• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচন আয়োগৰ নিৰ্দেশনা সত্ত্বেও হিমন্তৰ ভাষণত “সেনা”, “উৰি” আৰু “পুলৱামা” কাণ্ড

ভাৰতৰ ১৬খন বিমানে বালাকোটত আক্ৰমণ চলাইছিল : নলবাৰীত দাবী হিমন্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2019 8:22 pm
Himanta

কলাইগাঁৱৰ এখন নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত। ফটোৰ উৎস : ফেইচবুক।

1.1k
VIEWS
Share on FacebookShare on Twitter

আজি নলবাৰীৰ বাঁহজানীৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্তই “উৰি” আৰু “পুলৱামা” কাণ্ড আৰু সেনাবাহিনীবোৰক টানি আনে, যিটোক নিৰ্বাচন আয়োগৰ সংশ্লিষ্ট নিৰ্দেশনাৰ উলংঘা বুলিব পাৰি। তেওঁ ঘটনা দুটাৰ পিছত পাকিস্তানৰ ভূখণ্ডত প্ৰৱেশ কৰি সেনাই “প্ৰতিশোধ” লোৱাটোক মোদীৰ কৃতিত্ব হিচাপে দাঙি ধৰে।

নিৰ্বাচনী আৰ্হি আচৰণ বিধিয়ে সেনাবাহিনীৰ কোনো কৃতিত্ব বা কাম-কাজ নিৰ্বাচনৰ ৰাজনৈতিক মুনাফাত ব্যৱহাৰৰ অনুমতি নিদিয়ে যদিও মন্ত্ৰীজনে নিজৰ ভাষণৰ সময়ত সেই দিশটোক গুৰুত্ব নিদিলে।

পুলৱামা কাণ্ডৰ পিছত বালাকোটত ১৬খন বিমানে আক্ৰমণ চলাইছিল বুলি দাবী মন্ত্ৰীজনৰ।

“ৰাতি আমি শুই আছিলো। ভাৰতীয় বায়ুসেনাৰ ১৬খন বিমানে গৈ পাকিস্তানৰ বালাকোটত বোমা বিস্ফোৰণ কৰি সন্ত্ৰাসবাদৰ ঘাটি ধ্বংস কৰি উভতি আহিল”, উপস্থিত ৰাইজক বালাকোট আক্ৰমণৰ বিৱৰণ দাঙি ধৰি কয়। লগে লগে জাউৰি জাউৰি হাতচাপৰিও পৰে।

উল্লেখ কৰিব পাৰি যে নিৰ্বাচনৰ বাবে ভোট বিচাৰোতে সেনাবাহিনীকেইটাৰ নাম ব্যৱহাৰ নকৰিবলৈ নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা দি থৈছে।

অলপতে মহাৰাষ্ট্ৰৰ এখন সভাত পুলৱামা কাণ্ডক নিজৰ ভাষণলৈ টানি অনা বাবে নিৰ্বাচন আয়োগৰ জাননী পাইছিল খোদ প্ৰধান মন্ত্ৰী মোদীয়ে। “প্ৰথমবাৰৰ বাবে যিসকলে ভোটদান কৰিব, তেওঁলোকে এই ভোট বালাকোটত এয়াৰ ষ্ট্ৰাইক কৰা সাহসী বীৰসকল আৰু পুলৱামাকাণ্ডত প্ৰাণ হেৰোৱা চি আৰ পি এফ জোৱানসকললৈ উছৰ্গা কৰিব নে?” মোদীয়ে ভাষণত কৈছিল। ইয়াৰ পিছতে চি পি আই (এম)ৰ অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে মোদীলৈ তেওঁৰ বক্তব্যৰ প্ৰতিলিপি বিচাৰি জাননী প্ৰেৰণ কৰে।

আনহাতে প্ৰায় ১৫০জনৰো অধিক প্ৰাক্তন সেনা বিষয়াই “সেনাৰ ৰাজনীতিকৰণ”ত হস্তক্ষেপ বিচাৰি পত্ৰ লিখিছিল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ, যিজন সেনাবাহিনী সমূহৰ ছুপ্ৰিম কমাণ্ডাৰো। লোকসভা নিৰ্বাচনত সেনাৰ নাম ব্যৱহাৰত আপত্তি বহন কৰা পত্ৰখনত প্ৰাক্তন এয়াৰ ভাইচ মাৰ্ছেল কপিল কাককে ধৰি বহুকেইজন শীৰ্ষ পৰ্য্যায়ৰ প্ৰাক্তন বিষয়াই স্বাক্ষৰ কৰিছিল।

অৱশ্যে আজিৰ সভাত মন্ত্ৰী হিমন্তই ভাষণত সেনাৰ বালাকোট আক্ৰমণক মোদীৰ কৃতিত্ব হিচাপে দাঙি ধৰাৰ পিছত অন্যান্য ৰাজনৈতিক দলবিলাকৰ স্থিতি এতিয়াও জানিব পৰা হোৱা নাই।

আনপিনে মন্ত্ৰীজনে ভাষণ প্ৰসংগত কয়, “মই অসমীয়া বুলি কওঁতে কোনো হিন্দু-মুছলিম ভাগ নকৰোঁ, আমাৰ কাৰণে সকলো সমান।”

তেওঁ কংগ্ৰেছৰ প্ৰভাৱ থকা সমষ্টিবোৰত ভোটদানৰ হাৰ অধিক হোৱা বুলি উল্লেখ কৰি কয়, “আমি কাউণ্টিঙৰ আগতেই ২০ শতাংশ পিছ পৰি থাকো”। উল্লেখযোগ্য যে মন্ত্ৰীজনে পোনপটীয়াকৈ নাম উল্লেখ নকৰিলেও কলিয়াবৰ সমষ্টিৰ ধিং (৯১.৫২ শতাংশ), ৰূপহীহাট (৯০.৫৭ শতাংশ), চামগুৰি (৮৬.৩৪ শতাংশ) আদি সমষ্টিত ভোটদানৰ হাৰকে ইংগিত কৰিছে সেয়া বুজিব পাৰি।

ভোটৰ কাউণ্টিং হোৱাৰ আগতেই আমি ২০ শতাংশ পিছুৱাই যাওঁ।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd