• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসংগ ড০ নগেন শইকীয়াক সাক্ষাৎ : একেটা বছৰতে পাভ লুটি মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ শৰ্মাৰ

‘কা’ আন্দোলনৰ সময়ত কটাক্ষ, এতিয়া ‘সু-সম্পৰ্ক’, এয়া কেনে অংক?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 11, 2020 8:53 pm
Himanta Biswa Sarmah And Nagen Saikia
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্ব-বিৰোধী মন্তব্য দিয়াটো নতুন কথা নহয়। পুনৰ এবাৰ সেই কথাই প্ৰমাণিত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

‘কা’ বিৰোধী আন্দোলনৰ সময়ত এই আইনখন ‘ভাল’ বুলি প্ৰতিপন্ন কৰিবলৈ ডিঙিৰ শিৰ ফুলাই বিভিন্ন মঞ্চত ভাষণ দিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই সময়তে বিশিষ্ট বুদ্ধিজীৱী ড০ নগেন শইকীয়াই ‘কা’ আইনখন গৃহীত হ’লে অসমখন দ্বিতীয় ত্ৰিপুৰা হোৱাৰ পথত’ বুলি মন্তব্য কৰিছিল।

Apply Now

সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ আৰু আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বিশিষ্ট বুদ্ধিজীৱী, সাহিত্যিক আৰু ৰাজনৈতিক বিশ্লেষকগৰাকীক। প্ৰায়কেইখন মঞ্চত ডিঙিৰ শিৰ ফুলাই ড০ নগেন শইকীয়াক কটাক্ষ কৰিছিল মন্ত্ৰীগৰাকীয়ে।

বেছি দূৰলৈ নাযাওঁ, পাঠক ৰাইজলৈ ২০২০ চনৰ ২৪ জানুৱাৰীৰ যুৱ সংসদ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড০ শইকীয়াক কটাক্ষ কৰি কি কৈছিল সেয়া আগবঢ়াইছো।

তেওঁ কৈছিল ‘তিনিটা সংশোধন অসমীয়াৰ বিৰুদ্ধে গৈছে। নগেন শইকীয়া তেতিয়াও আছিল এতিয়াও আছে। নগেন শইকীয়াই ৰাজ্যসভাৰ মজিয়াত কৈছিল অসমখন দ্বিতীয় কাশ্মীৰ হ’ব। তেওঁ কেতিয়াও দ্বিতীয় ত্ৰিপুৰা হ’ব বুলি কোৱা নাছিল। হঠাৎ কাশ্মীৰ শব্দটো পাহৰি ত্ৰিপুৰা শব্দটো আৰম্ভ কৰি দিলে।‘

লগতে পঢ়ক : পুনৰবাৰ নগেন শইকীয়াক আক্ৰমণৰ লক্ষ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘ত্ৰিপুৰাৰ প্ৰশ্ন ক’ত? কেনেকৈ ত্ৰিপুৰা হ’ব? যেনেকৈ বাঘবৰ জনিয়াত ডেৰহাজাৰ ডেৰহাজাৰ হিন্দু আছে তাৰ পাছত এইখন কাশ্মীৰ হ’বলৈ গৈ আছে নে ত্ৰিপুৰা হ’বলৈ গৈ আছে?’ ড০ শইকীয়াৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন আছিল এয়া।

তেওঁ আৰু কৈছিল, ‘নগেন শইকীয়া কেনেকৈ চলে আপোনালোকে জানি আচৰিত হ’ব। ১৯৯০ চনৰ ১৭ এপ্ৰিলত তেওঁ ৰাজ্যসভাত ভাষণ দিছিল যে ‘যদি আইএমডিটি আইন বাতিল কৰা নহয়, কংগ্ৰেছ চৰকাৰে কৰি যোৱা অপকৰ্মবোৰ নাইকিয়া কৰা নহয়, বিদেশী সমস্যা সমাধানৰ বাবে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰা নহয়, ওচৰ চুবুৰীয়াৰ বিদেশী শক্তিৰ সহায়ৰে অসম এদিন দ্বিতীয় কাশ্মীৰত পৰিণত হ’ব।’

‘এতিয়া কাশ্মীৰ শব্দৰ ঠাইত তেওঁৰ মুখত ত্ৰিপুৰা আহি গ’ল। নামনি আৰু মধ্য অসমৰ মানুহখিনিয়ে জানো গম নাপাওঁ অসমখন দ্বিতীয় কাশ্মীৰ নে ত্ৰিপুৰা হ’বলৈ গৈ আছে।‘ হিমন্তই লগতে কৈছিল।

এতিয়া হিমন্তৰ সুৰ সলনি হ’ল আৰু ড০ শইকীয়াৰ প্ৰতি মৰম-দৰদ তথা ‘শ্ৰদ্ধা’ও বৃদ্ধি পালে। যি সময় ড০ নগেন শইকীয়াক কটাক্ষ কৰিছিল তাৰ ৯ মাহ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত ‘ছাৰ’ সম্বোধন তথা ‘ছাৰৰ সৈতে সু-সম্পৰ্ক’ থকাৰ কথা।

৯ মাহৰ পাছত মন্ত্ৰী হিমন্তৰ আজিৰ ভাষ্য ‘ছাৰৰ সৈতে প্ৰায়ে মই সম্পৰ্কত থাকো। বহুদিনৰ পৰা কথা আছিল যে এবাৰ ছাৰৰ ঘৰত আহিম। সময় পোৱা নাছিলো আজি আহি মাত এষাৰ দিলো। কোনোধৰণৰ ৰাজনীতি নহয়, অকল পঢ়া-শুনাৰ কথা আলোচনা হৈছে।‘

প্ৰশ্ন হয় ‘মানুহ একেজনে, মুখ একেখনেই, কিন্তু হঠাৎ কেনেকৈ সুৰ সলনি হৈ যায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? এসময়ৰ কটাক্ষ এতিয়া ‘সু-সম্পৰ্ক, ৰাজনীতিত সকলো সম্ভৱ নেকি?

নে সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীগৰাকীৰ এই সাক্ষাৎ একপ্ৰকাৰৰ অংক নেকি? এই প্ৰশ্নও একাংশ সমালোচকে নকৰা নহয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd