‘হু ইজ হিমন্ত বিশ্ব শৰ্মা’ বুলি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য প্ৰসংগত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত আজি গৌৰৱ গগৈয়ে কয়, “হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনৰ আগত ছয়টা জনগোষ্ঠীৰ জনজাতিৰণ নহয় বুলি কৈছে৷ তেনেকৈ ক’বলৈ হু ইজ হিমন্ত বিশ্ব শৰ্মা? বিধানসভা নিৰ্বাচনৰ আগত ছয়টা জনগোষ্ঠীৰ জনজাতিকৰণ নহয় বুলি ক’বলৈ হিমন্ত বিশ্ব শৰ্মা কোন হয়? তেওঁ সিদ্ধান্ত ল’ব নেকি? এয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ আইন৷” সংবাদমেলত, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ আদালতত দাখিল কৰা তথ্য সন্দৰ্ভতো অসম চৰকাৰক উদ্দেশ্যি কেবাটাও প্ৰশ্ন কৰে। অসম আৰক্ষীৰ দলে ছিংগাপুৰলৈ গৈ স্থানীয় আৰক্ষীৰে আলোচনা কৰাৰ পিছতো ছিংগাপুৰৰ আদালতত সেই দেশখনৰ তদন্তকাৰী বিষয়াই জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু আছিল বুলি কৰা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয়, “এতিয়া প্ৰশ্ন হৈছে অসমৰ ৰাইজে বিশ্বাস কৰিব কাক? ছিংগাপুৰৰ চৰকাৰক বিশ্বাস কৰিব নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব?”
তেওঁ কয় যে ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিয়ে স্পষ্টকৈ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু। কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ নহয়, কেইবাবাৰো ৰাজহুৱাকৈ কোৱাৰ লগতে বিধানসভাৰ পৱিত্ৰ মজিয়াতো কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। এইখিনিত গৌৰৱ গগৈয়ে কয়, “অসমৰ ৰাইজে কাক বিশ্বাস কৰিব?” এই প্ৰসংগত তেওঁ আৰু কয় যে প্ৰশ্ন হৈছে দুয়োখন চৰকাৰৰ কথাবোৰৰ মিল নাই কিয়। তেওঁ উল্লেখ কৰে যে ছিংগাপুৰলৈ অসম আৰক্ষী গৈছিল, আলোচনা কৰিছিল, তাৰ পৰা কাগজবোৰ লৈছিল। দুয়ো চৰকাৰৰ মাজত কথা-বতৰা হৈ থকা দৃশ্য তেওঁলোকে দেখিছে। অসমৰ চৰকাৰৰ প্ৰতিনিধিয়ে ছিংগাপুৰৰ হাইকমিছনাৰক লগ পোৱাৰ টুইটো তেওঁলোকে দেখিছে। আনহাতে, ছিংগাপুৰৰ এম্বেছেডৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত পোষ্টো কৰিছে। তথাপিও গৌৰৱ গগৈয়ে প্ৰশ্ন তোলে, “এটা প্ৰশ্ন, জুবিন গাৰ্গৰ ক্ষেত্ৰত দুয়ো চৰকাৰৰ কথাবোৰৰ মিল নাই কিয়?”
তেওঁ কয়, এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ হত্যা হ’ল। কিন্তু তাৰ বিপৰীতে ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিয়ে কৈছে যে এয়া স্বাভাৱিক মৃত্যু। সেয়ে গৌৰৱ গগৈয়ে প্ৰশ্ন তোলে, “প্ৰশ্ন হৈছে দায়িত্ব কোনে পালন কৰা নাই? ছিংগাপুৰ চৰকাৰে দায়িত্ব পালন কৰা নাই নে হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা এছআইটিয়ে দায়িত্ব পালন কৰা নাই?”
তেওঁ পুনৰ কয়, “অসমৰ ৰাইজৰ সন্মুখত কোনে ভুল তথ্য দাঙি ধৰিছে? ছিংগাপুৰে নে হিমন্ত বিশ্ব শৰ্মাৰ এছআইটিয়ে?” গৌৰৱ গগৈয়ে কয় যে যদি দুয়োখন চৰকাৰৰ মাজত সঠিক সন্তুলন থাকিলেহেঁতেন, তেন্তে কথাবোৰৰ মিল থাকিলেহেঁতেন। কিন্তু আকৌ এবাৰ জুবিন গাৰ্গৰ ঘটনাৰ তথ্য জনাৰ পৰা আৰু ন্যায়ৰ পৰা অসমৰ জনসাধাৰণ দূৰ হ’ল বুলি তেওঁ মন্তব্য কৰে। ছিংগাপুৰৰ আদালতত তেওঁলোকৰ চৰকাৰৰ সংস্থাই কৈছে যে শেষ সময়ত জুবিন গাৰ্গৰ সৈতে ১৮ৰ পৰা ২০ জন মানুহ আছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে গঠন কৰা এছআইটিয়ে ১০ জনক এৰি দিলে আৰু ৫ জনকহে বিশেষ জোৰ দিলে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন তোলে, “কিহৰ বাবে এৰি দিয়া হ’ল?”
তেওঁ আৰু কয়, “এৰি দিয়া সকলৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ সৈতে ভাল সম্পৰ্ক থকা আছে নেকি?” এই প্ৰসংগত গৌৰৱ গগৈয়ে কয় যে প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীয়ে কাৰোবাক বচাব খুজি নেকি। তেওঁ কয় যে যিখন চাৰ্জশ্বিট দিয়া হৈছে সেইখনত তথ্য কম, চৰিত্ৰহনন বেছি দেখা গৈছে। সেয়ে তেওঁ প্ৰশ্ন তোলে, “কাৰোবাক বচাবলৈ আৰু কাৰোবাৰ চৰিত্ৰত দাগ লগোৱাৰ এয়া প্ৰয়াস নেকি?”
নিৰ্বাচনৰ আগত এটা বিশেষ দলে কৈ থকা কথাবোৰৰ দৰে এয়া এক নমুনা নেকি বুলিও তেওঁ প্ৰশ্ন কৰে। ইতিমধ্যে অসম আৰক্ষী, ছিংগাপুৰ আৰক্ষী আৰু ভাৰত চৰকাৰৰ মাজত এটা সম্পৰ্ক গঢ়িছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে এটা পদক্ষেপ অসম চৰকাৰৰ পৰা হ’ব লাগে। তেওঁ কয়, “অসম চৰকাৰে কথাবোৰ জমা দিব লাগে।” তেওঁ লগতে কয় যে আজি অপৰাধীয়ে ভাবিছে, “আমাৰ কাম সহজ হৈ গ’ল। মুকলি আকাশৰ তললৈ তেওঁলোক ওলাই আহিব। নিৰ্বাচনৰ পিছত তেওঁলোক ওলাই আহিব।” এই প্ৰসংগত গৌৰৱ গগৈয়ে কয়, “জুবিন গাৰ্গে ন্যায় পাব নে বুলি আমি যে ভয় কৰিছো, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত জুবিন গাৰ্গে ন্যায় পাব নে?”
এয়া পৰিতাপৰ কথা বুলি উল্লেখ কৰি তেওঁ কয় যে ইমান দিন পাৰ হৈ গ’ল, ২০০ পৃষ্ঠা-৩০০ পৃষ্ঠাৰ ৰিপৰ্ট জমা হোৱাৰ পিছতো অসমৰ জনসাধাৰণ আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল ন্যায় আৰু বাস্তৱ সত্যৰ পৰা আঁতৰত আছে। তেওঁ স্মৰণ কৰাই দিয়ে যে মুখ্যমন্ত্ৰীয়ে প্ৰথমে কৈছিল, “জুবিন গাৰ্গক হত্যা কৰা হ’ল।” সেয়ে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাই কয় যে তেওঁ দায়িত্ব লৈ ছিংগাপুৰৰ কৰ্তৃপক্ষৰ সৈতে সংযোগ সৃষ্টি কৰি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰক। “সেয়া আমাৰ ফালৰ পৰা অনুৰোধ থাকিল। আমি বিচাৰো তথ্য, সত্য আৰু ন্যায়,” বুলি তেওঁ স্পষ্ট কৰে।
জুবিন গাৰ্গৰ মৃত্যুক লৈ চৰকাৰে ৰাজনীতি কৰিব খুজিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয়, “দুয়োখন চৰকাৰে পৃথক কথা কৈছে।” তেওঁ কয় যে দুয়ো চৰকাৰৰ মাজত কথা হ’ল, আৰক্ষীৰ মাজতো আলোচনা হ’ল, কেন্দ্ৰীয় চৰকাৰে আগভাগ ল’লে আৰু পাৰস্পৰিক আইনী সহায়তা চুক্তি কৰা হ’ল। তেওঁ পুনৰ স্মৰণ কৰাই দিয়ে, “প্ৰথমে মুখ্যমন্ত্ৰীয়ে ক’লে হত্যাৰ কথা। আমি কৈছো যে চাৰ্জশ্বিটত হত্যাৰ কথা কম, চৰিত্ৰহননৰ কথা বেছি আছে।” তেওঁ লগতে কয়, “আমি ভাবিছিলো ছিংগাপুৰৰ পৰা তথ্য উলিয়াই আনিব। কিন্তু এতিয়া কথাটো বিপৰীত হ’ল।”
ইফালে, প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছত যোগদান কৰাৰ দুদিন পিছতে দলত্যাগ কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি গৌৰৱ গগৈয়ে কয় যে যদি আমি ঘটনাক্ৰম চাও তেন্তে দেখিম যে সিদিনা যোগদান কাৰ্যসূচীত ৯০ শতাংশ কথাবোৰ বৰ অসম সম্পৰ্কীয় আছিল৷ শিৱসাগৰ আৰু ধুবুৰীক ৰেজাউল কৰিমে যিধৰণে তুলনা কৰিব বিচাৰিলে সেয়া ভুল আছিল, অনুচিত আছিল৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই সেইখিনি কথাকে কৈছিল৷ মই দেৱব্ৰত শইকীয়াৰ কথাখিনিক সমৰ্থন জনাইছিলো৷ তেওঁ ক’লে যে ভৱিষ্যত বক্তৃতা দিয়াৰ আগত ভাবি-চিন্তি কথাবোৰ ক’ব লাগে৷ ময়ো তাকে ক’লো যে ভৱিষ্যতে কথা কোৱাৰ আগত সাৱধান হ’ব লাগে৷ পিছত ৰেজাউল কৰিমে নিজৰ বিবেকৰ কথা মতে দল এৰিছে৷ মোক পদত্যাগ পত্ৰ দিছে৷
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক বিজেপিৰ এজেণ্ট বুলি কোৱা কথাটো অনুচিত বুলিও কয় গগৈয়ে৷ তেওঁ কয় যে কংগ্ৰেছ দলৰ এটাই লক্ষ্য৷ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সৈতে সম্পৰ্ক থকা তিনি-চাৰিজন ব্যক্তি আগতে কংগ্ৰেছ দলত আছিল৷ তেওঁলোক কংগ্ৰেছ দলত থাকি কংগ্ৰেছ দলৰ পৰা আঁতৰি গ’ল৷ তেওঁলোকৰ যি কেলেংকাৰী আছি সেই কেলেংকাৰীৰ খলনায়ক আছিল হিমন্ত বিশ্ব শৰ্মা৷ আজি তেওঁলোক বিজেপিত সোমাইছে। কিন্তু আজি কংগ্ৰেছৰ দৰেই বিজেপিৰ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সৈতে থকা তিনি-চাৰিজন মানুহৰ কেলেংকাৰী আৰু অহংকাৰৰ বাবে মানুহে বিজেপি এৰিব ধৰিছে৷ আগত কংগ্ৰেছ আৰু এতিয়া বিজেপি কৰি অসমত ২০-২২ বছৰ ধৰি চিণ্ডিকেট কৰিছে, অসমৰ ৰাইজৰ পৰিৱৰ্তে নিজৰ উন্নয়নৰ কাম কৰিছে৷ কেৱল নিজৰ ঘৰ, পৰিয়াল, ভাই-ককাইলৈকে কামবোৰ কৰিছে৷ ইয়াৰ পৰা আমি অসমৰ ৰাইজক মুক্তি দিব লাগিব৷ তাৰ বাবে কংগ্ৰেছ দল, বিৰোধী দলসমূহ আৰু অসমৰ ৰাইজ একত্ৰিত হৈছে৷ যোৱা বিশটা বছৰৰ পৰা ধনৰ কেলেংকাৰী, অহংকাৰ, ক’লা ৰাজনীতি, নিম্ন ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই কৰি আহিছে তাৰ বাবে এটা সময়ত মানুহে কংগ্ৰেছক বেয়া পালে, এতিয়া বিজেপিক বেয়া পাবলৈ আৰম্ভ কৰিছে৷ চিৰকালৰ বাবে এইসকলক আমি বিদায় দিব লাগিব৷ যিসকলৰ ৰাজনীতিয়ে অসম ধ্বংস কৰিলে৷ অসমক পিছুৱাই নিলে৷ সেই ৰাজনীতি চিৰকালৰ বাবে শেষ কৰিব বিচাৰো৷ এই ক্ষেত্ৰত আমি সকলো একত্ৰিত আৰু সংকল্পবদ্ধ৷ সংখ্যালঘূ এলেকাত আমছুৰ প্ৰভাৱ আছে৷ ৰেউজাউল কৰিমে আমছু ত্যাগ কৰাত সংখ্যালঘূ এলেকাত কংগ্ৰেছ নেতাক সংখ্যালঘূ এলেকাত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰা সন্দৰ্ভত প্ৰশ্ন কৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাইহে প্ৰৱেশ কৰিব নোৱাৰিব৷ হিমন্ত বিশ্ব শৰ্মাই সিদিনা ক’লে যে বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ নহয়৷ উজনি অসমৰ ছাত্ৰ নেতাসকলে নিৰ্বাচনৰ আগত জনজাতিকৰণ নিবিচাৰে বুলি কৈছে৷ হাজাৰ হাজাৰ মানুহক লৈ যিসকলে আন্দোলন কৰিলে আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ আগত গোপনে বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণৰ নালাগে বুলি কৈ হাৰ মানি ল’লে৷ তেনেকৈ কৈ ছাত্ৰ নেতাসকলৰ ওপৰত যি ক’লা দাগ লগালে, এই ছাত্ৰ নেতাসকলে একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাই যে তেওঁলোকৰ ওপৰত ভুল ব্যাখ্যা দি মানহানি কৰিছে, চৰিত্ৰহনন কৰিছে তাৰ বাবেহে হিমন্ত বিশ্ব শৰ্মাই প্ৰৱেশ কৰিব নোৱাৰিব৷





