• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিমন্ত বিশ্ব শৰ্মাই ধ্বংস কৰিব অসমৰ চাহ উদ্যোগ- ঝাৰখণ্ডৰ আদিবাসী নেতাৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2025 6:28 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত লাখ লাখ চাহ শ্ৰমিকে প্ৰতিবাদ কৰা বিষয়টোক ৰাজ্য চৰকাৰে এতিয়াও গুৰুত্ব প্ৰদান কৰা নাই। যিসকল আদিবাসী লোক ঝাৰখণ্ডত জনজাতি হিচাপে স্বীকৃতিপ্ৰাপ্ত সেইসকল লোক অসমত কিয় জনজাতি নহয় বুলি আজি প্ৰশ্ন উত্থাপন কৰি ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ প্ৰদীপ বালমুশ্বুৱে অসমৰ চাহ জনগোষ্ঠীৰ লোকক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে।

আজি এক সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছৰ মিডিয়া বিভাগৰ সমন্বয়ক প্ৰদীপ বালমুশ্বুৱে গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হৈ অসমৰ চাহ বাগিচাৰ লগত জড়িত জনাজাতিৰ লোকসকল আজি সকলো ফালৰ পৰা বঞ্চিত বুলি অভিযোগ কৰে। বৰ্তমানৰ চৰকাৰখনে চাহ জনজাতিৰ লোকসকলক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰা বুলি উল্লেখ কৰি বিষয়টো কংগ্ৰেছে গুৰুত্বসহকাৰে গ্ৰহণ কৰি শীঘ্ৰে এক চিন্তন বৈঠক অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে।

Apply Now

সংবাদমেলত উপস্থিত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘদিন ধৰি অসমৰ নেতৃত্বত থাকিলে অসমৰ চাহ বাগিচাসমূহ ধ্বংস হৈ যাব। চাহ বাগিচাৰ মাটি অন্য কামত ব্যৱহাৰ কৰা এক আইন তৈয়াৰ কৰি লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ আন আন সদস্যসকলে অসমৰ চাহ বাগিচাসমূহ কোম্পানীৰ স্বত্বৰ পৰা কম দামত কিনি অন্য কামত ব্যৱহাৰ কৰাৰ ষড়যন্ত্ৰ কৰাৰ কথা আজি চাহ জনগোষ্ঠীৰ লোকসকলে বুজি পাইছে। চাহুৱে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনৰ এই ষড়যন্ত্ৰৰ কথা চাহ জনগোষ্ঠীৰ ৰাইজে অনুধাৱন কৰাৰ পিছতে উজনি অসমত লাখ লাখ লোক নিজৰ খৰছত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ পিছত এই প্ৰতিবাদ যোৰহাট, শিৱসাগৰ, চৰাইদেউ, শোণিতপুৰকে ধৰি সকলোতে হ’ব বুলি উল্লেখ কৰি চাহুৱে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ এই প্ৰতিবাদত বিজেপিৰ লোকো আছে বুলি উল্লেখ কৰা ঘটনা অত্যন্ত হাস্যকৰ।

তেওঁ কয়, প্ৰতিবাদী সভাত বিজেপি মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ ধ্বনিৰে আকাশ-বতাহ মুখৰিত হৈ আছে। বিজেপিৰ মানুহে হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ দিয়াতো অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি চাহুৱে মন্তব্য কৰে। তেওঁ লগতে কয় কেনিয়া আৰু বাংলাদেশৰ পৰা ভাৰত চৰকাৰে কম দামত চাহপাত ক্ৰয় কৰাৰ ব্যৱস্থা কৰাৰ বাবে অসমৰ চাহ উদ্যোগ আজি ধ্বংসৰ মুখলৈ গৈছে। এই ষড়যন্ত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰত্যক্ষভাৱে জড়িত বুলি তেওঁ উল্লেখ কৰে। সংবাদমেলত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে অসমৰ চাহ বাগিচাসমূহত কৰ্মৰত চাহ শ্ৰমিকৰ জীৱন-নিৰ্বাহৰ মানদণ্ড পূৰ্বতকৈ নিম্নগামী হৈছে আৰু ইয়াৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৩ অক্টোবৰৰ পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী আৰম্ব কৰিছে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বিশ্বনাথ জিলাৰ প্ৰতাপগড় চাহ বাগিচাত ১৩ অক্টোবৰত চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, শিশু-মহিলাৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰা, শ্ৰমিকৰ মজুৰি ৫১৫ টকালৈ বৃদ্ধি কৰা আৰু শিক্ষা-স্বাস্থ্যকে ধৰি বুনিয়াদী শিক্ষাসমূহ চাহ বাগিচাত প্ৰদান কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিব। বৰাই লগতে গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ চাহ জনগোষ্ঠীৰ লোকক জনজাতিকৰণ কৰা বিষয়টো নিশ্চিত কৰিবলৈ কংগ্ৰেছ দলে চূড়ান্ত পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ সমন্বয়ক গোপাল শৰ্মাও উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd