• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্তই দিলে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ দুটা বিকল্প

মুখ্য মন্ত্ৰী পদটোৰ বাবে দীঘলীয়া সংগ্ৰামত চৰম হতাশ আৰু বিতুষ্ট নেকি মন্ত্ৰীজন?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2019 4:09 pm
Himanta Biswa_Bihpuriya

বিহপুৰীয়াত এটা অনুষ্ঠানত মন্ত্ৰী হিমন্ত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ আৰু বিজেপি দুয়োখন চৰকাৰৰ দিনতে ৰাজ্যৰ ৰাজনীতিত প্ৰভাৱী ভূমিকা ৰখা মন্ত্ৰী হিমন্ত বিশ্বয়ে ৰাজ্যৰ ৰাজনীতিৰ প্ৰেক্ষাপটতৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ যোৱাৰ ইচ্ছা কৰিছে। এই কথা আজি সংবাদ মাধ্যমৰ আগত খোলাখুলিকৈ ক’লে মন্ত্ৰীজনে নিজেই।

আজি লখিমপুৰৰ বিহপুৰীয়াত ডিক্ৰং নদীৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ যায় মন্ত্ৰীজন। তাতে সংবাদ মাধ্যমৰ আগত নিজৰ ৰাষ্ট্ৰীয় ৰাজনীতি গমনৰ ইচ্ছা প্ৰকাশ কৰে।

Apply Now

বিজেপিৰ মন্ত্ৰীজনে কয় তেওঁ ইতিমধ্যে দলক জনাই দিছে যে তেওঁ ২০২১-অত বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ নহয়।

“ৰাজ্যৰ ৰাজনীতিৰ পৰা মই লাহে লাহে আঁতৰিব খুজিছো। ’২১-অত মই ৰাজ্যৰ ৰাজনীতি এৰিম বুলি কৈছো। ৰাজ্যৰ ৰাজনীতিত জড়িত থকাৰ ইচ্ছা নাই।” সংবাদ মাধ্যমক নিজৰ ৰাষ্ট্ৰীয় ৰাজনীতি গমনৰ ইংগিত দি হিমন্তই কয়।

বৰ্তমান জালুকবাৰী সমষ্টিক বিধানসভাত প্ৰতিনিধিত্ব কৰি থকা মন্ত্ৰীজনে তাৎপৰ্য্যপূৰ্ণভাৱে লগতে এইবুলি কয় যে কিবা বিশেষ কথা হ’লেহে থাকিব ৰাজ্যৰ ৰাজনীতিত।

“লগতে কৈছো যে, কিবা বিশেষ কথা হ’লে বেলেগ কথা। কিন্তু সাধাৰণ অৰ্থত ‘২১ চনত বিধানসভাত নেখেলো। দলক জনাইছো”, গুৰুত্বপূৰ্ণ ইংগিত মন্ত্ৰীজনৰ। হিমন্তৰ এই মন্তব্যৰ পিছত ‘এই কথাৰ দ্বাৰা মুখ্য মন্ত্ৰীৰ পদটোৰ কথাকে ইংগিত কৰিলে নেকি উচ্চাকাংক্ষী মন্ত্ৰীজনে’ বুলি প্ৰশ্ন ৰাজনৈতিক বিশ্লষকৰ। কাৰণ বিশেষ কথা ৰাজ্যৰ ৰাজনীতিত আন কি হ’ব পাৰে?

আনহাতে কোন সমষ্টিৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিৰ যাত্ৰাৰ চেষ্টা কৰিব সেয়া স্পষ্টকৈ নক’লে মন্ত্ৰী হিমন্ত্ৰ বিশ্বই।

তেজপুৰৰ পৰাও উঠিব পাৰে বুলি এটা জনৰৱ ওলোৱাৰ কথা সাংবাদিকে মনত পেলাই দিয়াত মন্ত্ৰীজনে কয়, “তেনেকুৱা একো নাই। দলে সিদ্ধান্ত ল’ব। ১৪টা সমষ্টিৰ ক’ৰবাত খেলিলেই হয়”। ইয়াৰ জৰিয়তে মন্ত্ৰীজনে তেওঁ যে যিকোনো এটা সমষ্টিতে নিৰ্বাচন খেলি জিকিব পাৰে তাৰে ইংগিত দিয়ে।

“ৰাজ্যৰ ৰাজনীতিৰ পৰা ২১-অৰ পিছত আঁতৰিম বুলি কৈছো। তাৰ পৰিপ্ৰেক্ষিতত দলে য’তে দিয়ে দিব। ২১ত যিহেতু নেখেলো, দুটাই বিকল্প আছে- হয় ১৯ লোকসভা খেলিব লাগিব, নহয় ২৫ লৈকে ৰেষ্ট ল’ব লাগিব,” ৰাজ্যৰ ৰাজনীতিৰ প্ৰতি বিতুষ্টি প্ৰকাশ কৰি হিমন্তই কয়।

উল্লেখ কৰিব পাৰি যে মন্ত্ৰীজনে তেওঁৰ আকাংক্ষিত মুখ্য মন্ত্ৰীৰ পদটোৰ বাবে দীৰ্ঘ সময় চেষ্টা আৰু কৌশল অব্যাহত ৰাখিও এক প্ৰকাৰৰ ব্যৰ্থ হয়। কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈক পদটোৰ পৰা আঁতৰোৱাত ব্যৰ্থ হোৱা হিমন্তই যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে বিজেপিত যোগদান কৰিলে যদিও সেই উচ্চাকাংক্ষাৰ আগত থিয় দিলে মুখ্য মন্ত্ৰী সোণোৱাল। আজিৰ মন্ত্ৰীজনৰ বক্তব্যত এই লক্ষ্য খেদি ভাগৰি পৰা আৰু বিৰক্ত হোৱা, দুয়োটাৰে ইংগিত পোৱা গ’ল।

ইপিনে মন্ত্ৰীজনে সমাগত লোকসভাত বিজেপিৰ মূল নিৰ্বাচনী ইচ্ছ্যু দুটা হ’ব বুলি জানিবলৈ দিয়ে। “বিকাশ আৰু জাতি-মাটি-ভেটিৰ লগতে অস্তিত্ব”, এইদৰে কয় মন্ত্ৰী হিমন্তই।

২৬ ফেব্ৰুৱাৰিত অসমলৈ ৰাহুল গান্ধী আহিব বুলি সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ কয়, ৰাহুল গান্ধী অসমলৈ আহিলে বিজেপিৰ ভোট বাঢ়িব। কাৰণ মোদী আৰু ৰাহুল গান্ধীৰ মাজত মানুহে তুলনা কৰি চাব।

তেওঁ বিজেপিয়ে উত্তৰ-পূবত ১৯খন আসন পাব বুলি দাবী কৰে। “মানুহে ঢেৰ কৈ থাকিলেও শেষ ৰিজাল্টাই মেইন কথা। উত্তৰ-পূবত ২৫খন আসন আছে তাৰ ভিতৰত ১৯-২১খন আসন বিজেপিয়ে পাব।” মন্ত্ৰীজনে দৃঢ়তাৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd