• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিজেপিলৈ আহি প্ৰথম নিৰ্বাচনী ৰাজনীতিত মুখ থেকেচা খালে নেকি হিমন্ত বিশ্ব শৰ্মাই?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
March 18, 2019 6:31 am
himanta-1

মন্ত্ৰী হিমন্তৰ ফাইল ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাজনৈতিক দলবোৰৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাতৰিয়ে ৰাজনীতি উত্তপ্ত কৰি তোলাৰ সময়তে শাসকীয় বিজেপি দলত শেহতীয়াকৈ দেখা দিয়া দলাদলি তথা অসন্তুষ্টিৰ বাতৰিয়েও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰালৈ অধীৰ আগ্ৰেহেৰে বাট চাই থকা ৰাজনৈতিক পৰ্যবেক্ষকসকলক আচৰিত কৰি তোলা শেহতীয়া খৱৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব বাতিল কৰাৰ সিদ্ধান্ত।

Apply Now

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বৰে পৰা ড০ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব বুলি চৰ্চা চলি থকাই নহয়, তেওঁৰ প্ৰাৰ্থিত্ব নিশ্চিত হোৱাৰ বাতৰিও প্ৰকাশ পাই আহিছিল। কিন্তু কি কাৰণত শেষ মুহূৰ্তত শৰ্মাৰ প্ৰাৰ্থিত্ব বাতিল কৰা হ’ল?

ড০ শৰ্মাই নিজেই নিৰ্বাচিত কৰি লোৱা তেজপুৰ সমষ্টিত তেওঁৰ বিজয় নিশ্চিত কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল আৰু সেয়া তেওঁ প্ৰায় নিশ্চিত কৰি তুলিছিল। তেজপুৰ লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাত বিজেপিৰ স্থিতি সবল হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি অসম বিজেপিৰ ‘চানক্য’ শৰ্মাই নিজৰ বাবে নিৰাপদ সমষ্টিটো বাচি লৈছিল।

জানিব পৰা মতে দলৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁক উত্তৰ-পূবৰ ২৫টা সমষ্টিৰ ভিতৰত ২১টা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ বিবেচনা যে শৰ্মাই নিৰ্বাচনী যুঁজখনত নিজকে নিৰাপদ দূৰত্বত অৱস্থান কৰি ৰখাৰ বিপৰীতে সন্মুখত থাকি নিৰ্বাচনী যুঁজখনৰ পৰিচালনা কৰক।

একাংশ ৰাজনৈতিক পৰ্যবেক্ষকে ধাৰণা কৰে যে হিমন্ত বিশ্ব শৰ্মাই সুদীৰ্ঘদিন ধৰি মনত পুহি ৰখা মুখ্য মন্ত্ৰিত্বৰ সপোনটোক আগবঢ়াই নিয়াৰ কছৰৎ হিচাপে এইবাৰ দিল্লীলৈ মন মেলিছিল। দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীৰ আসনত উপবিষ্ট হৈ ২০২১ত ৰাজ্যৰ ৰাজনীতিলৈ আহি তেওঁৰ সপোন পূৰণ কৰাৰ বাট মসৃন কৰি তুলিব বিচাৰিছিল।

সকলো পৰিকল্পনা মতে আগবাঢ়িলেও অৱশেষত অমিত শ্বাহে শৰ্মাৰ সৰল অংকৰ সমীকৰণত জটিলতা আনি দিলে। তেজপুৰ নহয়, অসম তথা উত্তৰ-পূবত বিজেপিৰ বিজয় সুনিশ্চিত কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিলে।

ৰাজ্য চৰকাৰৰ বিত্ত, গড়কাপ্তানিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য ৰাজনীতি এৰি দিল্লীৰ ৰাজনীতিত যোৱাটো কেন্দ্ৰীয় নেতৃত্বৰ লগতে বিজেপিৰ ৰাজ্যিক নেতৃত্বৰো গৰিষ্ঠ সংখ্যকে বিচৰা নাই। পূৰ্বতে বিজেপিৰ আন এগৰাকী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও এনেধৰণে একে সপোন আগত ৰাখি বিজেপিত নিৰ্বাচনী ৰাজনীতি আৰম্ভ কৰিছিল যদিও সেয়া সম্ভৱ নহ’ল।

ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰে পৰাই দলটোত নিজৰ আধিপত্য বিস্তাৰৰ গোপন যুঁজখনত সৰ্বশক্তি প্ৰয়োগ কৰি আহিছে। ‘শৰাইঘাটৰ শেষ ৰণ’ৰ আহ্বানেৰে বিজেপিৰ মেৰুকৰণ ৰাজনীতিৰ হোতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰা শৰ্মাই দলটোত নিজৰ অনুগামী তথা সহযোগীৰ সংখ্যাও বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

ড০ শৰ্মাৰ সন্দৰ্ভত ৰাজনৈতিক মহলত চৰ্চিত হোৱা আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে বিজেপিয়ে হিমন্ত বিশ্বক কিহৰ বাবে গুৰুত্ব দিছে? তেওঁৰ ব্যক্তিগত সপোন পূৰোৱাৰ বাবে নিশ্চয় নহয়, দলৰ স্থিতি মজবুত কৰিবলৈহে। কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনতো ক্ষমতাৰ ৰাগীত সোঁৱে-বাঁৱে বহু প্ৰতিদ্বন্দ্বীৰ সৃষ্টি কৰাৰ দৰে বিজেপিতো সেই যাত্ৰাৰ আৰম্ভণি হোৱা নাইতো?

মনত ৰখা ভাল, কংগ্ৰেছৰ সৈতে শেষ ৰণখনত ধৰাশায়ী হৈ বিজেপিৰ বোকোচাত উঠা ড০ শৰ্মাৰ বাবে ইয়াতো ৰাজনৈতিক যাত্ৰাৰ ট্ৰেজিক পৰিসমাপ্তি নঘটেতো?

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd