল। লগতে বিজেপি অগপৰ বাবে ফিক্সড ডিপ’জিট বুলি তিৰ্য্যক মন্তব্যও কৰিছিল। “যদি বিজেপি দুৰ্বলৈ হৈ যায়, কংগ্ৰেছে অগপক হাল বাই চহাই নিব।” হিমন্তৰ মন্তব্য।

আনহাতে, মন্ত্ৰীগৰাকীয়ে অগপৰ সভাপতিগৰাকীৰ অস্তিত্ব একেবাৰেই ধূলিসাৎ কৰি কয়, “বিজেপি শাসনলৈ অহাৰ পূৰ্বে অতুল বৰা প্ৰত্যেক বাৰেই বোকাখাতত পৰাজয় বৰণ কৰিছিল।”

কিন্তু হিমন্ত আৰু বিজেপিৰ অন্যান্য নেতাসকলৰ এই ধৰণৰ চূড়ান্ত অপমানসূচক মন্তব্যৰ পিছতো বিজেপিৰ বিৰুদ্ধে অগপ দলৰ নেতৃবৃন্দই একো সবল স্থিতি ল’ব পৰা নাই।

অগপৰ এই গঁড়ৰ ছালৰ দৰে ডাঠ ‘সহনশীলতা’ক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে। কিছু সংখ্যকে অগপক মিত্ৰতাৰ পৰা আঁতৰাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অকলশৰীয়া কৰাৰ বাবে হিমন্তই চেষ্টা চলোৱা বুলিও সন্দেহ প্ৰকাশ কৰে।

এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় “অগপ এক আঞ্চলিকতাবাদী দল, গতিকে আঞ্চলিকতাবাদ শক্তি হিচাপে আমি বিচাৰো।”

তেওঁ লগতে কয় যে এনেধৰণে আঞ্চলিকতাবাদী শক্তি এটাক বিজেপিৰ সৈতে একত্ৰিত হৈ থকাটো তেওঁলোকে নিবিচাৰে।

আনহাতে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে হিমন্ত বিশ্বৰ এনেবোৰ বক্তব্য তথা আচৰণক তীব্ৰ গৰিহণা দি নৰ্থ ইষ্ট নাওক কয়, “নিৰ্বাচনৰ পূৰ্বে অগপক বিজেপিয়ে হাইজেক কৰি এতিয়া এতিয়া অৱশিষ্ট অংশখিনিও ধ্বংস কৰাটোৱেই মূল এজেণ্ডা হিচাপে লৈছে।”

তেওঁ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি অগপৰ মন্ত্ৰীকেইগৰাকীৰ দুৰ্বলতা থকা বুলি সদৰী কৰি কয়, “হিমন্ত বিশ্ব শৰ্মাই এই কথা ভালদৰে উপলব্ধি কৰিব পাৰে। সেয়েহে সৰ্বানন্দ সোণোৱালক পাখি কাটিবৰ বাবে দক্ষ মন্ত্ৰীজনে চৰকাৰৰ পৰা অগপক আঁতৰাই পঠিওৱাৰ ষড়যন্ত্ৰ কৰিছে।”

ইয়াৰোপৰি ‘হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক অকলশৰীয়া কৰিবৰ বাবে এক ষড়যন্ত্ৰত লিপ্ত হৈছে’ বুলিও তেওঁ কয়।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা জাতীয় দল-সংগঠনৰ প্ৰতি পৰোক্ষভাৱে হ’লেও অগপ নেতৃবৰ্গৰ সমৰ্থন আছে তথা চৰকাৰত থাকি সমৰ্থন কৰিলে দল-সংগঠনসমূহৰ শক্তি বৃদ্ধি হৈ থাকিব পাৰে বুলি হিমন্তই ভালদৰে উপলব্ধি কৰিছে বুলি তেওঁ সন্দেহ কৰে। সেয়েহে অগপ দলৰ বিৰুদ্ধে এনেধৰণে মন্ত্ৰীগৰাকী সৰব হৈ পৰা বুলিও তেওঁ আমাৰ আগত কয়।

তদুপৰি, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে অগপৰ তিনি মন্ত্ৰীক মেৰুদণ্ডহীন আখ্যা দি কয় “এনেৰণৰ নেতাই কোনো কাৰণতে মন্ত্ৰীত্বৰ সোৱাদ এৰিব নোৱাৰে।”

প্ৰশ্ন হয়, অগপ সভাপতি বৰাই বাৰম্বাৰ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মিত্ৰজোঁট ত্যাগ কৰিম’ বুলি সংবাদ মাধ্যমত উদাত্ত কণ্ঠেৰে কৈ আছে যদিও আৰু বিজেপি নেটাৰ কটু বাক্য কিমান পৰ্য্যায়লৈ সহ্য কৰি যাব?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd