• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰীয় নিৰাপত্তালৈ ভাবুকি! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ কি লিখিছিল প্ৰাক্তন সাংসদ কিৰিপ চলিহাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2026 7:49 pm
410
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৌলোৎসৱৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপৰ দ্বাৰা দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু উত্তৰ-পূবৰ শান্তি বিঘ্নিত হোৱাৰ গুৰুতৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে এক উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছে ‘ইউনাইটেড পিপলছ ফ’ৰাম’-এ। প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ নেতৃত্বত ফ’ৰামৰ একাংশ নেতাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা এখন জৰুৰী পত্ৰ শেহতীয়াকৈ নৰ্থ-ইষ্ট নাওৰ হাতত পৰিছেহি।

ফ’ৰামে পত্ৰযোগে এন আই এ (NIA), ৰ’ (RAW), আই বি (IB), আৰু আৰ্মী ইন্টেলিজেন্সৰ দৰে সংস্থাৰ দ্বাৰা মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষিপ্ৰ অনুসন্ধানৰ দাবী জনাইছে। লগতে, তদন্ত প্ৰক্ৰিয়া প্ৰভাৱান্বিত নকৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক সাময়িকভাৱে পদৰ পৰা অব্যাহতি দিয়াৰো আহ্বান জনোৱা হৈছে।

Apply Now

তদুপৰি পত্ৰখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক “দুৰ্নীতিৰ সম্ৰাট” আখ্যা দি, তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে নামী-বেনামী কোম্পানীৰ জৰিয়তে অসীম ধন-সম্পত্তি আহৰণৰ অভিযোগ উত্থাপন কৰা হৈছে।

উত্তৰ-পূবত অস্থিৰতা সৃষ্টিৰো অভিযোগ উত্থাপন কৰিছে পত্ৰখনত। মণিপুৰত মেইটেই আৰু কুকিসকলৰ মাজত হোৱা সংঘৰ্ষৰ আঁৰত ড্ৰাগছ আৰু অস্ত্ৰৰ ক’লা বজাৰ দখলৰ স্বাৰ্থ জড়িত থকাৰ অভিযোগ কৰা হৈছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক পদচ্যুত কৰাৰ ষড়যন্ত্ৰ আৰু ইউ এছ টি এম (USTM)-ৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

লগতে, ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ ‘বডি ডাবল’ ব্যৱহাৰ কৰা বুলি চলোৱা ধাৰাবাহিক প্ৰচাৰৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পত্ৰখনত দাবী কৰা হৈছে যে এয়া হয়তো ৰাহুল গান্ধীৰ জীৱনলৈ থকা কোনো ভাবুকিৰ পূৰ্ব-সংকেত হ’ব পাৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ১৫ বছৰত গোপনে বাংলাদেশলৈ যোৱা, জামাত-এ-ইছলামীৰ নেতা আৰু একাংশ মুছলমান মৌলৱীৰ সৈতে সন্দেহজনক বৈঠকত মিলিত হোৱা আদিৰ দৰে অতি সংবেদনশীল বিষয়ৰ তদন্ত বিচাৰিছে ফ’ৰামে।

প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ উপৰিও পত্ৰখনত যুটীয়া আহ্বায়ক হিচাপে ৰমেশ জৈন, জেহিৰুল হুছেইন খান, লক্ষ্মী নন্দী শৰ্মা আৰু চন্দনা দাসে স্বাক্ষৰ কৰিছে। ফ’ৰামৰ মতে, এই অভিযোগসমূহ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নহয়, বৰঞ্চ দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু উত্তৰ-পূবৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থতহে প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে।  

প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা সম্পূৰ্ণ পত্ৰখন তলত হুবহু তুলি ধৰা হ’ল:

মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া,

দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, দেশৰ উত্তৰ-পূব তথা অসমক এক অসহায় আৰু অসুৰক্ষিত অৱস্থালৈ ঠেলি দিয়াৰ বিষয়টো সন্দৰ্ভত আমি বিশেষ জৰুৰীভাৱে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমাৰ এই প্ৰতিবেদন ক্ষুদ্ৰ দলীয় স্বাৰ্থৰ উদ্দেশ্যত তথা কোনো ৰাজনৈতিক পক্ষপাতিত্ব বা ব্যক্তিগত বিদ্বেষৰ বাবে যুগুত কৰা নাই। বৰ্তমানৰ অসম আৰু উত্তৰ-পূব ভাৰতৰ বিভিন্ন অঞ্চলত সন্মুখীন হ’ব পৰা সম্ভাব্য বিপদসমূহৰ সম্পৰ্কে আলোকপাত কৰাটোৱেই আমাৰ মুখ্য উদ্দেশ্য বুলি আপোনাক আশ্বস্ত কৰি নিম্নলিখিত কথাখিনি দাঙি ধৰিছোঁ। আৰম্ভণিতেই জন এফ কেনেডীৰ সেই সৰ্বজনবিদিত উদ্ধৃতিটো মনত পেলাই আমিও কওঁ যে— “আভ্যন্তৰীণ নীতিয়ে আমাক কেৱল পৰাজিত কৰিব পাৰে, কিন্তু বৈদেশিক নীতিয়ে আমাক নিঃশেষ কৰি দিব পাৰে।”

আপুনি চাগৈ আজি মানি ল’ব যে প্ৰথমতে ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক বন্ধু কৰি, ক্ষমতা সলনি হোৱাৰ পাছত হঠাৎ পাভলুটি মাৰি ডেম’ক্ৰেটিক পাৰ্টিক তৈলমৰ্দন কৰাটো কোনো মানদণ্ডতেই জ্ঞানী আন্তঃৰাষ্ট্ৰীয় কূটনীতি বুলি ক’ব নোৱাৰি! আকৌ আপোনাৰ তামিল বৈদেশিক মন্ত্ৰীয়ে যোৱা নিৰ্বাচনত ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে তামিল ডেম’ক্ৰেটিক প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰি ট্ৰাম্পক অপমান কৰাই নহয়, আনকি আপুনি ট্ৰাম্পক নিৰ্বাচনৰ আগতে সাক্ষাৎ কৰিব বুলি ঘোষণা কৰাৰ পাছত ট্ৰাম্পক লগ কৰাত বাধা দিয়াটো অপমানসূচক কাৰ্য বুলিহে প্ৰতিপন্ন হ’ল! আজি আমেৰিকা আৰু পাকিস্তানৰ অভূতপূৰ্ব আৰু অকল্পনীয় ঘনিষ্ঠতা ইতিমধ্যেই আমাৰ বাবে মূৰৰ কামোৰণিত পৰিণত হৈছে। আৰু আমি এনে এজন অস্থিৰ আৰু ক্ষুদ্ৰ অথচ প্ৰতাপী ৰাষ্ট্ৰপতিৰ সন্মুখীন হৈছোঁ, যিজনে আমাৰ ওপৰত বাৰে বাৰে বিষাক্ত মন্তব্য তথা আমাৰ স্বাৰ্থৰ পৰিপন্থী কাৰ্যত অৱতীৰ্ণ হৈছে। বিশ্বমঞ্চত আমাৰ দীৰ্ঘদিনৰ বন্ধু ৰাছিয়াক অৱহেলা কৰা হৈছে, চীন দেশ আমাৰ প্ৰতি বিৰূপ মনোভাৱাপন্ন, আমাৰ প্ৰায় সকলো প্ৰতিবেশী দেশেই আজি উষ্মহীন সম্পৰ্কত ব্ৰতী! সেই সময়তে এজন অতি পাতল আৰু তৰল দুদিনীয়া বাংলাদেশৰ পুতলা শাসক ইউনুছে, “যদি ভাৰতে বাংলাদেশৰ অভ্যন্তৰীণ বিষয়ত অতিৰিক্ত হস্তক্ষেপ কৰে, তেন্তে তেওঁলোকেও পূৰ্বোত্তৰৰ ‘সাত ভনী’ক লৈ শান্তিত থাকিব নোৱাৰে” বুলি ভাবুকি দিয়াৰ সাহস কৰিছে।

পাকিস্তান আৰু বাংলাদেশৰ বৰ্তমানৰ বাঢ়ি অহা ঘনিষ্ঠতা, বাংলাদেশৰ হিন্দুসকলৰ ওপৰত হোৱা হত্যা-উৎপীড়ন কাণ্ড আৰু আপোনাৰ জ্ঞাত অন্য ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত ইয়াত আৰু অধিক কথা বৰ্ণনা কৰাৰ প্ৰয়োজন নাই নিশ্চয়। আমি জানো যে সাম্প্ৰতিক সময়ত চৰকাৰৰ দ্বাৰা কেতবোৰ কৌশলগত প্ৰতিৰক্ষা-কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কৰা হৈছে; কিন্তু উত্তৰ-পূবত আমি এতিয়াও এইবোৰ পৰ্যাপ্ত বুলি নিশ্চিত নহয়। উত্তৰ-পূবৰ দীৰ্ঘদিনীয়া আৰু অকলশৰীয়া সংগ্ৰামৰ পাছত, ঘাইকৈ মহাত্মা গান্ধীৰ আশীৰ্বাদ আৰু সুভাষ বসুকে ধৰি কেইগৰাকীমান মনীষীৰ সমৰ্থনৰ বাবে উত্তৰ-পূব স্বাধীন ভাৰতৰ অংশ হৈ উঠিছিল। উত্তৰ-পূবক স্থায়ীভাৱে ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে ৰাখিবলৈ দৃঢ় ৰাজনৈতিক ইচ্ছা শক্তিৰ আৱশ্যক আৰু সেয়েহে প্ৰতিৰক্ষা-কেন্দ্ৰিক পৰিকল্পনা হ্ৰস্বম্যাদী তথা দীৰ্ঘম্যাদী যিকোনো কাৰ্যসূচীৰ বাবে আমি দেশক সচেতন কৰি ৰাখিব লাগিব। “চিকেন নেক”ৰ পৰিসৰ বৃদ্ধি দেশৰ প্ৰত্যেক সামৰিক অনুশীলনৰ আটাইতকৈ প্ৰাথমিক লক্ষ্য হিচাপে গ্ৰহণ কৰিব লাগিব। ভাৰতৰ বৈদেশিক নীতি ২০১৪ চনলৈকে সদায় সম্পূৰ্ণ ঐক্যমতৰ দ্বাৰা চলি আহিছিল আৰু সেয়ে দেশৰ সুৰক্ষা সম্পৰ্কীয় বিষয়সমূহ নিয়মিতভাৱে বিৰোধী নেতৃবৃন্দৰ সৈতে ব্যক্তিগতভাৱে আলোচনা কৰাটো দেশৰ স্বাৰ্থত মংগলদায়ক। উত্তৰ-পূবৰ অভ্যন্তৰীণ সুৰক্ষা সম্পৰ্কীয় বিষয়সমূহ অত্যন্ত সতৰ্কতাৰে আৰু সংবেদনশীলতাৰে পৰিচালনা কৰাটো অতি গুৰুত্বপূৰ্ণ কথা।

প্ৰধানমন্ত্ৰী ডাঙৰীয়া, সেয়ে, অধিক শব্দ বা সময়ৰ অপব্যয় নকৰাকৈ, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপসমূহ দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এক ভয়াবহ বিপদ হিচাপে চিহ্নিত হৈ পৰিছে নে নাই জানিবলৈ এক উচ্চস্তৰীয় তদন্ত আৰু ক্ষিপ্ৰ অনুসন্ধান কৰিবলৈ নিম্নলিখিত কাৰণসমূহ আপোনাৰ বিবেচনাৰ বাবে দাঙি ধৰিলোঁ:

১. অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে আপুনি এজন জনপ্ৰিয় জনজাতীয় নেতা সৰ্বানন্দ সোণোৱালক আঁতৰাই দুৰ্নীতিৰ সম্ৰাট, সুযোগসন্ধানী ব্ৰাহ্মণ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদবী প্ৰদান কৰিলে। আপোনাৰ দ্বাৰা মনোনীত এইগৰাকী ব্যক্তিক সৰ্বজনস্বীকৃতভাৱে ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি পৰিচিত আৰু যাক আপুনি অপসাৰণ কৰিলে তেওঁক দেশৰ অন্যতম দুৰ্নীতিমুক্ত ৰাজনীতিবিদ বুলি প্ৰশংসা কৰা হয়। যোৱা দশকত দেশৰ কোনো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁৰ পত্নীৰ সৈতে মিলি অসীম ধন-সম্পত্তি আহৰণ কৰাৰ অভিযোগ উঠা নাছিল আৰু আপোনাৰ পছন্দৰ কেৱল অসমৰ মুখ্যমন্ত্ৰীকেইহে এই ক্ষেত্ৰত ব্যতিক্ৰমী বুলি কোৱা হয়। কোনো মুখ্যমন্ত্ৰীৰ অপৈণত কিশোৰ সন্তানসকলৰ নামত নামী-বেনামী কোম্পানী আৰু প্ৰতিষ্ঠানৰ জৰিয়তে বৃহৎ আয় উপাৰ্জন কৰাৰ অভিযোগ উত্থাপিত হোৱা নাছিল। অতীতত কোনো বিজেপি মুখ্যমন্ত্ৰী সশস্ত্ৰ ডকাইতি কৰা বা স্বতন্ত্ৰতা সেনানীৰ অতি সৎ পুত্ৰক দিনদুপৰতে হোৱা হত্যাৰ প্ৰধান ষড়যন্ত্ৰকাৰী বুলি অভিযুক্ত হোৱা নাছিল। অসমৰ কোনো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ইমান বিয়াগোম কেলেংকাৰীৰ লানি নিছিগা অভিযোগ উঠা নাছিল আৰু কোনো মুখ্যমন্ত্ৰীয়ে নিজৰ কুকৰ্মৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা পাবলৈ ৰাজনৈতিক আনুগত্য সলনি কৰা নাছিল। এই দেশৰ কোনো মুখ্যমন্ত্ৰীয়েই শৰ্মাৰ দৰে ৰং সলাই আদৰ্শগত আৰু ব্যক্তিগত বিশ্বাস সঘনে পৰিত্যাগ কৰা নাছিল, কোনো মুখ্যমন্ত্ৰীয়ে তেওঁক অতীতত উপকাৰ কৰা জ্যেষ্ঠজনক প্ৰথমতে ভৰিত ধৰি সেৱা জনাই, পাছত বিশ্বাসঘাতকতা আৰু অপমান কৰাৰ দৃষ্টান্ত নাছিল। শ্ৰী হিমন্ত বিশ্ব শৰ্মাই হৈছে একমাত্ৰ বিজেপি মুখ্যমন্ত্ৰী যি ৰাজহুৱা সভাত আপোনাক “মোদীৰ গুজৰাটৰ পাইপলাইনৰ মাজেৰে মুছলমানৰ তেজ বৈ যায়” বুলি গালি-গালাজ কৰিও আপোনাৰ বুকুৰ কুটুম হ’ব পাৰে! আপোনাৰ প্ৰিয় শ্লোগান “না খাউংগা, না খানে দুংগা”ক ওলোটা কৰি “সব খাউংগা, ঔৰ ৰহুংগা” বুলি কেৱল হিমন্ত বিশ্ব শৰ্মাইহে সাহস কৰি দেখুৱাইছে আৰু সেই কাৰণে তেওঁ দেশৰ মানুহৰ মাজত “২১ শতিকাৰ বকাসুৰ” উপাধি লাভ কৰিছে।

২. আমি কোনো ব্যক্তিগত বিদ্বেষ বা ঘৃণাৰ বাবে শৰ্মাৰ ৰঙীন অতীত জীৱনৰ সুপৰিচিত কাৰ্যকলাপৰ বিৱৰণী দিবলৈ বিচৰা নাই। কিন্তু আজি দেশৰ নিৰাপত্তাৰ বাবে সীমান্তৱৰ্তী ৰাজ্যসমূহৰ ৰাজ্যপাল/মুখ্যমন্ত্ৰী আদি প্ৰশাসনৰ মুৰব্বীসকল বিশ্বাসযোগ্য আৰু প্ৰতিশ্ৰুতিবদ্ধ ৰাষ্ট্ৰবাদী, দূৰদৰ্শী, সহানুভূতিশীল, কৰুণাবোধ থকা আৰু প্ৰশাসনীয় দক্ষতাসম্পন্ন ব্যক্তি হোৱাটো বাঞ্ছনীয়। আৰু এই ক্ষেত্ৰত শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামান্যতমো কাৰ্যদক্ষতা বা প্ৰতিভা আছে বুলি কোনো সুস্থ বুদ্ধিসম্পন্ন মানুহে ক’ব নোৱাৰে বুলি আমি নিশ্চিত।

৩. আমি আপোনাক দৃঢ়তাৰে সৈতে জনাব বিচাৰোঁ যে পাছলৈ হিন্দু-খ্ৰীষ্টান সংঘাতলৈ ৰূপান্তৰিত হোৱা মণিপুৰৰ মেইটেই আৰু কুকিসকলৰ ভয়াবহ সংঘৰ্ষৰ মূল কাৰণ ড্ৰাগছ পাইপলাইন, চুপাৰি আৰু উগ্ৰপন্থীৰ অস্ত্ৰ সংগ্ৰহৰ ক’লা বজাৰ শৰ্মাই দখল কৰাৰ বাবেই সৃষ্টি হৈছিল। এজন দিল্লীৰ প্ৰতাপী নেতাৰ সহযোগিতাত শৰ্মাই সমগ্ৰ উত্তৰ-পূবত জুই জ্বলাই খ্ৰীষ্টান-হিন্দুৰ শত্ৰুতাৰ বাবেও ডনাল্ড ট্ৰাম্পে যে আপোনাৰ ওপৰত অগ্নিশৰ্মা হৈছিল আপুনি জানে নিশ্চয়। হিমন্ত শৰ্মা আৰু বীৰেণ সিঙক মণিপুৰৰ পৰা আঁতৰাই ৰখাৰ পাছত, যোৱা এটা বছৰত এজন দক্ষ আৰু নিকা বিষয়া অজয় ভল্লাই কেনেকৈ সংঘৰ্ষ কমাই মণিপুৰক ইতিবাচক দিশলৈ ওভতাই আনিছে, ই এক লেখত ল’বলগীয়া কথা।

৪. শ্ৰী হিমন্ত বিশ্ব শৰ্মাই নেডা (NEDA) ৰ আহ্বায়ক হিচাপে কাম-কাজ চলাওঁতেই, তেওঁ উত্তৰ-পূবৰ অধিকাংশ মুখ্যমন্ত্ৰীক ভয়-ভাবুকি দেখুৱাই অস্থিৰতা সৃষ্টি কৰিবলৈ বিচাৰিছিল। তেওঁৰ প্ৰথম লক্ষ্য আছিল কনৰাড চাংমাক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা। শৰ্মাৰ গুৱাহাটীস্থিত নিজ বাসভৱনত মুকুল চাংমাকে ধৰি কেইবাজনো কনৰাড বিৰোধী নেতাক লৈ শৰ্মাই কনৰাড চাংমাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ চেষ্টা চলাইছিল। বিস্ময়কৰভাৱে তেওঁ এনে অদ্ভুত অভিযোগো আনিছিল যে গুৱাহাটীৰ বানপানীৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীহে দায়ী। শৰ্মাই কনৰাডক বদনাম কৰিবলৈ ইউএছটিএমৰ (USTM) বিৰুদ্ধে চূড়ান্ত অপপ্ৰচাৰ চলাইছিল আৰু আচাৰ্য (Chancellor) মেহবুবুল হকক গ্ৰেপ্তাৰ কৰি শাৰীৰিকভাৱে পুলিচৰ দ্বাৰা নানা অত্যাচাৰ কৰাইছিল। কনৰাডৰ দেউতাক পূৰ্ণ চাংমাৰ সন্মানীয় স্থান আৰু তেখেতৰ প্ৰতি থকা আপোনাৰ ব্যক্তিগত সন্মান নথকা হ’লে কনৰাড চাংমাক হিমন্ত শৰ্মাই কেতিয়াবাই ক্ষমতাৰ পৰা আঁতৰ কৰিলেহেঁতেন। মেঘালয়ৰ পাছত তেওঁ নাগালেণ্ড আৰু অৰুণাচলতো অস্থিৰতা সৃষ্টি কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। বিভিন্ন চক্ৰান্ত, কূট-কৌশল, ভাবুকি আৰু ষড়যন্ত্ৰৰ দ্বাৰা তেওঁ মুখ্যমন্ত্ৰী দুজনক দুৰ্বল কৰি, জনজাতীয় ৰাজ্য দুখনত বিভাজন সৃষ্টি কৰি ধন ঘটাৰ চেষ্টা কৰাটো আমাৰ এই প্ৰতিবেদনৰ বাবে বৰ প্ৰাসংগিক কথা, কাৰণ উত্তৰ-পূবৰ জনজাতীয় সমাজখনক ন্যস্ত স্বাৰ্থৰ বাবে আত্মকন্দলৰে অশান্ত কৰি তুলিলে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা গুৰুতৰভাৱে বিপন্ন হ’ব পাৰে।

৫. ২০২৪ চনৰ জানুৱাৰী মাহত অসমত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ চলি থাকোঁতে, অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ ‘বডি ডাবল’ (Body double) আছে বুলি কিয় ইমান হুলস্থূল কৰিছিল? তেওঁ এই বিষয়টোত কিয় ইমান আগ্ৰহ দেখুৱাই সংবাদ মাধ্যমৰ জৰিয়তে ব্যক্তিগতভাৱে ব্যাপক প্ৰচাৰ কৰি এইটো প্ৰতিপন্ন কৰিবলৈ বিচাৰিছিল যে ৰাহুল গান্ধীয়ে অসমত ‘বডি ডাবল’ ব্যৱহাৰ কৰিছিল? যদি ‘বডি ডাবল’ ব্যৱহাৰ কৰা হৈছিল, তেন্তে মুখ্যমন্ত্ৰীয়ে সুৰক্ষা সংক্ৰান্ত বিষয় এটাৰ প্ৰচাৰত জোৰ কৰি জড়িত হৈ পূৰ্ণ তথ্য প্ৰকাশ কৰাৰ দৰে মন্তব্য কিয় কৰিছিল? ইয়াক ভিত্তিহীন অভিযোগ বুলি জানিও কিয় শৰ্মাই বাৰে বাৰে সংবাদ মাধ্যমৰ আগত ‘বডি ডাবল’ৰ কথা উত্থাপন কৰিছিল? যিহেতু হিমন্ত বিশ্ব শৰ্মা বিভিন্ন অপৰাধৰ সৈতে জড়িত এজন সন্ত্ৰাসবাদী আছিল বুলি জনাজাত, তেন্তে তেওঁৰ এই প্ৰচাৰৰ আঁৰত অধিক গভীৰ আৰু ভয়ংকৰ কাৰণ থাকিব নোৱাৰে নেকি? অসমৰ সেই যাত্ৰাত ৰাহুল গান্ধীৰ জীৱনৰ প্ৰতি কোনো বিপদ আছিল নেকি? এই বিপদৰ সম্পৰ্কে শৰ্মাৰ বিশেষ জ্ঞান বা সংযোগ আছিল নেকি? যিহেতু, বিশেষকৈ ৰাজনৈতিক হত্যাকাৰীয়ে হত্যাকাণ্ডৰ বহুদিন আগৰে পৰা সম্পৰ্কহীন হৈ পৰে, তেন্তে সংবাদ মাধ্যমৰ জৰিয়তে হত্যাকাৰীলৈ এই সংবাদ প্ৰেৰণ কৰা হৈছিল নেকি, যে ৰাহুল গান্ধীয়ে বডি ডাবল ব্যৱহাৰ কৰিছে; যাৰ ফলত মূল লক্ষ্য আক্ৰমণ কৰাত বিভ্ৰান্তি আহিব পাৰে? অসমৰ বৃহৎ শিক্ষিত সমাজে বিশ্বাস কৰে যে হিমন্ত শৰ্মাৰ অতীত পটভূমিত থকা তেওঁৰ অপৰাধমূলক কাম-কাজ আৰু বৰ্তমানৰ উন্মাদ মানসিক অৱস্থাই তেওঁক যিকোনো নীচ আৰু বিকৃত আচৰণ কৰিবলৈ সক্ষম কৰিব পাৰে। ৰাহুল গান্ধীৰ প্ৰতি থকা তেওঁৰ ব্যক্তিগত সীমাহীন বিদ্বেষে তেওঁক বেয়াৰ যিকোনো সীমা লংঘন কৰাব পাৰে। প্রতিহিংসাপৰায়ণ শৰ্মাই নিজে ৰাজহুৱা মন্তব্য দি কৈছিল যে, তেওঁ বেয়া হ’লে “বলিয়া কুকুৰৰ” দৰে আক্ৰমণ কৰিব পাৰে আৰু সেয়ে ৰাহুল গান্ধীক যিকোনো স্থানত, যিকোনো সময়ত তেওঁ সাংঘাতিক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে নেকি? ৰাষ্ট্ৰৰ স্বাৰ্থত সকলো ব্যক্তি আৰু সংস্থাক এই গুৰুত্বপূৰ্ণ বিষয়টো গভীৰভাৱে অনুসন্ধান কৰিবলৈ আপুনি নিৰ্দেশ দিয়া উচিত। তিনিগৰাকী প্ৰধানমন্ত্ৰী থকা গান্ধী পৰিয়ালত তৃতীয় এটা ট্ৰেজেডি দেশে সহ্য কৰিব নোৱাৰে। এনে বিপৰ্যয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক গভীৰ ক্ষতি কৰি জটিলতা আনিব পাৰে আৰু যদিও ঈশ্বৰ মহান, তথাপি আপুনি গোপনভাৱে সমগ্ৰ বিষয়টোৰ সকলো দিশ সামৰি এক অনুসন্ধান কৰাৰ বাবে আমি অতি জৰুৰীভাৱে অনুৰোধ জনালোঁ।

৬. এতিয়া আমি হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশৰ লগত থকা সম্পৰ্কৰ বিষয়টোলৈ আহোঁ। যোৱা ১৫ বছৰত শৰ্মাই কিমানবাৰ নিয়মিতভাৱে বা গোপনে চৰকাৰী আৰু নিশ্চিতভাৱে বেচৰকাৰী কামত বাংলাদেশলৈ গৈছে? তেওঁ বিধায়ক বা মন্ত্ৰী হিচাপে চৰকাৰী বা বেচৰকাৰী কামত বাংলাদেশলৈ গৈছিল নেকি? তেওঁৰ ভ্ৰমণসমূহৰ সম্পৰ্কে বাংলাদেশত বা অসমত কোনো সংবাদ মেল অনুষ্ঠিত হৈছিল নেকি? তেওঁ অসমৰ পৰা কাৰ লগত বিভিন্ন সময়ত বাংলাদেশলৈ গৈছিল আৰু তাত কাৰ সৈতে বৈঠকত বহিছিল? তেওঁ ধৰ্মীয়, ব্যক্তিগত, বা আধ্যাত্মিক কাৰণত বাংলাদেশলৈ গৈছিল নেকি? বাংলাদেশত কোনো মছজিদ, দৰগাহ বা মাদ্ৰাছাত সাক্ষাৎ বা নামাজ আদায় কৰিছিল নেকি? সামাজিক মাধ্যমত অভিযোগ কৰাৰ দৰে তেওঁ কোনো মুছলমান মৌলৱীৰ তত্ত্বাৱধানত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল নেকি? ‘চিষ্টি’ নামধাৰী মুছলিম মৌলৱী এজনৰ লগত তেওঁৰ কি সম্পৰ্ক আছে? তেওঁ গোপনে তেওঁৰ পৰিয়াল বা সদস্যসকলক সাক্ষাৎ কৰিছিল নেকি? তেওঁ বাংলাদেশলৈ কৰা অসংখ্য ভ্ৰমণৰ সময়ত কোনো বিষয়াক সাক্ষাৎ কৰিছিল নেকি? তেওঁ শেখ হাসিনা বিৰোধী কোনো ৰাজনৈতিক ব্যক্তি বা সংগঠনৰ লগত বৈঠকত মিলিত হৈছিল নেকি? তেওঁ বাংলাদেশৰ কোনো ইছলামী সংগঠন আদিৰ লগত সাক্ষাৎ কৰি তৃতীয় পক্ষৰ জৰিয়তে তেওঁলোকক অৰ্থ সাহায্য আগবঢ়াইছিল নেকি? শৰ্মাই জামাত-এ-ইছলামীৰ নেতাক গোপনে বাংলাদেশত কিমানবাৰ সাক্ষাৎ কৰিছিল?

৭. নক’লেও হ’ব যে আমি এই অভিযোগসমূহ বিভিন্ন উৎসৰ পৰা আহৰণ কৰিছোঁ। ইমানবোৰ গম্ভীৰ সংবেদনশীল তথ্যৰ ক্ষেত্ৰত আমি অকাট্য প্ৰমাণ সংগ্ৰহ কৰিবলৈ কিছু সীমাবদ্ধতা আছে। আমি দায়িত্বশীলভাৱে অনুভৱ কৰোঁ যে যিহেতু এই গুৰুত্বপূৰ্ণ বিষয়সমূহ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত, সকলো অভিযোগৰ তদন্ত দেশৰ সুৰক্ষা সংস্থাসমূহে কৰাটোৰ অধিক ঔচিত্য আৰু প্ৰাসংগিকতা আছে। আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰোঁ যে দেশৰ নিৰাপত্তাৰ প্ৰশ্নত ৰাষ্ট্ৰীয় সংস্থাসমূহে দূৰদৰ্শিতাৰে পক্ষপাতমুক্ত হৈ তেওঁলোকৰ দায়িত্ব পালন কৰিব।

৮. সেয়ে আমি আপোনাক অনুৰোধ জনাওঁ আমাৰ অভিযোগখিনিৰ পটভূমি আৰু সত্যাসত্য নিৰূপণ কৰিবলৈ আপুনি এটা গোপন পূৰ্ণাংগ অনুসন্ধানৰ আদেশ দিয়ক আৰু এই অনুসন্ধানত এন আই এ (NIA), ৰ’ (RAW), আই বি (IB), আৰ্মী ইন্টেলিজেন্স আদি সংস্থাক দায়িত্ব প্ৰদান কৰক। আমি দৃঢ়তাৰে সৈতে আপোনাক জনাওঁ যে আপুনি নাম দিয়া “অষ্টলক্ষ্মী”, উত্তৰ-পূব ভাৰতৰ সুৰক্ষা আৰু ৰাজনৈতিক পৰিৱেশ শক্তিশালী কৰাটোৱেই আমাৰ মুখ্য উদ্দেশ্য। আমি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ সতি-সন্ততি হিচাপে ৰাষ্ট্ৰীয়তাবাদ সুদৃঢ় কৰাটো আমাৰ গৌৰৱপূৰ্ণ কৰ্তব্য বুলি বিবেচনা কৰোঁ। বিশ্বাসঘাতকতা, অপৰাধ আৰু সুবিধাবাদৰ দ্বাৰা ক্ষমতা বেদখলৰে কুক্ষিগত কৰা সকলোৰে বিৰুদ্ধে আমাৰ যুদ্ধ নিৰন্তৰভাৱে চলি থাকিব।

৯. আমি এইটোও দৃঢ়তাৰে বিশ্বাস কৰোঁ যে জনবিৰোধী আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত লিপ্ত, দুৰ্নীতিগ্ৰস্ত, অপৰাধী আৰু সুযোগসন্ধানী প্ৰাক্তন কংগ্ৰেছীসকলক আঁতৰ কৰি আপুনি শৰ্মাই আঁতৰাই পেলোৱা পুৰণি নিষ্ঠাবান বিজেপি কৰ্মীসকলক দল আৰু চৰকাৰত দায়িত্ব-পদবী দিয়ক, যাতে যিকোনো ব্যক্তিয়ে গণতান্ত্ৰিকভাৱে বিদ্বেষ বা বেয়া ভাব নোহোৱাকৈ আপোনাৰ দলক সমৰ্থন বা বিৰোধিতা কৰিব পাৰে।

১০. সৰ্বশেষত উল্লেখিত অভিযোগসমূহৰ গুৰুত্ব উপলব্ধি কৰি, ন্যায়, সুবিচাৰ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰীক তদন্ত কৰা অভিযোগসমূহৰ পৰা মুক্ত নোহোৱালৈকে সাময়িকভাৱে তেওঁৰ পদবীৰ পৰা অব্যাহতি দিয়ক, যাতে শৰ্মাই ক্ষমতা আৰু পদৰ অপব্যৱহাৰ কৰি তদন্তকাৰী সংস্থাসমূহক প্ৰভাৱান্বিত কৰিব নোৱাৰে। এনেও নিৰ্বাচনৰ সময়ত তেওঁৰ প্ৰচাৰ চলোৱাৰ বাদে অন্য কোনো বিশেষ কৰণীয় নাথাকেই।

ভাৰতৰ আটাইতকৈ দীঘলীয়া কালৰ প্ৰধানমন্ত্ৰী হিচাপে, দেশৰ জনতাই আজি আপোনাক ৰাষ্ট্ৰীয় সুৰক্ষা, গণতান্ত্ৰিক পৰম্পৰা তথা নিত্য-নতুন প্ৰত্যাহ্বান আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰসমূহক ঐক্যবদ্ধ হৈ সন্মুখীন হোৱাটো বিচাৰিছে। অনাগত ভৱিষ্যতত ভাৰতৰ এজন দূৰদৰ্শী ৰাষ্ট্ৰনায়ক ৰূপে আপুনি পৰিচিত হোৱা নোহোৱাটো আপোনাৰ নিজস্ব সিদ্ধান্তই নিৰূপণ কৰিব। অসমকে ধৰি উত্তৰ-পূব ভাৰতবৰ্ষৰ পৰিস্থিতিক সুস্থভাৱে গতিশীলতা দিবলৈ আমি আপোনালৈ আহ্বান জনাই ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ইতি,

প্ৰস্তাৱিত ‘ইউনাইটেড পিপলছ ফ’ৰাম’ৰ হৈ,

(কিৰিপ চলিহা) – প্ৰাক্তন সাংসদ, আহ্বায়ক

(ৰমেশ জৈন) – যুটীয়া আহ্বায়ক

(জেহিৰুল হুছেইন খান) – যুটীয়া আহ্বায়ক

(লক্ষ্মী নন্দী শৰ্মা) – যুটীয়া আহ্বায়ক

(চন্দনা দাস) – যুটীয়া আহ্বায়ক

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd