• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টুইটাৰত তীব্ৰ বাক-যুদ্ধ! অসমৰ মুখ্যমন্ত্ৰীক ‘তৃতীয় শ্ৰেণীৰ কুটিল’ আখ্যা প্ৰিয়ংক খাৰ্গেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 1:14 pm
72
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছেমিকণ্ডাক্টৰ উদ্যোগক লৈ আৰম্ভ হোৱা বিতৰ্কই এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেৰ মাজত এক তীব্ৰ বাদানুবাদৰ সৃষ্টি কৰিছে। দুয়োগৰাকী নেতাই সামাজিক মাধ্যমৰ মঞ্চত এজনে আনজনক আক্ৰমণ কৰি গৈ আছে, যাৰ ফলত দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বুধবাৰে এই বিতৰ্কই এক নতুন পাক লয়, যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘তৃতীয় শ্ৰেণীৰ কুটিল‘ (Third-class crook) বুলি অভিহিত কৰে। ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী শৰ্মাই খাৰ্গেক ‘এক নম্বৰ মূৰ্খ‘ আখ্যা দিছিল। দুয়োগৰাকী নেতাই পৰস্পৰে ব্যক্তিগত আক্ৰমণ চলোৱাত ৰাজনৈতিক মহলত উত্তেজনা বৃদ্ধি পাইছে।

Apply Now

উল্লেখ্য যে প্ৰিয়ংক খাৰ্গেয়ে বেংগালুৰুৰ পৰিৱৰ্তে বিজেপি শাসিত অসম আৰু গুজৰাটত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে এই বিতৰ্কৰ সূচনা হৈছিল। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে, “গুজৰাট আৰু অসমত কি আছে? তাত প্ৰতিভা আছেনে?”

দেওবাৰে কৰা এই মন্তব্যৰ পাছতেই বিৰোধী দলৰ লগতে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ তৰফৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হয় খাৰ্গে। বহুতে অভিযোগ কৰে যে তেওঁ এই মন্তব্যৰ জৰিয়তে আন ৰাজ্যক অপমান কৰিছে।

অৱশ্যে, বিতৰ্ক তীব্ৰতৰ হোৱাৰ পাছতো খাৰ্গেয়ে নিজৰ স্থিতিত অটল থাকে। বুধবাৰে সাংবাদিকৰ আগত তেওঁ কয় যে “এইটোৱে তেওঁৰ শ্ৰেণী বিশেষাধিকাৰ আৰু মুখ্যমন্ত্ৰীৰ চকীখনৰ বলত তেওঁ যি বিশেষাধিকাৰ লাভ কৰিছে তাকে প্ৰতিফলিত কৰিছে। ইয়াৰ বাহিৰে ইয়াত একো নাই। তেওঁ মোৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰি ইয়াক বিতৰ্কৰ সূত্ৰপাত কৰিছে। কিন্তু সত্যটো লুকাই নাথাকে, তেওঁ নিজেই টুইট কৈছিল যে অসমৰ পৰা বহু লোক প্ৰশিক্ষণৰ বাবে বেংগালুৰুলৈ আহে। আমি তেওঁলোকক আদৰণি জনাই আহিছোঁ। মুখ্যমন্ত্ৰীৰ শৰ্মাৰ ভাষাই তেওঁৰ হতাশাৰ কথা প্ৰকাশ কৰিছে। ‘তৃতীয় শ্ৰেণীৰ কুটিল‘ এজনৰ পৰা আৰু কি আশা কৰিব পাৰি?”

ইয়াৰ পূৰ্বে ২৭ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুনিয়ৰ খাৰ্গেক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে খাৰ্গেয়ে অসমৰ যুৱক-যুৱতীক ‘অশিক্ষিত‘ বুলি ‘অপমান‘ কৰিছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল: “প্ৰিয়াংক খাৰ্গে ‘এক নম্বৰ মূৰ্খ‘। তেওঁ অসমীয়া যুৱকক অপমান কৰিছে আৰু কংগ্ৰেছে এই কথাটো এতিয়াও গৰিহণা দিয়া নাই। আমি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰো কাৰণ তেওঁ কৈছে যে অসমত শিক্ষিত যুৱক-যুৱতী নাই। এয়া সমগ্ৰ অসমীয়া যুৱক-যুৱতীৰ প্ৰতি অপমান।” ইয়াৰ পিছতে  এই বিতৰ্কত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাইও জঁপিয়াই পৰে। পীযুষ হাজৰীকাই এক্সৰ পোষ্টত এই অভিযোগো কৰে যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেয়ে কেৱল অসমৰ সংস্কৃতি আৰু সম্পদক লৈ উপহাস কৰি থাকে, যাৰ মূল্য কংগ্ৰেছে ২০২৬ চনত পাবলৈ সাজু থাকিব লাগিব।

বৰ্তমান দুয়ো পক্ষৰ মাজত চলি থকা এই তীব্র বাক্ যুদ্ধ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ৰাজনীতি গৰম কৰি ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd