• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বাহিৰৰ পৰা ৰে’লৰে আহিবলগীয়া লোক সকলক কেনেকৈ ৰখা হ’ব? হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
May 12, 2020 8:07 pm
হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বাহিৰৰ পৰা ৰে’লৰে আহিবলগীয়া লোক সকলক কেনেকৈ ৰখা হ’ব এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত মন্ত্ৰী গৰাকীয়ে বহিঃৰাজ্যৰ পৰা অহা প্ৰতিগৰাকী ব্যক্তিক টেষ্ট কৰা সম্ভৱ নহ’ব বুলি কয়।

Apply Now

ৰে’লৰে বহিঃৰাজ্যৰ পৰা অসমত মানুহ আহি উপস্থিত হ’লে কোভিড-১৯-ৰ বিৰুদ্ধে চলি থকা যুঁজখনে এক নিৰ্ণায়ক পৰ্য্যায়লৈ গতি কৰিব বুলি মন্ত্ৰী গৰাকীয়ে কয়।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ ৰাজ্যিক কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদমেলখনত শৰ্মাই জানিবলৈ দিয়া অনুসৰি কাইলৈৰ পৰা বহিঃৰাজ্যৰ আৱদ্ধ হৈ থকা লোকসকল আহি অসমত উপস্থিত হ’ব।

সংবাদমেলত তেওঁ কৰা গুৰুত্বপূৰ্ণ ঘোষণাসমূহ অসম্পাদিত ৰূপত উল্লেখ কৰা হ’ল-

১. কালিলৈকে ধাৰণা আছিল এখন ট্ৰেইন চলিব দিল্লীৰ পৰা ডিব্ৰুগড়লৈকে। এই ট্ৰেইখন এক সপ্তাহ ধৰি দিল্লীৰ পৰা ডিব্ৰুগড়লৈকে চলিব। ক’ৰ’নাৰ অত্যাধিক সংক্ৰমণ হোৱা উত্তৰ-প্ৰদেশৰ মোগল চৰাই, কানপুৰ বিহাৰৰ বৰাওনি, পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ মাজেৰে আহি অসমত উপস্থিত হ’ব।

২. আমি লাহে লাহে ট্ৰেইন পঠিওৱাৰ কথা কৈছিলো যদিও ভাৰত চৰকাৰে স্পষ্ট কৰিছে অতিথি ৰাজ্যসমূহৰ পৰা বহু চাপ আহিছে নাগৰিক খিনি লৈ যাব কাৰণে, কিয়নো তেওঁলোকৰ ৰাজ্যসমূহত বহু লোক কোভিডত আক্ৰান্ত হৈছে। সেয়েহে নিয়মীয়াভাৱে অসমলৈ লোকসকলক অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

৩. কেৰেলা বাংগালুৰু ইত্যাদিৰ পৰাও যাত্ৰীসকলক আনিবলৈ চেষ্টা চলাই থকা হৈছে।

৪. কাইলৈ অসমত উপস্থিত হ’বলগীয়া যাত্ৰীসকলৰ ৮৪২ গৰাকী ডিব্ৰুগড় ৰে’লৱে ষ্টেচনত নামিব। এইসকল কেবল ডিব্ৰুগড়ৰ বাসিন্দা নহয়। অৰুণাচল চৰকাৰেও তেওঁলোকৰ ৰাজ্যৰ বাসিন্দা সকলক নিজৰ ৰাজ্যলৈ নিয়াৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিছে।

ইয়াৰোপৰি, কোকৰাঝাৰ, গুৱাহাটী, লামডিং আৰু মৰিয়নীতো যাত্ৰী নামিব। গুৱাহাটীত ৩৭ গৰাকী, মৰিয়নীত দুজন আৰু কোকৰাঝাৰত ৮ জন যাত্ৰী নামিব। সৰহসংখ্যক যাত্ৰী ডিব্ৰুগড়তে নামিব। ডিব্ৰুগড়ৰৰ পৰা ধেমাজি, লখিমপুৰ, অৰুণাচলপ্ৰদেশ ইত্যাদি বিভিন্ন ঠাইলৈ পৰৱৰ্তী সময়ত যাত্ৰী সকলে যাব।

৫. প্ৰতিদিনে এখন ট্ৰেইনত ১২০০ ব্যক্তি আহিব।

৬. অসমত আজিৰ দিনত ৭৭৮২ গৰাকী লোকৰ জ্বৰ উঠি আছে। ১০ হাজাৰখন গাঁৱলৈ গৈ এই জ্বৰ হৈ থকা লোকসকলক চিনাক্ত কৰা হৈছে। বাকী ২০ হাজাৰ গাঁৱলৈ যাবলৈ বাকী আছে।

৭. বহিঃৰাজ্যৰ পৰা অহা প্ৰতিজন ব্যক্তিকে টেষ্ট কৰা সম্ভৱ নহ’ব। কেৱল লক্ষণ দেখুওৱা লোকসকলকহে টেষ্ট কৰিব লাগিব। এখমাত্ৰ বিকল্প হ’ল ১৪ দিনৰ হোম কোৱাৰেন্টাইন অতিকৈ গুৰুত্বপূৰ্ণ। ১৪ দিন কুৱাৰেন্টাইন কৰা হ’বই লাগিব বুলি মনোভাৱ লৈ সকলো ৰাজ্যলৈ উভটি আহিব লাগিব।

৮. বিদ্যালয়, মহাবিদ্যালয়, অঙ্গনবাড়ী কেন্দ্ৰসমূহত কুৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰা হ’ব। লক্ষণ নথকাসকলে ৯ ৰ পৰা ১৪ দিনলৈ কোৱাৰেন্টাইন হৈ থাকিব লাগিব।

৯. জিলা হেড কোৱাৰ্টাৰত মানুহ ৰখা সম্পূৰ্ণ হ’লে সমষ্টিলৈ যাব লাগিব। বিধায়কসকলে হোম কোৱাৰেন্টাইন কৰাৰো ব্যৱস্থা কৰি দিব লাগিব। কাইলৈ এই সন্দৰ্ভত অধিসূচনা জাৰি হ’ব।

১০,·ৰে’লৰে মানুহ আহি অসমত উপস্থিত হ’লেই কোভিদৰ বিৰুদ্ধে যুঁজখনে এক নিৰ্ণায়ক পৰ্য্যায়লৈ গতি কৰিব। আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য কৰ্মী সকলো সাজু হৈ উঠিছে।

১১. হোম কোৱাৰেন্টাইন মানে কেৱল ব্যক্তিজনেই নহয় ঘৰৰ সকলো লোকেই কোৱাৰেন্টাইন হ’ব লাগিব। গোটেই গৃহটোৱেই কন্টেইমেন্ট জ’ন হিচাপে গণ্য কৰা হ’ব। কোনো লোক ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰিব।

১২. আজিৰ মুহূৰ্তলৈকে ৩২৫৫ গৰাকী লোক শ্ৰীৰামপুৰ গেটদি অসমত প্ৰৱেশ কৰিছে। ছাগলীয়া গেটেদি ৩৪২ গৰাকী ব্যক্তি প্ৰৱেশ কৰিছে। ৩৫৯৭ গৰাকী ব্যক্তি প্ৰৱেশ কৰিছে। উত্তৰ পূৱৰ পৰা ৩৭০৫ গৰাকী লোক প্ৰবেশ কৰিছে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এটা কঠিন সময়ৰ সৈতে সকলোৱে মোকাবিলা কৰিব লাগিব বুলি উল্লেখ কৰি বহিঃৰাজ্যৰ পৰা উভতি অহা সকলো লোকক এটা দৃঢ় মন লৈ ৰাজ্যলৈ উভতি আহিবলৈ আহ্বান জনায়।

কল্পজ্য়োতি শইকীয়া

কল্পজ্য়োতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd